উত্তৰ-পূৱ

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল

এতিয়াও শান্ত হোৱা নাই যুদ্ধৰ দাবানল ৷ ইৰাণ-আমেৰিকাৰ যুদ্ধবিৰতিৰ পাছৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আক্ৰমণ হৈছে ৷ খবৰ অনুসৰি ইৰাণে প্ৰথমে ছিংগাপুৰৰ পতাকা থকা এখন বাণিজ্যিক মালবাহী জাহাজ হৰমুজ জলদ্বীপত আক্ৰমণ কৰিছিল । ইয়াৰ ফলত আমেৰিকা ক্ষুব্ধ হৈ পৰে আৰু ইৰাণক ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) জনোৱা মতে, ২৫ জুনত ইৰাণে এম/ভি এভাৰ লাভলীক (Ever Lovely) ড্ৰোণেৰে ওৱান ৱে আক্ৰমণ কৰিছিল ৷ তাৰ পাছত ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণ সংৰক্ষণ স্থানৰ লগতে উপকূলীয় ৰাডাৰ স্থানকো লক্ষ্য কৰি আক্ৰমণ চলাইছিল । শেহতীয়াকৈ ওমান উপকূলৰ সমীপৰ হৰমুজ জলদ্বীপৰ পৰা ওলাই আহি থকা অৱস্থাতে এখন জাহাজক ইৰাণে আক্ৰমণ…
Read More
সামাজিক মাধ্যমত ভাইৰেল অখিল গগৈৰ এটা ভিডিও

সামাজিক মাধ্যমত ভাইৰেল অখিল গগৈৰ এটা ভিডিও

অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অখিল গগৈৰ শেহতীয়াকৈ আন এক ভিডিঅ’ৱে এইবাৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। বতৰৰ ফল খাবলৈ গৈ অখিল গগৈ উঠিল এজোপা লেতেকু গছত। বয়স হ’লেও অতি সহজতে হাফ পেন্ট আৰু টিচাৰ্ট পিন্ধি অখিল গগৈ উঠিল এজোপা লেতেকু গছত। তাৰ পাছত গছৰ এটা ঠালিত বহি অখিল গগৈয়ে গছ ভৰি লাগি থকা লেতেকু ছিঙি খাই থকা দৃশ্য আৱদ্ধ কৰা হৈছিল কেমেৰাত। গছত উঠি লেতেকু খোৱা সেই ভিডিঅ’ অখিল গগৈয়ে আপলোড কৰিছিল তেওঁৰ ফেচবুক প্ৰফাইলত।কোনেৱে অখিল গগৈৰ গছ বগোৱা এই দৃশ্যটো দেখি শৈশৱলৈ ঘূৰি গৈছে। শৈশৱত এনেদৰে লেতেকু গছত বগাই লেতেকু খোলা স্মৃতি ৰোমন্থন কৰিবলৈ অৱকাশ পাইছে। লেতেকু গছ…
Read More
মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব

মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব

শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন উদ্যানত প্ৰৱেশৰ বাবে এতিয়াৰে পৰা নতুন মাচুল আদায় দিব লাগিব। কৰ্তৃপক্ষই ভিন্ন উদ্যানৰ পৰিৱেশ আৰু গুৰুত্ব অনুসৰি এই মাচুলসমূহ পুনৰ নিৰ্ধাৰণ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি ৫ জুলাইৰ পৰা কাৰ্যকৰী হব এই নতুন নিৰিখ। লগতে ২০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বাধিক ২৫০ টকালৈকে এই প্ৰৱেশ মাচুল ধাৰ্য কৰা হৈছে। তলত উদ্যানসমূহৰ নতুন মাচুলৰ খতিয়ান উল্লেখ কৰা হ'ল- ১. জোৰপুখুৰীৰ পাৰ্কৰ প্ৰৱেশ মাচুল ২০ টকা২.গান্ধী মণ্ডপৰ প্ৰৱেশ মাচুল ২০ টকা৩.অমৃত উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা৪.অটল উদ্যানৰ প্ৰৱেশ মাচুল ৩০ টকা৫.শ্ৰদ্ধাঞ্জলি কাননৰ প্ৰৱেশ মাচুল ৩০ টকা৬.নেহৰু পাৰ্কৰ প্ৰৱেশ মাচুল ৫০ টকা৭.বটানিকেল গাৰ্ডেনৰ প্ৰৱেশ মাচুল ৬০টকা৮.সতী ৰাধিকা শান্তি উদ্যানৰ প্ৰৱেশ মাচুল…
Read More
তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী

তিনিচুকীয়াত আটক দুই উগ্ৰপন্থী

শুকুৰবাৰে নিশা তিনিচুকীয়াৰ জাগুনত গ্ৰেপ্তাৰ কৰা হৈছে আলফা (স্বাধীন)ৰ দুই দুৰ্ধৰ্ষ সদস্যক। জিলাখনত চলোৱা এক অভিযানৰ অন্তত আৰক্ষীৰ জালত পৰে আলফা (স্বাধীন)ৰ সদস্য দুগৰাকী। ধৃত আলফা (স্বাধীন)ৰ কেডাৰ দুজন ক্ৰমে-চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণ বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে- এক গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানৰ বাবেই সংগঠনটোৰ এক কূটাঘাতৰ আঁচনি ব্যৰ্থ কৰিব পৰা গ'ল। বৰ্তমান আৰক্ষী আৰু সেনাৰ উচ্চপদস্থ বিষয়াই ধৃত হোমেনজ্যোতি বৰুৱা আৰু পাপু মৰাণক কোনো অজ্ঞাত স্থানত ৰাখি তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
Read More
শ্ৰীভূমিত ১০.৮ কোটি টকাৰ ড্ৰাগছ জব্দ; নিশাৰ অভিযানত এজন গ্ৰেপ্তাৰ

শ্ৰীভূমিত ১০.৮ কোটি টকাৰ ড্ৰাগছ জব্দ; নিশাৰ অভিযানত এজন গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। শ্ৰীভূমি জিলাত নিশা চলোৱা এক বিশেষ অভিযানত প্ৰায় ১০.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই তথ্য সদৰী কৰি শ্ৰীভূমি আৰক্ষীৰ ভূয়সী প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসম আৰক্ষীৰ সৈতে শত্ৰুতা কৰিবলৈ ১০.৮ কোটি টকা বহুত ডাঙৰ মূল্য। নিশাৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ চালান জব্দ কৰি শ্ৰীভূমি আৰক্ষীয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে।" ঘটনাৰ সৈতে জড়িত এজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। আন অভিযুক্তসকলক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
Read More
প্ৰকৃতিৰ ৰোষত অৰুণাচল প্ৰদেশ

প্ৰকৃতিৰ ৰোষত অৰুণাচল প্ৰদেশ

প্ৰকৃতিৰ ৰোষত অৰুণাচল প্ৰদেশ ৷ বুধবাৰে পুৱা অৰুণাচল প্ৰদেশৰ কেয়ী পানয়োৰ জিলাত ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা ক্ষন্তেকীয়া বানত নিম্নভূমি প্লাৱিত হোৱাৰ লগতে নীপকো কল'নীৰ ১৮টাকৈ বাসগৃহত বানত উটি গৈছে ৷ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ অহা বানৰ ফলত তিনিজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কেইবাখনো জিলাৰ ভূমিস্খলন, ক্ষন্তেকীয়া বানপানী আৰু আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে । দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দুৰ্বল অঞ্চল আৰু নদীৰ পাৰত বাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে ।
Read More
গংগা নদীত ভয়ংকৰ ঘটনা

গংগা নদীত ভয়ংকৰ ঘটনা

মালদাৰ পাৰ্লালপুৰ ফেৰী ঘাটত সংঘটিত হয় শোকাৱহ ঘটনা ৷ গংগা নদীত এখন যাত্ৰীবাহী নাৱত বজ্ৰপাতৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় আৰু কমেও ১৫ জন লোক গুৰুতৰভাৱে আহত হয় । স্থানীয় ৰাইজৰ মতে, মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে । মুৰ্শিদাবাদৰ ধুলীয়ান গংগা ঘাটৰ পৰা মালদাৰ পাৰ্লালপুৰ ঘাটলৈ যোৱা এখন যাত্ৰীবাহী নাৱত এই শোকাৱহ ঘটনা সংঘটিত হয় । ২৫ ৰ পৰা ৩০জন যাত্ৰী কঢ়িয়াই অনা নাওখনে গংগা নদী পাৰ হৈ পাৰ্লালপুৰ ঘাটত উপস্থিত হৈছিল ।
Read More
ৰাজধানী দিল্লীত ৰেড এলাৰ্ট জাৰি

ৰাজধানী দিল্লীত ৰেড এলাৰ্ট জাৰি

দেশৰ ৰাজধানী নতুন দিল্লী অঞ্চলত হঠাতে বতৰৰ ব্যাপক পৰিৱৰ্তন ঘটে। সমগ্ৰ অঞ্চলটোত প্ৰচণ্ড ধূলিৰ ধুমুহা আৰু তীব্ৰ বেগী বতাহৰ ফলত জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ধুমুহাৰ পিছতেই অৱশ্যে কিছু পৰিমাণে পাতল বৰষুণো জাক অহাত স্বস্তিৰ নিশ্বাস এৰে জনতাই। উল্লেখযোগ্য যে, বতৰৰ এই ভয়াৱহ ৰূপ লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লীত তীব্ৰ ধুমুহা-বৰষুণৰ এক জৰুৰীকালীন ‘ৰেড এলাৰ্ট’ জাৰি কৰে।
Read More
অৰুণাচল প্ৰদেশত বানৰ তাণ্ডৱ

অৰুণাচল প্ৰদেশত বানৰ তাণ্ডৱ

অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণ তথা বান সদৃশ পৰিৱেশৰ ফলত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে । এনে পৰিস্থিতিত চুবুৰীয়া ৰাজ্য অসমৰো বিভিন্ন জিলাত বানৰ আশংকা কৰা হৈছে । যাৰ বাবে অসম চৰকাৰে অতি গুৰুত্বসহকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্য সচিবে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি অধিক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সকলো প্ৰস্তুতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে । এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে সম্ভাৱ্য ক্ষতিগ্ৰস্ত জিলাসমূহৰ প্ৰশাসন আৰু বিভাগসমূহক সতৰ্কতা বজাই ৰাখিবলৈ আৰু সময়মতে প্ৰতিৰোধমূলক আৰু সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।
Read More
পত্নীৰ প্ৰেমে বিপদত পেলালে এজন ব্যক্তিক

পত্নীৰ প্ৰেমে বিপদত পেলালে এজন ব্যক্তিক

পত্নীক জন্মদিনৰ চাৰপ্ৰাইজ দিবলৈ গৈ এতিয়া বিপদত পৰিছে বিতৰ্কিত ব্যৱসায়ী গৌতম বৰুৱা। যান- বাহন আইন উলংঘাৰে সেতুঁত ৰেড কাৰ্পেট পাৰি জন্মদিন উদযাপনৰে চখ পূৰণ কৰা ব্যৱসায়ী বৰুৱাক সম্প্ৰতি ভৰলুমুখ আৰক্ষী থানাত ৰখা হৈছে। যান- বাহন আইন উলংঘাৰ অভিযোগত তেওঁক আটক কৰিছে মহানগৰ আৰক্ষীয়ে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জন্মদিনৰ উদযাপনৰ সেই বিশেষ দৃশ্য।ৰেড কাৰ্পেট, বিভিন্ন অত্যাধুনিক শৈলীৰ জাক জমকতাত কেক কাটি পত্নীৰ জন্মদিন পাতিছিল গৌতমে।ৰেড কাৰ্পেট, বিভিন্ন অত্যাধুনিক শৈলীৰ জাক জমকতাত কেক কাটি পত্নীৰ জন্মদিন পাতিছিল গৌতমে। ক
Read More