08
Apr
দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলনৰ ফলশ্ৰুতিত ২০২০ চনৰ ২৭ জানুৱাৰীত সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ) , এবছু, এনডিএফবিৰ চাৰিটা গোটৰ মাজত সম্পাদনা হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সঠিকভাৱে ৰূপায়ন কৰাৰ দাবী জনাইছে সংযুক্ত বড়ো গণ মঞ্চই(ইউ বি পি অ')। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় "বিটিএডি এলেকাত তৃতীয় বড়ো শান্তি চুক্তিৰ কিছুসংখ্যক দফা খৰকটীয়াকৈ ৰূপায়ন কৰিছে যদিও বিটিএডিৰ বাহিৰৰ ২২ খন জিলাত বসবাস কৰা ১০ লাখ বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ বাবে চুক্তি সন্নিবিষ্ট অধিকাংশ দফা কাৰ্য্যকৰী হোৱা নাই। চুক্তিৰ ৫.১ দফা অনুসৰি, নৱগঠিত…
