উত্তৰ-পূৱ

আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP। NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি যন্তৰ-মন্তৰত আন্দোলন কৰা ক’কৰোচ জনতা পাৰ্টিয়ে এইবাৰ দেশজুৰি নতুন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে জনাইছে যে- চলিত বৰ্ষৰ ছেপ্টেম্বত CJPয়ে ‘কি কয় জনতাই’ শীৰ্ষক এক দেশজুৰি অভিযান আৰম্ভ কৰিব।তেওঁ জানিবলৈ দিয়ে যে, ৫টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই অভিযান চলোৱা হ’ব আৰু ইয়াৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব শিক্ষা। অভিজিৎ দীপকেয়ে কয় যে- বহু লোকৰ মনত এতিয়াও এটা প্ৰশ্ন আছে যে ক’কৰোচ জনতা পাৰ্টিৰ আদৰ্শ বা মতাদৰ্শ কি? এই সন্দৰ্ভত তেওঁ কয়- “আমাৰ দলৰ মতাদৰ্শ এই দেশৰ সংবিধানৰ মতাদৰ্শই।”
Read More
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছে আৰু ১৩খন জিলাৰ ১.৫৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইফালে গোলাঘাট জিলাৰ গোলাঘাট চহৰ আৰু নুমলীগড়ত ধনশিৰি নদী আৰু শ্ৰীভূমি জিলাত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনৰ শেহতীয়া তথ্য অনুসৰি চৰাইদেউ জিলাৰ মাহমৰাত শুকুৰবাৰে এটা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আনহাতে শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলাৰ ৩৩টা ৰাজহ চক্ৰ আৰু ৪৬৪খন গাঁও বৰ্তমানো বানৰ কৱলত আছে ৷
Read More
বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে । ইফালে বানত ক্ষতিগ্ৰস্তৰ সংখ্যা ১৪খন জিলাত ১.৬ লাখলৈ বৃদ্ধি পাইছে ।ইফালে বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, আৰু ওদালগুৰি জিলাৰ ৩৮ টা ৰাজহ চক্ৰৰ ৫৬৩খন গাঁও বানত ডুব গৈছে আৰু ১ লাখ ৬০ হাজাৰ ৬০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ।
Read More
বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?

বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?

লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ ৷ যিয়ে যেনেকৈ পাৰে সাহায্য আগবঢ়াইছে ৷অসমৰ মনোৰঞ্জন জগতৰ বহু শিল্পীৰ দৰেই কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে বানপীড়িতৰ বাবে কিছু ধন সংগ্ৰহ কৰা উদ্দেশ্যৰে লৈছিল এক পদক্ষেপ ৷ তেওঁ লোৱা এইধৰণৰ পদক্ষেপ বিদেশত সঘনাই দেখিবলৈ পোৱা যায়, কিন্তু ভাৰতত ইয়াৰ প্ৰচাৰ খুব কম ৷ সেই লৈয়ে এতিয়া বহুতে সমালোচনা কৰিছে তেওঁক ৷ কিন্তু সামাজিক মাধ্যমত সমালোচনাৰ সমান্তৰালকৈ মেধিক প্ৰশংসাৰে উপচাই পেলোৱা লোকৰো সংখ্যা কম নহয় ৷মেঘৰঞ্জনী মেধি বৰ্তমান আছে লণ্ডনত ৷…
Read More
১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় ৰ পাঠদান আৰম্ভ হব

১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় ৰ পাঠদান আৰম্ভ হব

১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব।এই কথা জনালে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। জানিবলৈ দিয়া মতে, যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ আৰম্ভ কৰাৰ পৰিৱেশ ঘূৰি অহা নাই তথাপিও চৰকাৰে বিকল্প ব্যৱস্থাৰে ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ১০ আগষ্ট ২০২৬ৰ পৰা পাঠদান পৰ্ব আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁ লগতে জনাই যে, যিবোৰ বিদ্যালয় পানীৰ তলত বা বোকাত পোত গৈ আছে, সেইবোৰ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীক আশ্ৰয় শিবিৰতে পাঠদানৰ ব্যৱস্থা কৰা হ’ব।
Read More
বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ কথা কয়, তেনে মানুহ লাজত ডুবি মৰা উচিত ।" বান পৰিস্থিতিৰ সন্দৰ্ভত ধুবুৰীত বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ৷আজমলে আৰু কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ মানুহেও বানপীড়িতসকলৰ সহায়ৰ বাবে উদাৰভাৱে আগবাঢ়ি আহিছে । বদৰপুৰত ১০ লাখ টকাৰ এখন এম্বুলেঞ্চ আৰু নগদ ৫ লাখ টকা সংগ্ৰহ হোৱাৰ কথা উল্লেখ কৰি ধুবুৰীতো উল্লেখযোগ্য সঁহাৰি লাভ কৰা বুলি তেওঁ মন্তব্য কৰে । অহা ৭ ৰ পৰা ১০ দিনৰ…
Read More
গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

গাজিনী’ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান

'গাজিনী'ৰ অভিনেতা প্ৰদীপ ৰাৱটৰ দেহাৱসান।বলীউড আৰু দক্ষিণ ভাৰতৰ চলচিত্ৰ অভিনেতা প্ৰদীপ ৰাৱটে দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি মঙলবাৰে সন্ধিয়া মুম্বাইৰ এখন চিকিৎসালয়ত ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ লগানৰ সহ অভিনেতা যশপাল শৰ্মাই ইনষ্টাগ্ৰামত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰে ।যশপাল শৰ্মাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰদীপ ৰাৱটক স্মৰণ কৰি কয়, "আমাৰ গাজনী, লগানৰ দেৱ প্ৰদীপ ৰাৱট আৰু নাই । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।"
Read More
লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে

লণ্ডনৰ ৰাজপথত নৃত্য পৰিৱেশন কৰি অসমৰ বাবে সাহায্য বিচাৰিলে মেঘৰঞ্জনী মেধিয়ে ।লণ্ডনৰ ৰাজপথত কথক নৃত্য আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানপীড়িতৰ বাবে সহায় বিচাৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে ।সামাজিক মাধ্যম যোগে এক ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনালে অভিনেত্ৰী তথা নৃত্যশিল্পীগৰাকীয়ে । অভিনেত্ৰীগৰাকীক এই অনুষ্ঠানত সংগ দিয়ে তেওঁৰ স্বামী তথা অভিনেতা নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে ।
Read More
দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

দ্ৰুতগতিত বৃদ্ধি চাণ্ডীপুৰা ভাইৰাছ

চাণ্ডীপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ, যি মূলতে মাখি(বালি মাখি)ৰ (Sandfly) কামোৰৰ পৰা বিয়পে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ'ব পৰা ভাইৰাছ। ই শিশুসকলৰ মাজত দ্ৰুতগতিত বিয়পে আৰু গুৰুতৰ ক্ষেত্ৰত মগজুত প্ৰদাহ (Encephalitis) সৃষ্টি কৰিব পাৰে।দ্ৰুতগতিত বৃদ্ধি পোৱা চাণ্ডীপুৰা ভাইৰাছ (Chandipura Virus)য়ে এতিয়া সমগ্ৰ দেশজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ ১৫ বছৰৰ তলৰ শিশুসকলক লক্ষ্য কৰি লোৱা এই সংক্ৰমণৰ ফলত ইতিমধ্যে ২২টা শিশুৰ মৃত্যু হৈছে, আনহাতে বহু শিশু চিকিৎসালয়ত জীৱনৰ সৈতে যুঁজি আছে। স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে, সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চাণ্ডীপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায়,…
Read More
২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ

ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে এই আক্ৰমণ চলোৱা হৈছে বুলি ইৰাণী সংবাদ মাধ্যমে সদৰি কৰিছে যদিও বিষয়টোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো পক্ষই একো তথ্য প্ৰকাশ কৰা নাই। ডুবাই প্ৰশাসনে এই ঘটনাৰ পাছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে।ডুবাইৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰা হৈছে।
Read More