ইতিহাস সৃষ্টিৰে প্ৰথমবাৰলৈ বিশ্বকাপৰ ৰাউণ্ড ১৬ত কানাডা

ফিফা বিশ্বকাপ ২০২৬-ৰ ৰাউণ্ড অৱ ৩২ ৰ প্ৰথমখন খেলত কানাডাই উৎকৃষ্ট প্ৰদৰ্শন কৰি দক্ষিণ আফ্ৰিকাক ১-০ ব্যৱধানত পৰাস্ত কৰে। লছ এঞ্জেলছ ষ্টেডিয়ামত লাভ কৰা এই বিজয়ৰ সৈতে কানাডাই ইতিহাস ৰচনা কৰিলে। দলটোৱে বিশ্বকাপত প্ৰথমবাৰৰ বাবে অন্তিম ১৬ ত নিজৰ স্থান নিশ্চিত কৰিছে।খেলখনৰ আৰম্ভণিৰে পৰাই দক্ষিণ আফ্ৰিকাক কানাডাৰ ওপৰত আক্ৰমণাত্মক ৰূপত দেখা গৈছিল আৰু দলে একেৰাহে আক্ৰমণাত্মক খেলৰ জৰিয়তে কানাডাৰ ডিফেন্সৰ ওপৰত চাপ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল। দক্ষিণ আফ্ৰিকাৰ ফালৰ পৰা কিছু সুন্দৰ মুভ দেখিবলৈ পোৱা গৈছিল যদিও দলে সেইবোৰক গ’ললৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। আনহাতে, প্ৰথম হাফৰ অন্তিম মিনিটত কানাডাৰ হাতলৈ গ’ল কৰাৰ দুটাকৈ সুন্দৰ সুযোগ আহিছিল, কিন্তু দলে এই সুযোগৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰিলে।

মোইজ বম্বিটোৰ এক সুন্দৰ হেডাৰ দক্ষিণ আফ্ৰিকাৰ ডিফ্ৰেণ্ডাৰ অব্ৰে মডিবাই গোললাইনৰ ওচৰৰ পৰা ক্লিয়াৰ কৰে, আনহাতে তাজোন বুকাননৰ এক উৎকৃষ্ট শ্বট গ’লকীপাৰ ৰনৱেন উইলিয়ামছে সফলতাৰে ৰক্ষা কৰে। প্ৰথম হাফত কোনো এটা দলেই গ’ল কৰিব নোৱাৰিলে। দ্বিতীয় হাফত দক্ষিণ আফ্ৰিকাৰ তুলনাত কানাডাৰ দলটোক অধিক আক্ৰমণাত্মক শৈলীত খেলা দেখা যায়। কানাডাই দক্ষিণ আফ্ৰিকাৰ গ’ল পোষ্টলৈ এটাৰ পিছত এটা আক্ৰমণ চলালে। অৱশ্যে দক্ষিণ আফ্ৰিকাৰ শক্তিশালী ডিফেন্সে কানাডাক অগ্ৰগতি ল’বলৈ নিদিলে। খেলৰ ৭৫ সংখ্যক মিনিটত কানাডাই এক ডাঙৰ কৌশল অৱলম্বন কৰি তাৰকা খেলুৱৈ আলফনছো ডেভিছক পথাৰলৈ নমাই দিয়ে।

ডেভিছে পথাৰত প্ৰৱেশ কৰিয়েই নিজৰ দ্ৰুত গতি আৰু উৎকৃষ্ট ড্ৰিবলিঙৰ সহায়ত দক্ষিণ আফ্ৰিকাৰ ডিফেন্সৰ ওপৰত চাপ সৃষ্টি কৰে। খেলখন অতিৰিক্ত সময়ৰ দিশলৈ গতি কৰা যেন লাগিছিল, কিন্তু তেতিয়াই ইঞ্জুৰী টাইমৰ দ্বিতীয় মিনিটত কানাডাৰ অধিনায়ক ষ্টিফেন ইউষ্টাকিঅ’ই বক্সৰ বাহিৰৰ পৰা এটা অনবদ্য শ্বট মাৰে, যিটো পোনপটীয়াকৈ গ’ল পোষ্টত প্ৰৱেশ কৰে। ষ্টিফেনৰ এই গ’লটোৱেই নিৰ্ণায়ক প্ৰমাণিত হয় আৰু তেওঁ সহ-আয়োজক দেশৰ অনুৰাগীসকলক উল্লাস কৰাৰ সুযোগ দিয়ে। ৰাউণ্ড অৱ ৩২ ৰ পিছত কানাডাই প্ৰথমবাৰৰ বাবে অন্তিম ১৬ ত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ১৯৮৬ আৰু ২০২২ চনত কানাডাই বিশ্বকাপ খেলিছিল, কিন্তু দুয়োবাৰতে দলটোৰ যাত্ৰা গ্ৰুপ পৰ্যায়তে সমাপ্ত হৈছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *