নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ । মমতা বেনাৰ্জীয়ে চৰকাৰক দিলে আন এক প্ৰত্যাহ্বান ।
কিয়নো শেহতীয়াকৈ সোণাৰপুৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ৰাইজৰ ৰোষত পৰে । নিৰ্বাচনী হিংসাৰ বলি হোৱা তৃণমূল কৰ্মীৰ ঘৰলৈ যোৱাৰ সময়তে সাংসদগৰাকীক একাংশ লোকে আক্ৰমণ কৰে । ইফালে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীকো হুগলী জিলাৰ চণ্ডীপুৰ অঞ্চলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । য’ত সাংসদগৰাকী আহত হয় ।এই ঘটনাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী ক্ষুব্ধ হৈ পৰিছে । দলৰ নেতা-কৰ্মীৰ ওপৰত চলোৱা কথিত আক্ৰমণৰ বিৰুদ্ধে টিএমচিয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে । সোমবাৰে মমতা বেনাৰ্জীয়ে কয় যে আৰক্ষীয়ে অনুমতি নিদিলেও দলৰ নেতা-কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ আৰু ৰে’লৱেৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ উচ্ছেদৰ বিৰুদ্ধে দলটোৱে পূৰ্বে নিৰ্ধাৰিত প্ৰতিবাদ অব্যাহত ৰাখিব ।
নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ
