হোৱাট হাউচত অঘটন

হোৱাইট হাউছৰ ওচৰত গুলীচালনা কৰা এজন বন্দুকধাৰীক শনিবাৰে সন্ধিয়া ছিক্ৰেট চাৰ্ভিচৰ বিষয়াসকলে গুলীয়াই হত্যা কৰে ৷ এই গুলীচালনাৰ ঘটনাত এজন সাধাৰণ ব্যক্তিও আহত হয় । আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ যোগাযোগ শাখাৰ মুৰব্বী এণ্টনি গুগ্লিয়েলমিয়ে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছৰ ভিতৰত আছিল আৰু তেওঁ কোনো ধৰণে আঘাতপ্ৰাপ্ত হোৱা নাই । স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাৰ আশে-পাশে হোৱাইট হাউছৰ চৌহদ আৰু আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিঙৰ ওচৰত ১৭ নং ষ্ট্ৰীট আৰু পেনচিলভেনিয়া এভিনিউ এন ডব্লিউৰ ওচৰত গুলীচালনা সংঘটিত হয় ৷ এজন লোকে “বেগৰ পৰা অস্ত্ৰ উলিয়াই গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ৷’’

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *