Dipshikha

3401 Posts
NEET (UG) ২০২৬ ৰ নতুন তাৰিখ ঘোষণা

NEET (UG) ২০২৬ ৰ নতুন তাৰিখ ঘোষণা

দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET (UG) ২০২৬ ৰ নতুন তাৰিখ ঘোষণা । শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰে যে ২০২৬ চনৰ ২১ জুন দেওবাৰে NEET UG 2026 পুনৰ পৰীক্ষা অনুষ্ঠিত হ’ব । এনটিএ (National Testing Agency চমুকৈ NTA)-এ এক্সৰ এটা পোষ্টত এই কথা সদৰী কৰে ৷ NTA-এ কয়, "ভাৰত চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NEET-UG 2026 ৰ পুনৰ পৰীক্ষা ২১ জুন, ২০২৬ দেওবাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক কেৱল NTA-ৰ চৰকাৰী মাধ্যমকহে বিশ্বাস কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।"
Read More
পুনৰ অনুপ্ৰৱেশকাৰীক আটক

পুনৰ অনুপ্ৰৱেশকাৰীক আটক

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত বৃহৎ সফলতা । অসম-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশৰ চেষ্টা কৰা এটা অনুপ্ৰৱেশকাৰী দলক বাধা প্ৰদান অসম আৰক্ষী আৰু বিএছএফৰ দলৰ । লগতে ১২ জনীয়া দলটোক নিজ দেশলৈ ঘূৰাই পঠায় যুটীয়া অভিযানকাৰী দলটোৱে । দলটোত মহিলা আৰু শিশুও আছিল । এই কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
Read More
বেঙেনাৰ উপকাৰীতা

বেঙেনাৰ উপকাৰীতা

বেঙেনাৰ উপকাৰিতা বেঙেনা (Brinjal/Eggplant) এটা পুষ্টিকৰ শাক-পাচলি। ইয়াত ফাইবাৰ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে দেহ সুস্থ ৰাখিবলৈ সহায় কৰে। বেঙেনাৰ উপকাৰিতাহজম শক্তি উন্নত কৰে – বেঙেনাত ফাইবাৰ বেছি থাকি কোষ্ঠকাঠিন্য কমায়। হৃদযন্ত্ৰ সুস্থ ৰাখে – কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰি হৃদৰোগৰ সম্ভাৱনা কমায়। ওজন কমাবলৈ সহায়ক – কেলৰি কম আৰু পেট ভৰাই ৰাখে। ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে – ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। মগজুৰ বাবে উপকাৰী – ইয়াত থকা এন্টিঅক্সিডেন্টে মগজুৰ কোষ সুৰক্ষিত ৰাখে। ত্বক আৰু চুলিৰ বাবে ভাল – ভিটামিন আৰু মিনাৰেলে ত্বক উজ্জ্বল আৰু চুলি মজবুত কৰে। হাড় শক্তিশালী কৰে – কেলচিয়াম আৰু আইৰণে হাড়ৰ স্বাস্থ্য উন্নত…
Read More
বিপদে লগ এৰা নাই পৱন খেড়াক

বিপদে লগ এৰা নাই পৱন খেড়াক

প্ৰায় ১২ ঘন্টা জেৰাৰ অন্তত বুধবাৰে যাবলৈ দিয়া হ'ল জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াক । বৃহস্পতিবাৰে পুনৰ ৯:৩০ অপৰাধ শাখাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হয় খেড়াক । মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰৰ ভিত্তিত বুধবাৰে পুৱাই অপৰাধ শাখাত হাজিৰ হৈছিল কংগ্ৰেছ নেতা পৱন খেড়া । বুধবাৰে তেওঁ অপৰাধ শাখাৰ জেৰাৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কয়, ‘‘পুৱা ৯:৩০ বজাত হাজিৰ হ'বলৈ দিছে । মই ৯:৩০ বজাত আহি উপস্থিত হ'ম । সম্পূৰ্ণৰূপে সহযোগিতা কৰাটো আমাৰ কৰ্তব্য । আমি সকলোৱে আইনক সহযোগিতা কৰিম ।’’ ইফালে ইমান সময় ধৰি জেৰা কৰিলে তাক লৈ কি ক'ব বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকে…
Read More
পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাব মোদী

পুনৰ বিদেশ ভ্ৰমণৰ বাবে যাব মোদী

১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।১৫ ৰ পৰা ২০ মে’লৈ সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ইউৰোপৰ চাৰিখন দেশ নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালীক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ১৫ মে’ত সংযুক্ত আৰৱ আমিৰশ্বাহীত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক, শক্তি সহযোগিতা আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । ভাৰত আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত এক ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, তাত ৪৫ লাখতকৈ অধিক ভাৰতীয় লোকে বাস কৰে । তাৰ পাছতেই প্ৰধানমন্ত্ৰী উপস্থিত হ’ব নেদাৰলেণ্ডত । ইয়াত বাণিজ্য, বিনিয়োগ, সেউজ প্ৰযুক্তি আৰু…
Read More
অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম

অৱশেষত ঘোষণা হ’ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম

অৱশেষত ঘোষণা হ'ল কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম । জ্যেষ্ঠ নেতা ভিডি সতীশনে আগন্তুক ৫ বছৰৰ বাবে ৰাজ্যখনক নেতৃত্ব দিব ।বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ১১ দিনৰ অন্তত কংগ্ৰেছে আনুষ্ঠানিকভাৱে বিৰোধী দলৰ নেতা ভিডি সতীশনক কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে । বিগত ৫ বছৰত ইউডিএফক এক আকৰ্ষণীয় বিজয়ৰ দিশত আগুৱাই লৈ যোৱা সতীশনে অহা ৫ বছৰলৈ ৰাজ্যখনক নেতৃত্ব দিব । দিনৰ ১২ বজাত এআইচিচিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এই কথা ঘোষণা কৰে ।
Read More
এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী

এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী

এইবাৰ অধিবক্তাৰ ৰূপত মমতা বেনাৰ্জী । অধিবক্তা শিৰ্ষেণ্য বেনাৰ্জীয়ে তৃণমূলৰ হৈ দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰত তেওঁ দলটোক প্ৰতিনিধিত্ব কৰি উচ্চ ন্যায়ালয়ত যুক্তি আগবঢ়ায় ।উল্লেখ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত দলৰ কাৰ্যালয়ত আক্ৰমণ আৰু কৰ্মীসকলৰ ওপৰত হিংসাৰ অভিযোগ উত্থাপন কৰি অধিবক্তা শিৰ্ষেণ্য বেনাৰ্জীয়ে তৃণমূলৰ হৈ দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰত তেওঁ দলটোক প্ৰতিনিধিত্ব কৰি উচ্চ ন্যায়ালয়ত যুক্তি আগবঢ়ায় ।
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত

মুখ্যমন্ত্ৰীৰূপে দ্বিতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত বুধবাৰে প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীত থকা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰত উপস্থিত হয় হিমন্ত বিশ্ব শৰ্মা । চাৰিগৰাকী মন্ত্ৰীক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়…অসম-অসমীয়া আৰু ভাৰতীয় যাতে অসমৰ চাৰিসীমাৰ ভিতৰত সদায় সুৰক্ষিত হৈ থাকিব পাৰে আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেইটো হৈছে আমাৰ দায়িত্ব ।’’ -মুখ্যমন্ত্ৰী ৷
Read More
বৃদ্ধি পাব সোণৰ মূল্য

বৃদ্ধি পাব সোণৰ মূল্য

পশ্চিম এছিয়াৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনোৱাৰ দুদিন পাছতেই মঙলবাৰে চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেন্দ্ৰীয় চৰকাৰে সোণ, ৰূপ, আৰু অন্যান্য বহুমূলীয়া ধাতুৰ ওপৰত আমদানি শুল্ক দুগুণতকৈও অধিক অৰ্থাৎ ৬ শতাংশৰ পৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিছে ৷বিত্ত মন্ত্ৰালয়ে মঙলবাৰে অধিসূচনা জাৰি কৰি কয় যে ১৩ মে’ৰ পৰা এই হাৰ কাৰ্যকৰী হৈছে ৷ ফলস্বৰূপে অনাগত দিনত সোণ-ৰূপৰ দাম অধিক হ’ব পাৰে ৷
Read More
উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়

উপদেশতকৈ আৰ্হি শ্ৰেয়, ইন্ধন ৰাহিৰ উদ্দেশ্যে নিজৰ কনভয় সীমিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। চৰকাৰী সূত্ৰৰ পৰা শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে পেট্ৰ’পণ্যৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে তেওঁৰ কনভয়ত গাড়ীৰ সংখ্য়া হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ৷হায়দৰাবাদত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক আহ্বান জনোৱাৰ পাছতেই গুজৰাট আৰু অসমত তেওঁৰ কনভয়ৰ আকাৰ হ্ৰাস পায় । প্ৰধানমন্ত্ৰী মোদীয়ে নতুনকৈ ক্ৰয় নকৰাকৈয়ে যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কনভয়ত ইলেক্ট্ৰিক বাহন অন্তৰ্ভুক্ত কৰিবলৈও অনুৰোধ জনাইছে ৷
Read More