24
Apr
নেচলে ইণ্ডিয়াই দায়িত্বশীল আৰু বিশ্বাসযোগ্য উৎসৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি গৰুৰ গোবৰক নিষ্কাষণ কৰি জৈৱ গেছলৈ ৰূপান্তৰিত কৰি দুগ্ধ পামৰ পৰা নিৰ্গমন হ্ৰাস কৰাৰ বাবে ‘বায়’ডাইজেষ্টাৰ প্ৰকল্প’ৰ ৰূপায়ণ কৰিছে। গেছলৈ ৰূপান্তৰৰ পিছত বাকী থকা গোবৰখিনি প্ৰাকৃতিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়, যিয়ে কৃষিভূমিত পুনৰুত্পাদনশীল কৃষি পদ্ধতিত অৰিহণা যোগায়। এই পদক্ষেপৰ অংশ হিচাপে নেচলে ইণ্ডিয়াই সমগ্ৰ পঞ্জাৱ আৰু হাৰিয়ানাৰ ২৪খন জিলাত প্ৰায় ৭০টা বৃহৎ বায়’ডাইজেষ্টাৰ আৰু ৩,০০০ৰো অধিক ক্ষুদ্ৰ বায়’ডাইজেষ্টাৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াইছে। ভাৰতৰ ক্ষুদ্ৰ দুগ্ধ পামবোৰে জৈৱ ডাইজেষ্টাৰ ব্যৱহাৰ কৰি এক নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে জৈৱ গেছক গুৰুত্ব প্ৰদানেৰে জিএইচজি নিৰ্গমন হ্ৰাস কৰিছে। গোবৰৰ এই জৈৱসাৰ ব্যৱহাৰৰ ফলত মাইক্ৰ'বিয়েল…
