ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ সময়ত প্ৰদান কৰা এই সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ৰে সন্মানিত হোৱাটো কেৱল ব্যক্তিগত স্বীকৃতি নহয় বৰঞ্চ “ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে” আৰু ভাৰত-ছুইডেনৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগোৱা সকলোৰে বাবে এক সন্মান ।
