ডুবাইত জেভেল আলী ইণ্ডাষ্ট্ৰিয়েল অঞ্চলত ২০ মিনিটতে ৭টাকৈ বিস্ফোৰণে জোকাৰি গৈছে। এই বিস্ফেোৰণৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। বিস্ফোৰণৰ পাছত অঞ্চলটোৰ আকাশ ক’লা ধোঁৱাৰে আৱৰি ধৰে।আমেৰিকা- ইৰাণৰ যুদ্ধৰে অংশ হিচাপে এই আক্ৰমণ চলোৱা হৈছে বুলি ইৰাণী সংবাদ মাধ্যমে সদৰি কৰিছে যদিও বিষয়টোৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো পক্ষই একো তথ্য প্ৰকাশ কৰা নাই। ডুবাই প্ৰশাসনে এই ঘটনাৰ পাছতে অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে।ডুবাইৰ সংবাদ প্ৰতিষ্ঠানৰ খবৰ অনুসৰি এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰা হৈছে।
২০ মিনিটতে ৭টাকৈ বিস্ফোৰণ
