লখিমপুৰৰ এটা খেতিয়কৰ পৰিয়ালৰ সন্তানে ভৰি থ’লে এভাৰেষ্টৰ শিখৰত । দুঃসাহসেৰে এভাৰেষ্ট আৰোহণ কৰি গৰ্বিত কৰিলে লখিমপুৰক । গৰ্বিত কৰিলে পিতৃ-মাতৃক । এইগৰাকী যুৱতী হ’ল লখিমপুৰৰ ৰূপামণি গড় । লখিমপুৰ নগৰৰ কিছু নিলগৰ কদম অঞ্চলৰ ন-গাঁও পথাৰ নিবাসী কৃষক জয় সিং গড় আৰু কমলাৱতী গড়ৰ কন্যা ৰূপামণি গড় । কোনোমতে খেতি-বাতি কৰি পৰিয়াল পোহপাল দিয়া জয় সিং গড়ৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান ৰূপামণি ।আইটিবিপিৰ তৰফৰ পৰা এভাৰেষ্ট জয়ৰ এক অভিযানৰ প্ৰস্তুতি কৰা হয় । পৰ্বত আৰোহণকাৰী এই দলটোত অন্তৰ্ভুক্ত হয় ৰূপামণি । মুঠ ১৪ জনীয়া পৰ্বত আৰোহণকাৰী দলটো নেপাল হৈ এভাৰেষ্ট অভিমুখে ৰাওনা হয় । অৱশেষত কষ্ট আৰু সাহসেৰে গৈ শুকুৰবাৰে পুৱা দলটোৱে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰে । দলটোৰ ভিতৰত প্ৰথম এভাৰেষ্টৰ শিখৰত উপনীত হয় ৰূপামণি । এভাৰেষ্টৰ শিখৰত পতাকা জোকাৰি সমগ্ৰ অসমকে গৰ্বিত কৰে ৰূপামণিয়ে । তাৰ পিছত তেওঁলোক বেছ কেম্পলৈ নামি আহে ।
অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰূপা মণিয়ে
