জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাসৰ বিয়োগ! ‘বৰলা কাই’ ধাৰাবাহিকৰ ‘কেৰপা’ চৰিত্ৰৰে জিনিছিল দৰ্শকৰ মন

অসমৰ সাংস্কৃতিক জগতত মঙলবাৰে গভীৰ শোকৰ ছাঁ পেলাই জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাসৰ অকাল মৃত্যু ঘটে। অতি জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ ‘কেৰপা’ চৰিত্ৰটোৰ জৰিয়তে ঘৰে ঘৰে পৰিচিত হৈ পৰা অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বিয়োগত সমগ্ৰ বৰপেটা অঞ্চলৰ লগতে ৰাজ্যৰ কলা-কুশলীসকলৰ মাজত মৰ্মান্তিক শোকৰ সৃষ্টি হৈছে।

দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি থকা অভিনেতাগৰাকীয়ে আজি পুৱা ৫:২৭ বজাত বৰপেটা কেন্সাৰ হাস্পতালত মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ। তেওঁৰ মৃত্যুত বহুতো গুণমুগ্ধই শোক প্ৰকাশ কৰাৰ লগতে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এয়া এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *