আকৌ সাজু হৈছে CJP

আকৌ সাজু হৈছে CJP। NEET প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি যন্তৰ-মন্তৰত আন্দোলন কৰা ক’কৰোচ জনতা পাৰ্টিয়ে এইবাৰ দেশজুৰি নতুন অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে জনাইছে যে- চলিত বৰ্ষৰ ছেপ্টেম্বত CJPয়ে ‘কি কয় জনতাই’ শীৰ্ষক এক দেশজুৰি অভিযান আৰম্ভ কৰিব।
তেওঁ জানিবলৈ দিয়ে যে, ৫টা গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই অভিযান চলোৱা হ’ব আৰু ইয়াৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব শিক্ষা। অভিজিৎ দীপকেয়ে কয় যে- বহু লোকৰ মনত এতিয়াও এটা প্ৰশ্ন আছে যে ক’কৰোচ জনতা পাৰ্টিৰ আদৰ্শ বা মতাদৰ্শ কি? এই সন্দৰ্ভত তেওঁ কয়- “আমাৰ দলৰ মতাদৰ্শ এই দেশৰ সংবিধানৰ মতাদৰ্শই।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *