ট্ৰুকলাৰ লাইটে কম মেমৰী থকা এণ্ড্ৰইড ফোনলৈ আগবঢ়াইছে স্পাম সুৰক্ষা

ট্ৰুকলাৰে ভাৰতত মুকলি কৰিছে ‘ট্ৰুকলাৰ লাইট’। ট্ৰুকলাৰ লাইট হৈছে এক পাতল এণ্ড্ৰইড এপ্লিকেচন, যাৰ জৰিয়তে সীমিত ষ্টৰেজ আৰু মেমৰী থকা স্মাৰ্টফোনসমূহতো ক’লাৰ চিনাক্তকৰণ আৰু স্পাম ব্লকিঙৰ সুবিধা পোৱা যাব। প্ৰায় ১০ এমবিৰ এই এপ্ অপেন কৰিলে ৪ জিবি পৰ্যন্ত ৰেম থকা ডিভাইচসমূহত ই মসৃণভাৱে চলিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।
ফেষ্টিভ ছিজনৰ এই সময়ছোৱাত এই এপ্ মুকলি কৰা হৈছে, যি সময়ত ভুৱা ডেলিভাৰী কল, ভুৱা অফাৰ আৰু কেৱাইচি প্ৰৱঞ্চনা-জালিয়াতিয়ে গ্ৰাহকসকলৰ বাবে বিপদ মাতি আনিব পাৰে। ট্ৰুকলাৰে জনোৱা অনুসৰি এই লাইট সংস্কৰণটোৱেও ইয়াৰ মূল এপ্লিকেচনটোৰ দৰেই একেটা ডাটাবেচ আৰু চিনাক্তকৰণ প্ৰণালী ব্যৱহাৰ কৰে, যাৰ ফলত স্পাম আৰু প্ৰৱঞ্চনামূলক কলৰ বিৰুদ্ধে সমপৰ্যায়ৰ সুৰক্ষা লাভ কৰিব পাৰি। কোম্পানীটোৱে ২০২৫ চনত বিশ্বজুৰি ৬৮ বিলিয়নতকৈও অধিক স্পাম আৰু ফ্ৰড কল চিনাক্ত কৰিছিল।
এই এপটোত কলাৰ আইডি, স্পাম আৰু ফ্ৰড কল ব্লকিং, কল হিষ্ট্ৰী, কনটেক্ট, নম্বৰ চাৰ্চ আৰু আফটাৰ-কল স্ক্ৰীন আদি সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। এপ্লিকেচনটো পাতল কৰি ৰাখিবলৈ ইয়াত মেচেজিং, ভইচ মেইল, ফেমিলী প্ৰটেকচন আৰু এআই এচিষ্টেণ্ট আদিৰ দৰে সুবিধাসমূহ বাদ দিয়া হৈছে।
ট্ৰুকলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষিত ঝুনঝুনৱালাই এই বিষয়ে কয় যে, যিসকল ব্যৱহাৰকাৰীৰ পুৰণি বা বেছিক এণ্ড্ৰইড স্মাৰ্টফোনে ডাঙৰ এপ্লিকেচনসমূহ চলাবলৈ অসুবিধা বা একপ্ৰকাৰ যুঁজ কৰিবলগীয়া হয়, সেইসকলৰ বাবেই এই এপ যুগুত কৰা হৈছে। ইয়াৰ লগতে ঝুনঝুনৱালাই যোগ দিয়ে যে নিৰাপত্তা এজন ব্যক্তিৰ হাতত থকা ডিভাইচটোৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।
গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত এই শুভাৰম্ভণিয়ে সুলভ আৰু পাতল ডিজিটেল সুৰক্ষা বিচৰা ব্যৱহাৰকাৰীসকলক লাভান্বিত কৰিব পাৰে, বিশেষকৈ যিসকলে ফেষ্টিভ ছিজনত ডিজিটেল পেমেণ্ট, অনলাইন শ্বপিং আৰু ডেলিভাৰী সেৱাৰ বাবে এণ্ট্ৰী-লেভেল স্মাৰ্টফোন ব্যৱহাৰ কৰে।
ট্ৰুকলাৰ বৰ্তমান লাইট গুগল প্লে ষ্টোৰত সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ আৰু সমগ্ৰ দেশতে সুসংগত এণ্ড্ৰইড ডিভাইচসমূহৰ বাবে পৰ্যায়ক্ৰমে ইয়াক মুকলি কৰি থকা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *