এক ভয়ংকৰ প্ৰতিবাদ

কো-অপাৰেটিভ ছচাইটিত কষ্টোপাৰ্জিত ধন জমা ৰাখি এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ শ গ্ৰাহকে । উপায়ন্তৰ একাংশ গ্ৰাহকে নিজৰ প্ৰাপ্য টকা বিচাৰি কো-অপাৰেটিভ ছচাইটিৰ সভাপতি-সম্পাদকৰ বাসগৃহত দলবদ্ধ আক্ৰমণ কৰি সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত সাধাৰণ গ্ৰাহকৰ ধন হৰলুকি কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা থানাৰ অন্তৰ্গত থাইকাঝৰা গাঁৱৰ থাইকাঝৰা কো-অপাৰেটিভ ছচাইটি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।পৰৱৰ্তী সময়ত ছচাইটিৰ অন্যান্য কৰ্মচাৰীৰ পৰা পোহৰলৈ আহে এক বিস্ফোৰক তথ্য।অভিযোগ অনুসৰি, এজেণ্ট গৌতমী বসুমতাৰীয়ে গ্ৰাহকসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল ঠিকেই, কিন্তু সেই সংগ্ৰহ কৰা ধনৰ মাত্ৰ আধা অংশহে ছচাইটিৰ কাৰ্যালয়ত জমা কৰিছিল। বাকী আধা ধন নিজৰ হাততে ৰাখিছিল এজেণ্টগৰাকীয়ে।এই খেলিমেলি ধৰা পৰাৰ পিছত ছচাইটিৰ সভাপতি আৰু সম্পাদকে গৌতমী বসুমতাৰীক সংগ্ৰহ কৰা সম্পূৰ্ণ ধন কাৰ্যালয়ত জমা দিবলৈ কঠোৰ নিৰ্দেশ দিছিল।

কিন্তু ধন জমা দিয়াৰ বিপৰীতে ‘আজি দিম, কালি দিম’ বুলি অজুহাত দেখুৱাই অৱশেষত ৫৯ লাখ টকাৰ বিশাল কেলেংকাৰী সংঘটিত কৰি সম্পূৰ্ণৰূপে আত্মগোপন কৰে এজেণ্ট গৌতমী বসুমতাৰীয়ে।”ক্ষুব্ধ ৰাইজে এফালৰ পৰা ভাঙি লণ্ডভণ্ড কৰে সভাপতি আৰু সম্পাদকৰ ঘৰৰ সমস্ত আচবাব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *