এক ভয়ংকৰ ঘটনা

শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰিল এখন নিৰ্মীয়মান দলং ৷ এই দুৰ্ঘটনাৰ ফলত ৬ জন শ্ৰমিক থিতাতে নিহত হয় ৷ ইয়াৰ বিপৰীতে আন কেইবাজনো শ্ৰমিক নিৰ্মীয়মান দলংখনৰ ভংগুৰৰ মাজত আবদ্ধ হৈ পৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু খবৰ দিয়ে স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দলক ৷

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে উক্ত স্থানত স্থানীয় আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ।নিৰ্মীয়মান দলঙৰ তলত ৰৈ আছিল কাল ! দলঙৰ তলত শুই থাকোতেই যমে নিলে কেবাজনো শ্ৰমিকৰ প্ৰাণ ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিহত-আহত শ্ৰমিক তথা আত্মীয়লৈ সাহাৰ্য প্ৰদানৰ ঘোষণা কৰিছে ৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *