Dipshikha

3401 Posts
কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা

কঠালৰ মুচি বা কেঁচা কঠাল পুষ্টিগুণেৰে ভৰপূৰ এক উৎকৃষ্ট খাদ্য। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ, ভিটামিন (A, C), পটাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে হজমশক্তি বঢ়োৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে।কঠালৰ মুচিৰ স্বাস্থ্যগত উপকাৰিতা….. হজমশক্তি বৃদ্ধি: মুচিত থকা উচ্চ পৰিমাণৰ আঁহে কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পাচন তন্ত্ৰ শক্তিশালী কৰি তোলে।ওজন নিয়ন্ত্ৰণ: ইয়াত কম কেলৰি থাকে আৰু আঁহ বেছি থকাৰ বাবে সোনকালে পেট ভৰা অনুভৱ হয়, যিয়ে ওজন কম কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎস হোৱাৰ বাবে ই শৰীৰৰ ক্ষতিকাৰক কোষবোৰক প্ৰতিৰোধ কৰি কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে।হাড়ৰ স্বাস্থ্য ৰক্ষা: মুচিত থকা মেগনেছিয়াম আৰু কেলচিয়ামে হাড়…
Read More
পুনৰ জনতাৰ মূৰত মাধমাৰ

পুনৰ জনতাৰ মূৰত মাধমাৰ

এসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ মঙলবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৯০ পইচাকৈ বৃদ্ধি কৰা হয় । চৰকাৰী তেল প্ৰতিষ্ঠানসমূহে পুনৰীক্ষণৰ ওপৰত প্ৰায় চাৰি বছৰীয়া নিষেধাজ্ঞাৰ অন্ত পেলায় এই মূল্যবৃদ্ধি ঘটায় । এই বৃদ্ধিৰ ফলত নতুন দিল্লীত পেট্ৰ’লৰ মূল্য ৯৭.৭৭ টকাৰ পৰা ৯৮.৬৪ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৯০.৬৭ টকাৰ পৰা ৯১.৫৮ টকালৈ বৃদ্ধি পোৱা বুলি উদ্যোগৰ সূত্ৰই প্ৰকাশ কৰিছে ।
Read More
ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ

ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ

এতিয়াৰে পৰা ইংৰাজী মাধ্য়মতো শিক্ষা গ্ৰহণ কৰিব পাৰিব অসমীয়া মাধ্য়মৰ বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা হৈছে এই বিশেষ সুবিধা । অসমীয়া মাধ্য়মৰ হ’লেও ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িব পাৰিব । এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । সোমবাৰে এক জাননী জাৰি কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰে যে বাকী বিষয়সমূহ আন যিকোনো মাধ্যমত পঢ়িলেও সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব । অৱশ্যে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়তখনত থাকিব…
Read More
পুনৰ এক ৰে’ল দুৰ্ঘটনা

পুনৰ এক ৰে’ল দুৰ্ঘটনা

সোমবাৰে নিশা পুনৰ এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ এই ৰে’ল দুৰ্ঘটনাক কেন্দ্ৰ কৰি চাৰিওফালে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক ৷ কিন্তু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২ ঘণ্টাৰ পাছতো উক্ত স্থানত ৰে’ল বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে ৷উত্তৰাখণ্ডৰ ঋষিকেশৰ যোগনগৰী ৰে’ল ষ্টেচনত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটো ৷ ১৯ মে'ৰ পুৱাৰ ভাগত উজ্জয়িনী অভিমুখে যাত্ৰা কৰাৰ কথা আছিল দুৰ্ঘটনাতপতিত ৰে’লখন ।প্ৰত্যক্ষদৰ্শীৰ মতে, ৰে’লখনে হঠাতে গতিবেগ বৃদ্ধি কৰি কিছু দূৰত্বত লাইনচ্যুত হয় ৷ ইয়াৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে ঘটনাৰ ফলত চাৰিওফালে…
Read More
ডালিমৰ উপকাৰীতা

ডালিমৰ উপকাৰীতা

ডালিম এবিধ অতি পুষ্টিকৰ আৰু ঔষধি গুণসমৃদ্ধ ফল, যি হৃদযন্ত্ৰ সুস্থ ৰখা, তেজ বৃদ্ধি কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা আৰু পেটৰ সমস্যা দূৰ কৰাত অসাধাৰণ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে শৰীৰৰ দুৰ্বলতা দূৰ কৰি যৌৱন ধৰি ৰখাত সহায় কৰে।ডালিমৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ’ল:ৰক্তহীনতা দূৰ কৰে: ডালিম ৰক্ত বৃদ্ধিকাৰক। ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ই উত্তম পথ্য আৰু শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা বৃদ্ধি কৰে।হৃদযন্ত্ৰ সুস্থ ৰাখে: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা আৰু হৃদৰোগৰ সম্ভাৱনা কমোৱাত ডালিম অতি উপকাৰী।পাচনতন্ত্ৰ মজবুত কৰে: ডালিমত থকা আঁহে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য, পেটৰ গেছ, আমাশয়,…
Read More
বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ। কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ। বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান। দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ।
Read More
টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী! লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ। নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য। টিনৰ বাকচত পোৱা গ'ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ। হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা গ'ল এটা বেগত। লগে লগে ৰে'লৰ ডবাত হুলস্থুলীয়া পৰিৱেশ। যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাট কৰাৰ চিন স্পষ্ট। বাকচ আৰু বেগটোত তেজৰ দাগ স্পষ্ট। ৰে'লৰ চাফাই কৰ্মচাৰীয়ে বাকচটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্রশাসনক। কোনোৱে হত্যা কৰি যুৱতীগৰাকীক বাকচত ভৰাই উঠাই দিছিল ৰে'লত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰে'ল ষ্টেচনত এই ঘটনা।
Read More
প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ সময়ত প্ৰদান কৰা এই সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ৰে সন্মানিত হোৱাটো কেৱল ব্যক্তিগত স্বীকৃতি নহয় বৰঞ্চ “ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে” আৰু ভাৰত-ছুইডেনৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগোৱা সকলোৰে বাবে এক সন্মান ।
Read More
ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে আটাইকে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ তিৰুৱনন্তপুৰমৰ চেন্ট্ৰেল ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান ।শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে কয়, “পবিত্ৰ দায়িত্ববোধেৰে মই সৰ্বাংগীন শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, সকলো সম্প্ৰদায়ক সন্মান জনোৱা আৰু কেৰালামৰ উন্নয়ন আৰু প্ৰগতিক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”
Read More
জনতাৰ মূৰত পুনৰ মাধমাৰ

জনতাৰ মূৰত পুনৰ মাধমাৰ

প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ মধ্য প্ৰাচ্যৰ সংঘাতৰ ফলত তেল কোম্পানীসমূহ লোকচানৰ মাজেৰে গতি কৰিছে ৷ সমগ্ৰ বিশ্বতে শক্তিৰ মূল্য বৃদ্ধিৰ ফলশ্ৰুতিত ইয়াৰ চাপ গ্ৰাহকৰ ওপৰতো আংশিকভাৱে পেলাবলৈ বাধ্য হৈছে তেল কোম্পানীসমূহ ৷পেট্ৰ’ল-ডিজেলৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত এই নতুন নিৰীখ ১৫ মে’ৰ পৰা কাৰ্যকৰী হ’ব ৷ জানি লওক আপোনাৰ চহৰত পেট্ৰ’ল-ডিজেলৰ দাম কিমান ৷ৰাজধানী দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৭.৭৭ টকা হ’ব ৷ পেট্ৰ’লৰ দাম পূৰ্বৰ ৯৪.৭৭ টকাৰ পৰা 3 টকা বৃদ্ধি পাইছে ৷ আনহাতে ডিজেলৰ মূল্য ৮৭.৬৭ টকাৰ পৰা ৯০.৬৭ টকালৈ বৃদ্ধি পাইছে । শুকুৰবাৰৰ পৰা কাৰ্যকৰী হয় এই সংশোধিত হাৰ । এই বৃদ্ধিয়ে…
Read More