21
May
অসম বিধানসভাৰ পৰৱৰ্তী বিৰোধী দলপতি নিৰ্বাচনৰ সন্দৰ্ভত দলৰ কেন্দ্ৰীয় কমাণ্ডৰ চূড়ান্ত সিদ্ধান্তলৈ অপেক্ষা কৰিব অসম প্ৰদেশ কংগ্ৰেছে। বুধবাৰে এই কথা স্পষ্টকৈ ইংগিত দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। নতুন দিল্লীত দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ উভতি অহাৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গগৈয়ে স্পষ্ট কৰি দিয়ে যে এই সিদ্ধান্ত কেৱল ৰাজ্যিক পৰ্যায়তে লোৱা নহ’ব। ইয়াৰ পৰিৱৰ্তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে দলৰ বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হৈ এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব। এই বিষয়ত কেন্দ্ৰীয় নেতৃত্বৰ কৰ্তৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৌৰৱ গগৈয়ে কয় যে এআইচিচিয়ে বিধানসভাৰ দলীয় নেতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। তেওঁ লগতে সদৰী কৰে…
