জাপানত নিছানে মুকলি কৰিলে সম্পূৰ্ণ ছলিড অৱস্থাৰ বেটাৰী পাইলট লাইন

নিছানে জাপানৰ কানাগাৱা প্ৰিফেকচাৰৰ য়োকোহামা প্লাণ্টত নিৰ্মাণৰত থকা  সম্পূৰ্ণ ছলিড অৱস্থাৰ বেটাৰীৰ শেহতীয়া সূচী সংবাদ মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰিলে। বেটাৰীৰ শেহতীয়া প্ৰযুক্তিৰ অগ্ৰগতি আৰু উদ্ভাৱনীমূলক উৎপাদন প্ৰযুক্তিৰ প্ৰসাৰ কৰাই হৈছে এই পাইলট লাইনৰ লক্ষ্য।

নিছানে মলিকিউলাৰ লেভেল(আণৱিক স্তৰ)ৰ বেটাৰী সামগ্ৰী, বৈদ্যুতিক বাহনৰ বিকাশ, ইভি বাহনক ষ্ট’ৰেজ বেটাৰী হিচাপে ব্যৱহাৰ কৰি চহৰৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন আগবঢ়াই নতুন ৰূপ দিয়াৰ প্ৰয়াস কৰিছে। এই অভিজ্ঞতা ব্যৱহাৰ কৰি নিছানে ব্যৱহাৰিক ৰূপায়ণৰ লক্ষ্যৰে নিজৰ অগ্ৰগতিও অব্যাহত ৰাখিছে। সম্পূৰ্ণ কঠিন অৱস্থাৰ বেটাৰী হৈছে বৰ্তমানৰ প্ৰচলিত লিথিয়াম-আয়ন বেটাৰীৰ দুগুণ শক্তি ঘনত্ব প্ৰদানৰ লগতে অধিক চাৰ্জ আৰু ডিচাৰ্জ কাৰ্য্যক্ষমতাৰ বাবে চাৰ্জিং সময় যথেষ্ট কম লয় আৰু কম খৰচতে সামগ্ৰী উপলব্ধ হ’ব।

নিছানে পিকআপ ট্ৰাককে ধৰি বহুতো বাহন খণ্ডত অল-ছলিড-ষ্টেট বেটাৰী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত নিজৰৰ ইভি বাহনসমূহ অধিক প্ৰতিযোগিতামূলক হ’ব। নিছান এম্বিচন ২০৩০ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ অধীনত নিছানে ২০২৮ বিত্তীয় বৰ্ষৰ ভিতৰত বেটাৰীৰে সজ্জিত ইভি মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *