​উছমান ডেম্বেলেৰ হেট্ৰিক গ’লৰ সহায়ত নৰৱেৰ বিৰুদ্ধে ফ্ৰান্সৰ জয়

 ষ্ট্ৰাইকাৰ উছমান ডেম্বেলেই প্ৰথম অৰ্ধতে হেট্ৰিক অৰ্জন কৰে, যাৰ সহায়ত ফ্ৰান্সে বিশ্বকাপ ফুটবলৰ গ্ৰুপ ‘আই’ ত নৰৱেক ৪-১ ব্যৱধানত পৰাজিত কৰি নিজৰ বিজয় যাত্ৰা অব্যাহত ৰাখিছে। ​ডেম্বেলেই সপ্তম, ২০ সংখ্যক আৰু ৩২ সংখ্যক মিনিটত গ’ল কৰে। তেওঁৰ এটা গ’লত কিলিয়ান এমবাপ্পেই সহায় কৰিছিল। বিশ্বকাপৰ যোৱা ৩২ বছৰৰ ভিতৰত এয়া প্ৰথমটো ঘটনা য’ত কোনো এজন খেলুৱৈয়ে প্ৰথম অৰ্ধতে হেট্ৰিক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১৯৯৪ চনত আমেৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত ৰাছিয়াৰ ফৰৱাৰ্ড ওলেগ ছালেঙ্কোৱে কেমেৰুণৰ বিৰুদ্ধে কৰা নিজৰ পাঁচটা গ’লৰ ভিতৰত তিনিটা গ’ল প্ৰাৰম্ভিক ৪৫ মিনিটতে কৰিছিল। এইদৰে ডেম্বেলে লিয়নেল মেছি আৰু নিজৰ সতীৰ্থ এমবাপ্পেৰ সৈতে ‘গ’ল্ডেন বুট’ৰ দৌৰত চামিল হৈ পৰিছে। ডেম্বেলেই কয়-এইয়া এক অনন্য মুহূৰ্ত।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে আমি গ্ৰুপ পৰ্যায়ত প্ৰথম স্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছোঁ। এতিয়া আমাৰ মনোযোগ পৰৱৰ্তী মেচখনৰ ওপৰত আছে, যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ। ফ্ৰান্স আৰু নৰৱেই ইতিমধ্যে নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছিল আৰু এই মেচখনেৰে গ্ৰুপৰ শীৰ্ষত কোনটো দল থাকিব, তাৰ সিদ্ধান্ত হ’বলগীয়া আছিল। ফ্ৰান্সৰ দলে খেলখনত নিজৰ আধিপত্য বজাই ৰাখে। দলটোৰ হৈ চতুৰ্থটো গ’ল দ্বিতীয় অৰ্ধৰ ইঞ্জুৰী টাইমত ডেচিৰে ড’ৱে কৰে। নৰৱেৰ হৈ একমাত্ৰ গ’লটো থেল’ আছগাৰ্ডে ২১ সংখ্যক মিনিটত কৰে। ফ্ৰান্সে তিনিখন মেচত মুঠ ১০ টা গ’ল কৰিছে। ডেম্বেলেই কয়-আমি আমাৰ আটাইকেইখন মেচতে জিকিব বিচাৰোঁ, কিন্তু আমি নিজৰ মনোযোগ কেন্দ্ৰীভূত কৰি ৰাখিম।

যোৱা বছৰ ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ‘বেলন ডি অ’ৰ’ লাভ কৰা আৰু এইবাৰৰ বিশ্বকাপত ইতিমধ্যে চাৰিটা গ’ল কৰা ডেম্বেলে ৬৫ সংখ্যক মিনিটত খেলপথাৰৰ পৰা বাহিৰলৈ যায়। তেওঁৰ ঠাইত ব্ৰেডলী বাৰকোলা খেলপথাৰত নামে। ডেম্বেলেৰ দ্বিতীয়টো গ’লৰ পিছত, খেলখন পুনৰ আৰম্ভ হোৱাৰ মাত্ৰ ১৪ ছেকেণ্ডৰ পাছতে আছগাৰ্ডে গ’ল দি নৰৱেক কিছু সকাহ দিয়ে। কিন্তু ডেম্বেলেই ৯ মিনিটতকৈও কম সময়ৰ ভিতৰত নিজৰ তৃতীয়টো গ’ল কৰি ফ্ৰান্সক পুনৰ দুটা গ’লৰ অগ্ৰগতি আনি দিয়ে।এমবাপ্পেই এইখন মেচত গ’ল কৰিব নোৱাৰিলে। তেওঁ চেনেগাল আৰু ইৰাকৰ বিৰুদ্ধে ফ্ৰান্সৰ বিজয়ত দুটাকৈ গ’ল কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *