অসমৰ ১৫গৰাকী মহিলা নেত্ৰীক অপ্ৰাভ এনাৰ্জী আৰু চিআইআই ফাউণ্ডেচনৰ সম্বৰ্ধনা

অপ্ৰাভ এনাৰ্জীয়ে ভাৰতৰ এক আগশাৰীৰ অ-লাভজনক সংস্থা চিআইআই ফাউণ্ডেচনৰ সৈতে সহযোগিতা কৰি অসমৰ সমাজ পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদান কৰা ১৫গৰাকী মহিলাক সন্মানিত কৰে। আপ্ৰাভ এনাৰ্জীৰ সহায়ক সংস্থা আপ্ৰাভ স্মাৰ্ট মিটাৰ প্ৰাইভেট লিমিটেডৰ ‘এম্পাৱাৰিং চেম্পিয়ন অৱ চেঞ্জ’ পদক্ষেপৰ অধীনত অসমৰ পিছপৰা সম্প্ৰদায়ৰ ১০০০ৰো অধিক মহিলাক আগুৱাই যোৱাৰ সুবিধা প্ৰদান কৰা হৈছে।

এপিডিচিএলৰ বঙাইগাঁও জ’ন(কোকৰাঝাৰ ইচি, বৰপেটা ইচি আৰু বঙাইগাঁও ইচি)ৰ জেনেৰেল মেনেজাৰ বিজয়া বড়ো, কোকৰাঝাৰ ইচিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰুবুল নাথ আৰু আপ্ৰাভ এনাৰ্জীৰ প্ৰতিনিধিসকলৰ সৈতে মহিলা নেত্ৰীসকলক এই সন্মান প্ৰদান কৰে। বিজয়া বড়োৱে অনুষ্ঠানটোত সন্মানিত কৰা ১৫ গৰাকী মহিলা চেম্পিয়নক অভিনন্দন জনাই কয় যে, “সমাজৰ বাবে পৰিৱৰ্তনৰ অনুঘটক হৈ বহুজনক অনুপ্ৰেৰণা আৰু ইতিবাচক প্ৰেৰণা যোগোৱাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো।”

গোলাঘাট, যোৰহাট, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰা মানকাচাৰসহ মুঠ আঠখন জিলাৰ সাহসী মহিলাসকলে গাৰ্হস্থ্য হিংসা, জীৱিকা আৰু প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ দৰে সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি আছে। এইসকল মহিলাই নেতৃত্ব প্ৰদানৰ দক্ষতা বৃদ্ধি আৰু আৰ্থ-সামাজিক অসমতা দূৰ কৰাৰ বাবে সামূহিক প্ৰকল্পৰ নেতৃত্ব দিয়াৰ বাবে প্ৰশিক্ষণ লাভ কৰিব। আগন্তুক বছৰত অসমৰ পিছপৰা অঞ্চলৰ বিভিন্ন মহিলাৰ ১৫,০০০ৰো অধিক মহিলাক প্ৰভাৱিত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে।”এই প্ৰচেষ্টালৈ সমৰ্থন আগবঢ়োৱাৰ বাবে আমি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) আৰু চিআইআইক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো”-নিজৰ অভিমত ব্যক্ত কৰি এইদৰে কয় অপ্ৰাভ এনাৰ্জীৰ এএমআইৰ জ্যেষ্ঠ উপাধ্যক্ষ ৰাজীৱ কুমাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *