ভাৱীপত্নীৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই দ খাৱৈত পৰিল যুৱক, মৃত্যু

এখন ফটো উঠাৰ হেঁপাহেই কাল হৈ পৰিল এজন যুৱকৰ বাবে। বাগদত্তাৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই প্ৰায় ৪০০ ফুট দ খাৱৈত বাগৰি পৰি অকাল মৃত্যুক সাৱটি ল’লে ২৬ বছৰীয়া যুৱক কেতন বিশাল আগৰৱালে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ মাভল তহচিলৰ লোহাগড় দুৰ্গত সংঘটিত হয় এই শোকাৱহ ঘটনা।

পৰিয়ালৰ ৰিয়েল এষ্টেট ব্যৱসায়ৰ সৈতে জড়িত কেতন আগৰৱাল পুনেৰ গাহুঞ্জে অঞ্চলৰ বাসিন্দা আছিল। চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল।

আৰক্ষীৰ মতে, বাগদত্তাৰ আগন্তুক জন্মদিন উপলক্ষে বৃহস্পতিবাৰে পুৱা কেতনে তেওঁ আৰু আন দুজন বন্ধুৰ সৈতে লোহাগড় দুৰ্গলৈ গৈছিল। দুৰ্গৰ পাহাৰীয়া অংশত ফটো তোলাৰ সময়তে প্ৰচণ্ড বতাহৰ মাজত ভাৰসাম্য হেৰুৱাই খাৱৈত পৰি যায় তেওঁ।

লোনাভালা গ্ৰামীণ আৰক্ষী থানাৰ পৰিদৰ্শক দিনেশ তায়ডেই কয় যে, ঘটনাৰ সময়ত অঞ্চলটোত প্ৰচণ্ড বতাহ বলি আছিল। খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু শিৱদুৰ্গ মিত্ৰ ইমাৰ্জেন্সি ৰেস্কিউ টীমে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

দুৰ্গম এলেকাৰ পৰা কেতনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী দলক প্ৰায় তিনি ঘণ্টা সময় লাগে। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।

ঘটনাটোক লৈ আৰক্ষীয়ে দুৰ্ঘটনাজনিত মৃত্যু হিচাপে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *