20
May
প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিলে আৰ্চেনাল এফ চিয়ে। দলটোৱে ২২ বছৰৰ পিছত এই খিতাপটো দখল কৰিছে, যাৰ ফলত এই কৃতিত্ব অত্যন্ত বিশেষ হৈ পৰিছে। দলটোৱে শেষবাৰৰ বাবে ২০০৪ চনত এই ট্ৰফী উত্তোলন কৰিছিল।ইংলেণ্ডৰ বৰ্ণমাউথৰ ভিটালিটি ষ্টেডিয়ামত মঙলবাৰে নিশা ডিফেণ্ডিং চেম্পিয়ন মানচেষ্টাৰ চিটি এফ চিৰ বিৰুদ্ধে এ এফ চি বৰ্ণমাউথৰ বিৰুদ্ধে ১-১ গ’লত ড্র’ হয়। পেপ গুৱাৰ্ডিঅ’লাৰ দলটোক খিতাপৰ দৌৰত থাকিবলৈ যিকোনো মূল্যতে জয়ৰ প্ৰয়োজন আছিল যদিও বৰ্ণমাউথৰ আকৰ্ষণীয় প্ৰদৰ্শনে তেওঁলোকৰ আশাক ম্লান কৰি পেলালে। খেলখনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৩৯ মিনিটত ১৯ বছৰীয়া ফ্ৰান্সৰ এলি জুনিয়ৰ ক্ৰুপিয়ে বৰ্ণমাউথক এক সুন্দৰ গ’ল দি অগ্ৰগতি প্ৰদান কৰে। আৰ্লিং হালেণ্ডৰ সমতা স্থাপনৰ ফলত চিটিৰ প্ৰত্যাৱৰ্তনৰ…
