বিপদে লগ এৰা নাই পৱন খেড়াক

প্ৰায় ১২ ঘন্টা জেৰাৰ অন্তত বুধবাৰে যাবলৈ দিয়া হ’ল জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেড়াক । বৃহস্পতিবাৰে পুনৰ ৯:৩০ অপৰাধ শাখাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয় খেড়াক । মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰৰ ভিত্তিত বুধবাৰে পুৱাই অপৰাধ শাখাত হাজিৰ হৈছিল কংগ্ৰেছ নেতা পৱন খেড়া ।

বুধবাৰে তেওঁ অপৰাধ শাখাৰ জেৰাৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত কয়, ‘‘পুৱা ৯:৩০ বজাত হাজিৰ হ’বলৈ দিছে । মই ৯:৩০ বজাত আহি উপস্থিত হ’ম । সম্পূৰ্ণৰূপে সহযোগিতা কৰাটো আমাৰ কৰ্তব্য । আমি সকলোৱে আইনক সহযোগিতা কৰিম ।’’ ইফালে ইমান সময় ধৰি জেৰা কৰিলে তাক লৈ কি ক’ব বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *