উত্তৰ-পূৱ

হৰমুজ প্ৰণালীৰ বিপদসংকুল পথ অতিক্ৰমঃ গুজৰাটৰ কাণ্ডলাত উপস্থিত এলপিজি জাহাজ ‘জাগ বসন্ত’

হৰমুজ প্ৰণালীৰ বিপদসংকুল পথ অতিক্ৰমঃ গুজৰাটৰ কাণ্ডলাত উপস্থিত এলপিজি জাহাজ ‘জাগ বসন্ত’

মধ্যপ্ৰাচ্যৰ উত্তপ্ত পৰিস্থিতি আৰু গুৰুত্বপূৰ্ণ শক্তি কৰিডৰ 'হৰমুজ প্ৰণালী' বন্ধ হৈ থকাৰ মাজতেই ভাৰতৰ বাবে এক সকাহৰ খবৰ কঢ়িয়াই আনিছে এখন বিশালাকায় জাহাজে। ৪২,০০০ মেট্ৰিক টন তৰলীকৃত পেট্ৰলিয়াম গেছ (LPG) লৈ শুকুৰবাৰে গুজৰাটৰ কাণ্ডলা বন্দৰত উপস্থিত হৈছে 'জাগ বসন্ত' নামৰ জাহাজখন। জানিব পৰা মতে, সাগৰৰ মাজভাগতে এই এলপিজি খালী কৰাৰ প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰা হ’ব। বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে 'জাগ বসন্ত' আৰু 'পাইন গেছ' নামৰ আন এখন টেংকাৰে হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ এক অস্বাভাৱিক পথ বাছি লৈছিল। ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি, জাহাজ দুখনে চুটি আৰু পোনপটীয়া পৰম্পৰাগত পথটোৰ পৰিৱৰ্তে 'কেচম-লাৰাক' চেনেলৰ মাজেৰে আৰৱ সাগৰলৈ যাত্ৰা কৰিছিল। যাত্ৰাৰ সময়ত…
Read More
যোৰহাটত আলফা স্বাধীনৰ নামত ধনদাবী! মৰাণাস্ত্ৰ আৰু গুলীসহ আৰক্ষীৰ জালত যুৱক

যোৰহাটত আলফা স্বাধীনৰ নামত ধনদাবী! মৰাণাস্ত্ৰ আৰু গুলীসহ আৰক্ষীৰ জালত যুৱক

ৰাজ্যৰ চৌদিশে নিৰ্বাচনী তৎপৰতা চলি থকাৰ মাজতেই যোৰহাটত মৰাণাস্ত্ৰ উদ্ধাৰৰ এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ পশ্চিম যোৰহাটৰ পানীচকুৱা ডেৰকুৰীয়াত বৃহস্পতিবাৰে এটা পইণ্ট ৩২ পিষ্টল, মেগজিন আৰু দুজাঁই সজীৱ গুলীসহ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত যান-বাহন শাখাৰ বিষয়া উৎপল দত্তৰ নেতৃত্বত যোৱা এটা দলে ভক্তিৰাম দাস নামৰ যুৱকজনক কৰায়ত্ত কৰে। আৰক্ষীৰ জেৰাত আটকাধীন যুৱকজনে স্বীকাৰ কৰে যে তেওঁ দীৰ্ঘদিন ধৰি নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ নামত বিভিন্ন প্ৰান্তত ধনদাবী কৰি আহিছিল। বিশেষকৈ ডেম্পত ধন সংগ্ৰহৰ বাবে তেওঁ সক্ৰিয় হৈ আছিল বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে। এই কূটাঘাতমূলক কাৰ্যৰ সৈতে আন…
Read More
বিজেপিৰ বিশাল জয়ৰ হুংকাৰ; নিৰ্বাচনৰ পূৰ্বে বিৰোধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

বিজেপিৰ বিশাল জয়ৰ হুংকাৰ; নিৰ্বাচনৰ পূৰ্বে বিৰোধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া গৰম হৈ পৰিছে।জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি আৰু দলীয় সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দলৰ 'বিজয় সংকল্প যাত্ৰা'ত ৰাইজৰ আশীৰ্বাদ লাভ কৰা বুলি দাবী কৰে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিৰোধী এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। তেওঁ কয়, "বিজেপিয়ে অসমৰ শত্ৰুসকলৰ শক্তি ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। অনাগত দিনত যিখিনি অৱশিষ্ট আছে, সেইখিনিও মই শেষ কৰি দিম।" বিজেপিৰ শাসনত অসমৰ…
Read More
কাজিৰঙাত ভয়ংকৰ ঘটনা

কাজিৰঙাত ভয়ংকৰ ঘটনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা (কহঁৰা) বনাঞ্চলত বৃহস্পতিবাৰে এজন বনকৰ্মী গুলীবিদ্ধ হয় ৷ গৰৈমাৰী বনশিবিৰত ‘পেট্ৰলিঙ’ কৰি বেঙা বনশিবিৰৰ পিনে আহি থকা সময়তে পিচল পৰি দুৰ্ঘটনাবশত বনকৰ্মীজন গুলীবিদ্ধ হয় ৷ কাজিৰঙা (কহঁৰা) বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে কয়, “কাজিৰঙা বনাঞ্চলৰ অন্তৰ্গত গৰৈমাৰী বনশিবিৰত কৰ্মৰত লাহন কাৰ্দং নামৰ এজন দ্বিতীয় এ এফ পি এফৰ কনিষ্টবলৰ আজি এটা ফায়াৰিং হোৱাত তেওঁৰ ভৰিত আঘাতপ্ৰাপ্ত হৈছে ৷ তেওঁৰ নিজৰ যিটো ছাৰ্ভিছ ৰাইফল আছিল তাৰপৰা গুলী গৈ তেওঁৰ সোঁ ভৰিত আঘাত কৰিছে ৷”
Read More
পানীত পৰিল বাছ

পানীত পৰিল বাছ

বাংলাদেশৰ পদ্ম নদীত এখন যাত্ৰীবাহী বাছ ডুব যোৱাৰ ফলত ২৩ জন লোক নিহত হোৱাৰ লগতে লগতে আন কেইবাজনো লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ ৰাজবাৰীৰ দক্ষিণ-পশ্চিম জিলাৰ দৌলদিয়া টাৰ্মিনেলত বাছখন এখন পৰিবহণ ফেৰীত উঠিবলৈ লওতেই পদ্ম নদীত ডুব যায় ৷ বুধবাৰে সন্ধিয়া প্ৰায় ৫:১৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা ৷বিষয়াসকলে অনুমান কৰা মতে, ঢাকা অভিমুখী বাছখনত কেইবাটাও শিশুকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল; বেছিভাগেই ঈদৰ বন্ধৰ পিছত ৰাজধানীলৈ উভতি আহিছিল ৷
Read More
অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ

অসমতো ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ প্ৰভাৱ। ৰাজ্যৰ জনতাই ৰন্ধন গেছৰ বিচাৰি ঘন্টাৰ ওপৰত ঘন্টা শাৰী পাতিবলগীয়া হোৱা সময়তে আকৌ ভূতৰ ওপৰত দানহ পৰাদি পেট্ৰ'ল-ডিজেলৰ নাটনিয়ে দেখা দিছে অসমত।প্ৰায় প্ৰতিটো পেট্ৰ'ল পাম্পতে তেলৰ নাটনিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। পুৱাৰ পৰা নিশালৈ পে’ট্ৰল পাম্পত জনতাই পাতিছে দীঘলীয়া শাৰী।এইখিনিতে উল্লেখ কৰিব লাগিব যে- এই সমূহ দৃশ্যই প্ৰমাণ কৰিছে মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ বিপৰীত ছবি। যাৰ বাবে আশংকাত ভুগিছে এতিয়া ৰাজ্যবাসী।মুখ্যমন্ত্ৰীয়ে আশ্বাস ঠিকেই দিছে , কিন্তু এই দৃশ্যসমূহ দেখাৰ পাছত সকলোৰে মনত এতিয়া এটাই প্ৰশ্ন সচাঁকৈ নাটনি হ'ব নেকি পেট্ৰ'ল-ডিজেল।
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণঃ ছিংগাপুৰৰ আদালতৰ ৰায়ৰ পিছতে অসম আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণঃ ছিংগাপুৰৰ আদালতৰ ৰায়ৰ পিছতে অসম আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ কৰোনাৰ আদালতে এই ঘটনাক দুৰ্ঘটনা বুলি ৰায়দান কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ তদন্তক সমৰ্থন কৰিছে। তেওঁ উল্লেখ কৰে যে এই মৃত্যুৰ ষড়যন্ত্ৰ অসমতে ৰচনা হৈছিল আৰু তাই তদন্ত অসমত চলা উচিত। মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰে যে ছিংগাপুৰলৈ অনুসন্ধান সলনি কৰিবলৈ চেষ্টা হৈছিল; যদি তেনে কৰা হৈছিল, তেন্তে সকলো অভিযুক্ত মুক্তি পাব। তেওঁ অসম আৰক্ষীক ছিংগাপুৰৰ আৰক্ষীৰ তুলনাত অধিক দক্ষ বুলি দাবী কৰে। বিজেপি চৰকাৰ ইনজাস্টিস প্ৰদানৰ বাবে দায়বদ্ধ, আৰু মুখ্যমন্ত্ৰী বিশ্বাস কৰে যে তেওঁ এই ক্ষেত্ৰত সফল হয়। সমগ্ৰ হত্যাকাণ্ডৰ তদন্ততে কোনো খুঁত থাকিলে ন্যায়াধীশে গোচৰটো খাৰিজ কৰাটো নিশ্চিত।…
Read More
ইৰাণৰ ডাঙৰ ঘোষণা, সংঘাতৰ সময়তো ভাৰতৰ বাবে খোলা হৰমুজ প্ৰণালী

ইৰাণৰ ডাঙৰ ঘোষণা, সংঘাতৰ সময়তো ভাৰতৰ বাবে খোলা হৰমুজ প্ৰণালী

পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে শক্তি ক্ষেত্ৰত বিশ্বজুৰি দেখা দিছে এক গভীৰ সংকট। ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হৈছে যদিও ভাৰতৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ বাবে এই পথ খোলা ৰখাৰ সিদ্ধান্ত লৈছে ইৰাণে। ইন্ধন আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিবলৈ দেশখনে এই বিশেষ অনুমতি প্ৰদান কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৃহস্পতিবাৰে মুম্বাইত থকা ইৰাণৰ দূতাবাসৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, "আমি চীন, ৰাছিয়া, ভাৰত, ইৰাক আৰু পাকিস্তানকে ধৰি আমাৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ বাবে জাহাজ পাৰ হোৱাৰ অনুমতি দিছোঁ।" বিশ্বৰ মুঠ তেল সৰবৰাহৰ ২০ শতাংশতকৈও অধিক অংশ পাৰ হৈ যোৱা এই…
Read More
সাধাৰণ মৃত্যু আছিল জুবিনৰ

সাধাৰণ মৃত্যু আছিল জুবিনৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰ'নাৰ্ছ আদালতে ৰায় প্ৰদান কৰিছে ।কৰ'নাৰ্ছ আদালতৰ ৰায়দান অনুসৰি দুৰ্ঘটনাৱশতঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ । হত্যা বা সতীৰ্থই ইচ্ছাকৃতভাৱে উদ্ধাৰ নকৰাৰ অভিযোগ সন্দৰ্ভতো কোনো তথ্য-প্ৰমাণ পোৱা নাই । জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ফাউল প্লে' হোৱা নাই বুলি ক'ষ্ট গাৰ্ডে দিয়া তথ্যকো আদালতে সমৰ্থন কৰিছে ।
Read More
ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কংগ্ৰেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে মঙলবাৰে অসুস্থ অনুভৱ কৰাত ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই বিষয়ে সদৰী কৰিছে কংগ্ৰেছ দলৰ এক সূত্ৰই । "মঙলবাৰে সন্ধিয়া অসুস্থ হোৱাত কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ ছোনিয়া গান্ধীক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।"
Read More