বিপদত মমতা বেনাৰ্জী! প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অভিষেক বেনাৰ্জীলৈ জাৰি আদালতৰ জাননী

ক্ষমতাৰ গাদী হেৰুওৱাৰ পিছতে বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ। তৃণমূল কংগ্ৰেছত অব্যাহত থকা দলত্যাগৰ জোৱাৰৰ মাজতে এইবাৰ পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীলৈ জাননী জাৰি কৰাৰ নিৰ্দেশ দিলে কলকাতা উচ্চ ন্যায়ালয়ে। যোৱা বৰ্ষৰ ২১ জুলাইৰ শ্বহীদ দিৱসৰ সমাৱেশৰ সময়ত কলকাতাৰ একাধিক মুখ্য পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰাৰ অভিযোগৰ ভিত্তিত এই নিৰ্দেশ জাৰি কৰা হৈছে।

শুকুৰবাৰে আদালত অৱমাননা সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে ন্যায়াধীশ অৰিজিত বেনাৰ্জী আৰু ন্যায়াধীশ অপূৰ্ব সিংহ ৰায়ৰ খণ্ড বিচাৰপীঠে। শ্ৰীকান্ত দত্ত নামৰ এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতে বিষয়টো বিবেচনা কৰে।

আবেদনকাৰীৰ অভিযোগ অনুসৰি, ২০২৫ চনৰ ২১ জুলাই ধৰ্মতলাত আয়োজিত তৃণমূল কংগ্ৰেছৰ বৃহৎ সমাৱেশৰ ফলত কলকাতাৰ একাধিক মুখ্য আৰু সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। আবেদনকাৰীৰ মতে, সমাৱেশৰ সময়ত কলকাতাৰ একাধিক মুখ্য পথ সম্পূৰ্ণৰূপে অৱৰোধ হৈ পৰিছিল। ইয়াৰ ফলত সাধাৰণ জনতাৰ চলাচল ব্যাহত হোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাও মানি চলা হোৱা নাছিল।

এই অভিযোগৰ প্ৰেক্ষাপটত অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জী আৰু দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীলৈ জাননী প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে আদালতে। গোচৰটোৰ পৰৱৰ্তী শুনানি ৩ জুলাইত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, ২০১৮ চনত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ ৰায়দান কৰি কলকাতা উচ্চ ন্যায়ালয়ে স্পষ্টভাৱে নিৰ্দেশ দিছিল যে, ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত হ’লেও মুখ্য পথৰ এটা অংশ চলাচলৰ বাবে মুকলি ৰাখিব লাগিব। জৰুৰীকালীন সেৱাৰ বাহন আৰু সাধাৰণ পথচাৰীৰ যাতায়াত যাতে ব্যাহত নহয়, সেই বিষয়টো নিশ্চিত কৰাৰ কথাও আদালতে উল্লেখ কৰিছিল।

আবেদনকাৰীৰ অভিযোগ মতে, যোৱা বৰ্ষৰ ২১ জুলাইৰ সমাৱেশত সেই নিৰ্দেশনা মানি চলা হোৱা নাছিল। সেই অভিযোগৰ ভিত্তিতেই আদালত অৱমাননাৰ গোচৰ দাখিল কৰা হয়।

উল্লেখ্য যে, ১৯৯৩ চনত মহাকৰণ অভিযান চলাকালত আৰক্ষীৰ গুলীত ১৩ জন যুৱ কংগ্ৰেছ কৰ্মী নিহত হৈছিল। সেই ঘটনাৰ স্মৃতিত তৃণমূল কংগ্ৰেছে প্ৰতি বছৰে ২১ জুলাই শ্বহীদ দিৱস পালন কৰি আহিছে। দলটোৰ অন্যতম বৃহৎ ৰাজনৈতিক কাৰ্যসূচী হিচাপে পৰিচিত এই সমাৱেশ প্ৰতি বছৰে কলকাতাৰ ধৰ্মতলাত অনুষ্ঠিত হয়।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *