যোৰহাটত আলফা স্বাধীনৰ নামত ধনদাবী! মৰাণাস্ত্ৰ আৰু গুলীসহ আৰক্ষীৰ জালত যুৱক

ৰাজ্যৰ চৌদিশে নিৰ্বাচনী তৎপৰতা চলি থকাৰ মাজতেই যোৰহাটত মৰাণাস্ত্ৰ উদ্ধাৰৰ এক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ পশ্চিম যোৰহাটৰ পানীচকুৱা ডেৰকুৰীয়াত বৃহস্পতিবাৰে এটা পইণ্ট ৩২ পিষ্টল, মেগজিন আৰু দুজাঁই সজীৱ গুলীসহ এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নিৰ্দেশত যান-বাহন শাখাৰ বিষয়া উৎপল দত্তৰ নেতৃত্বত যোৱা এটা দলে ভক্তিৰাম দাস নামৰ যুৱকজনক কৰায়ত্ত কৰে।

আৰক্ষীৰ জেৰাত আটকাধীন যুৱকজনে স্বীকাৰ কৰে যে তেওঁ দীৰ্ঘদিন ধৰি নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ নামত বিভিন্ন প্ৰান্তত ধনদাবী কৰি আহিছিল। বিশেষকৈ ডেম্পত ধন সংগ্ৰহৰ বাবে তেওঁ সক্ৰিয় হৈ আছিল বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে। এই কূটাঘাতমূলক কাৰ্যৰ সৈতে আন তিনিজন লোক জড়িত থকাৰ কথাও অভিযুক্তই প্ৰকাশ কৰিছে। উল্লেখ্য যে, আটক হোৱাৰ পূৰ্বে যুৱকজনে আৰক্ষীৰ বিৰুদ্ধেহে ধন আৰু বাহন লুট কৰাৰ মিছা অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমক বিভ্ৰান্ত কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নাতিদূৰৈৰ পৰা তেওঁক আটক কৰাৰ পাছতেই সকলো ক’লা অধ্যায় পোহৰলৈ আহে। অভিযুক্তই নিজ গৃহৰ চাদৰ ওপৰত এটা কাৰ্টনৰ ভিতৰত পিষ্টলটো লুকুৱাই ৰাখিছিল।

যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তই জনোৱা মতে, এই সন্দৰ্ভত তেওঁলোকৰ হাতত পূৰ্বৰে পৰাই গোপন তথ্য আছিল। বৰ্তমান অধিক তথ্য আৰু সহযোগীসকলৰ সন্ধানত আৰক্ষীয়ে যুৱকজনক তীব্ৰ জেৰা অব্যাহত ৰাখিছে। নিৰ্বাচনৰ এই সন্ধিক্ষণত এনেদৰে অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *