ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ

এতিয়াৰে পৰা ইংৰাজী মাধ্য়মতো শিক্ষা গ্ৰহণ কৰিব পাৰিব অসমীয়া মাধ্য়মৰ বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা হৈছে এই বিশেষ সুবিধা । অসমীয়া মাধ্য়মৰ হ’লেও ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িব পাৰিব ।

এই কথা সদৰী কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । সোমবাৰে এক জাননী জাৰি কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰে যে বাকী বিষয়সমূহ আন যিকোনো মাধ্যমত পঢ়িলেও সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ বাবে কোনো বাধা নাথাকিব । অৱশ্যে সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াৰ সুবিধা সংশ্লিষ্ট বিদ্যালয়তখনত থাকিব লাগিব বুলি জাননীখনত স্পষ্ট কৰি দিয়া হৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *