অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত বৃহৎ সফলতা । অসম-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি অসমত প্ৰৱেশৰ চেষ্টা কৰা এটা অনুপ্ৰৱেশকাৰী দলক বাধা প্ৰদান অসম আৰক্ষী আৰু বিএছএফৰ দলৰ । লগতে ১২ জনীয়া দলটোক নিজ দেশলৈ ঘূৰাই পঠায় যুটীয়া অভিযানকাৰী দলটোৱে । দলটোত মহিলা আৰু শিশুও আছিল । এই কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
