08
Jun
কলিংগ সাহিত্য উৎসৱে পোনপ্ৰথমবাৰৰ বাবে অসমত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক "মামণি ৰয়চম গোস্বামীৰ সাহিত্য আৰু জীৱন" সন্দৰ্ভত এক অনুষ্ঠান আয়োজন কৰিছে। অহা ১২ জুন দেওবাৰে বিয়লি ৪ বজাত কলিংগ সাহিত্য উৎসৱৰ "ভৱ সংবাদ শীৰ্ষক অনুষ্ঠানত মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বিশদ আলোকপাত কৰা হ'ব। কলিংগ সাহিত্য উৎসৱৰ এই "ভৱ সংবাদ" শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকিব ছয়গৰাকী বিশিষ্ট সাহিত্যিক। বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট লেখক - সমালোচক অধ্যাপক ডঃ মৃদুল শৰ্মা , বিশিষ্ট লেখিকা ডঃ ৰত্নোত্বমা দাস বিক্ৰম, অধ্যাপিকা অংকুমানি দাস আৰু লেখক জিতুল বৰা। উল্লেখযোগ্য যে, যুৱ লেখক জিতুল বৰাই আঁতধৰিব লগীয়া অনুষ্ঠানটিত "মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু…
