তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ

বাৰিষাৰ প্ৰতিকূল বতৰৰ মাজতে বজ্ৰ পৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ তলত বহাৰ সময়তে বজ্ৰ পৰি অচেতন হৈ পৰে ছাত্ৰীগৰাকী। তিতাবৰৰ বেবেজীয়া গাঁও পঞ্চায়তৰ অধীনস্থ ৩ নং ৱাৰ্ডৰ দেউঘৰীয়া গ্ৰাণ্টত সংঘটিত এই শোকাবহ ঘটনাত মৃত্যুক সাৱটে প্ৰিয়াংকী গগৈ নামৰ ছাত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, গছৰ তলত বহি থকাৰ সময়তে বজ্ৰ পৰি হঠাৎ অচেতন হৈ পৰে ছাত্ৰীগৰাকী। ইয়াৰ পাছতে কিশোৰীগৰাকীক পৰিয়াল আৰু স্থানীয় ৰাইজে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে, তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত আছিল প্ৰিয়াংকী গগৈ। অহা ২২ জুনৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল মূল্যাংকণ পৰীক্ষা। কিন্তু তাৰ পূৰ্বেই ছাত্ৰীগৰাকীৰ এনে আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলজুৰি শোকৰ পৰিৱেশৰ সৃষ্টি হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *