ইৰাণৰ ডাঙৰ ঘোষণা, সংঘাতৰ সময়তো ভাৰতৰ বাবে খোলা হৰমুজ প্ৰণালী

পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে শক্তি ক্ষেত্ৰত বিশ্বজুৰি দেখা দিছে এক গভীৰ সংকট। ইৰাণ আৰু ইজৰাইলৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হৈছে যদিও ভাৰতৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ বাবে এই পথ খোলা ৰখাৰ সিদ্ধান্ত লৈছে ইৰাণে। ইন্ধন আৰু সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিবলৈ দেশখনে এই বিশেষ অনুমতি প্ৰদান কৰিছে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৃহস্পতিবাৰে মুম্বাইত থকা ইৰাণৰ দূতাবাসৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথ্য ৰাজহুৱা কৰে। বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, “আমি চীন, ৰাছিয়া, ভাৰত, ইৰাক আৰু পাকিস্তানকে ধৰি আমাৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ বাবে জাহাজ পাৰ হোৱাৰ অনুমতি দিছোঁ।” বিশ্বৰ মুঠ তেল সৰবৰাহৰ ২০ শতাংশতকৈও অধিক অংশ পাৰ হৈ যোৱা এই প্ৰণালীটো বৰ্তমানৰ যুদ্ধকালীন পৰিস্থিতিত ইৰাণে এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত বাণিজ্যিক যাতায়ত প্ৰায় বন্ধ হৈ পৰাত বৈশ্বিক বজাৰত ইয়াৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল।

আনহাতে, এই সামুদ্ৰিক পথটো দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ ফলত কৃষি খণ্ডত ব্যৱহৃত সাৰ আৰু ইন্ধনৰ নাটনিৰ সৃষ্টি হোৱাত ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে পশ্চিম এছিয়াৰ এই যুদ্ধই সাধাৰণ নাগৰিকক গভীৰ নিৰাপত্তাহীনতালৈ ঠেলি দিয়া বুলি মন্তব্য কৰে। যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাৰ সন্দৰ্ভত গুটেৰেছে কয়, “যুদ্ধৰ প্ৰভাৱ হ্ৰাস কৰাৰ সৰ্বোত্তম উপায় হ’ল তাৎক্ষণিকভাৱে যুদ্ধ শেষ কৰা।” তেওঁ লগতে আমেৰিকা আৰু ইজৰাইলক শান্তি স্থাপনৰ বাবেও বিশেষ আহ্বান জনায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *