উত্তৰ-পূৱ

আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং জিলাৰ নামপুং আৰক্ষী থানাৰ অন্তৰ্গত লংভিত অৱস্থিত আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ এটা দলে নিশা আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩:১৫ বজাত আছাম ৰাইফলছৰ শিবিৰটোক লক্ষ্য কৰি প্ৰথমে কেইবাটাও বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে বিদ্ৰোহী দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় ১৫ মিনিট ধৰি গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।এই পৰ্যন্ত সংঘৰ্ষৰ ফলত কোনো লোক হতাহত…
Read More
তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ তাৎক্ষণিক কূটনৈতিক হস্তক্ষেপ দাবী কৰিছে ৷যোৱা ১২ আগষ্টৰ মাজনিশা ৰামনাথপুৰম জিলাৰ মাছমৰীয়াসকলক আটক কৰি ৰখা হৈছিল । আগষ্ট মাহত সংঘটিত এয়া দ্বিতীয়টো ঘটনা । বৰ্তমানলৈকে ৪৯ জন ভাৰতীয় মাছমৰীয়া শ্ৰীলংকাৰ জিম্মাত আছে ।
Read More
৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰ পাইছেগৈনে নাই, চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব। সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহৃত হৈছে নে নাই, সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব যাতে বানৰ অচিলা লৈ কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰে যে, চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন চলোৱা নহয়। যিসকল ইউটিউবাৰে সঁচাকৈয়ে নিষ্ঠাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা…
Read More
উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ। জিলাখনৰ নীতি উপত্যকাৰ যোশীমঠ-মলৰী পথত অৱস্থিত তমাক নালা অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ফলত এক প্ৰচণ্ড পানীৰ ঢল নামি আহে। পানীৰ ঢলে চমলীত ব্যাপক তাণ্ডৱ চলাই বৃহৎ ক্ষয়-ক্ষতি সাধন কৰে। ইপিনে সীমান্ত পথ সংগঠনৰ এগৰাকী কৰ্মীও পানীৰ সোঁতত পৰি সন্ধানহীন হৈ আছে। এই দলংখন উটুৱাই নিয়াৰ ফলত নীতি উপত্যকাৰ প্ৰায় ১৫-১৬ খন সীমান্তৱৰ্তী গাঁৱৰ সৈতে মূল পথৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। উল্লেখ্য যে, অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত আছে। এনডিআৰএফ ,এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন লোকসকলৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমান সীমান্ত অঞ্চলৰ বিচ্ছিন কৰা গাঁওসমূহলৈ অত্যাৱশ্যকীয়…
Read More
অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা

ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্যভিত্তিক কাৰ্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াই বুধবাৰে জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰে আগবঢ়োৱা কেইটামান বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰে ।এই বঁটাসমূহ হৈছে ক্ৰমে - প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা আজান পীৰ ৰাষ্ট্ৰীয় বঁটা, একে সময়ৰ ব্যৱধানত প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আৰু বাৰ্ষিক বিষ্ণু ৰাভা বঁটা ।
Read More
অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। তেওঁ হৈছে সংগীত আৰু শৈক্ষক ক্ষেত্ৰৰে জড়িত প্ৰতিষ্ঠিত ব্যক্তিত্ব সাত্যকি ডি’কম ভূঞাৰ পুত্ৰ জ্ঞান ভূঞা। তেওঁ লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা স্নাতক মহলাৰ চাৰিওটা শৈক্ষিক বছৰতে ধাৰাবাহিকভাৱে ডিষ্ট্ৰিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে, এই সফলতাৰে জ্ঞান ভূঞাই ১৬০ বছৰৰ ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিছে। লগতে তেওঁ এই শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় গায়ক হিচাপেও কৃতিত্ব অৰ্জন কৰে। জ্ঞানৰ এই অভূতপূৰ্ব সাফল্যই অসমৰ লগতে…
Read More
খেলুৱৈ মাজত মোডী

খেলুৱৈ মাজত মোডী

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৩৯টা পদক লাভ ভাৰতীয় খেলুৱৈৰ। খেলুৱৈসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ আগবঢ়ায় বহুমূলীয়া পৰামৰ্শ।খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ কয় যে, "যিয়ে খেলিব, সি জিলিকিব‌। অলৱেজ চিয়েৰ ফৰ ভাৰত। ভাৰত মাতা কি জয়।”গতে এই সাক্ষাৎকালৰ এটা বিশেষ ভিডিঅ’ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। ভিডিঅ’টোত স্বৰ্ণ পদক বিজয়ী বক্সাৰ সাক্ষী চৌধুৰী আৰু অন্যান্য খেলুৱৈসকলক প্ৰধানমন্ত্ৰীৰ সৈতে দেখা যায়।গ্লাছগ'ত কমনৱেলথ গেমছত ভাৰতে মুঠ ৩৯টা পদক (১৩টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জ) অৰ্জন কৰি পদক তালিকাৰ চতুৰ্থ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয়। ইপিনে এইবাৰ গেমছত ১২২ গৰাকী ভাৰতীয়…
Read More
পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি

পুনৰ সামগ্ৰীৰ মূল্যবৃদ্ধি

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । বানপানীৰ পিছতে চাউল, চেনি, মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । বিশেষকৈ সকলো ধৰণৰ চাউলৰ মূল্য প্ৰতিকেজিত ৪-৬ টকাকৈ বৃদ্ধি পোৱাত অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয়ত সমস্য়াৰ সন্মুখীন হৈছে । অৰ্থাৎ প্ৰতি কুইণ্টল চাউলৰ ৪০০ টকাৰ পৰা ৬০০ টকা পৰ্যন্ত মূল্যবৃদ্ধি পাইছে ; কিন্তু হঠাৎ কিয় বৃদ্ধি পাইছে চাউল,চেনি বা মিঠাতেলৰ মূল্য সেই বিষয়ে স্থানীয় ব্যৱসায়ীসকল অৱগত নহয় ।তদুপৰি মিঠাতেল ৮-১০ টকা,চেনিত ৫ টকা বাঢ়িছে ।"
Read More
অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে ৷ শনিবাৰে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো । ইতিমধ্যে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে অসমৰ ৮ জনকৈ ব্যক্তি ।ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমি বেদখল কৰিছিল ৷ ভূমি বেদখলকাৰী অৰুণাচলী দুৰ্বৃত্তক অসমৰ কেইবাগৰাকী লোকে বাধা প্ৰদান কৰে ৷ যাৰ বাবে দুই ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পাছতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে ।
Read More
ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে

ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে

ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে ৷ বিগত ২৪ ঘন্টাত পুনৰ দুজন লোকৰ মৃত্যুৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘন্টাত গোলাঘাট আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ বানত মৃত্যু হৈছে ৷ ইফালে গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, লখিমপুৰ, যোৰহাট, কাৰ্বি আংলং, চৰাইদেউ, নগাঁও, বিশ্বনাথ জিলাত ১ লাখ ৩৭ হাজাৰ ৫০০ৰো অধিক লোক বানত আক্ৰান্ত হৈছে ৷
Read More