ভাৰতলৈ আহিব আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই । দুয়োখন দেশে বিভিন্ন মাধ্যমৰ জৰিয়তে এই ঐতিহাসিক চুক্তিক লৈ আলোচনা অব্যাহত ৰাখিছে । তাৰ মাজতে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই ২৩ মে’ত ৪ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব । বাণিজ্য, প্ৰতিৰক্ষা আৰু শক্তি বা ইন্ধনৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ লক্ষ্যৰে বৈদেশিক সচিবগৰাকীয়ে ভাৰত ভ্ৰমণ কৰিব বুলি আশা কৰা হৈছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমেৰিকাৰ বৈদেশিক সচিবগৰাকীৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ হ’ব । এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ কেইবাখনো চহৰলৈ যাব । তাৰ ভিতৰত কলকাতা, আগ্ৰা, জয়পুৰ আৰু নতুন দিল্লী অন্তৰ্ভুক্ত আছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *