উত্তৰ-পূৱ

গ্লাছগ’ৰ সোণৰ পিছত দিল্লীত মীৰাবাই চানুৰ সৈতে সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ; উত্তৰ-পূবত ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়াৰ আলোচনা

গ্লাছগ’ৰ সোণৰ পিছত দিল্লীত মীৰাবাই চানুৰ সৈতে সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ; উত্তৰ-পূবত ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়াৰ আলোচনা

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত টানা তৃতীয়বাৰৰ বাবে সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পিছত বিশ্বখ্যাত ভাৰোত্তোলক মীৰাবাই চানুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতীৰাদিত্য এম. সিন্ধিয়াক সাক্ষাৎ কৰে। মীৰাবাই চানুক তেওঁৰ এই উল্লেখযোগ্য সাফল্যৰ বাবে অভিনন্দন জনাই সিন্ধিয়াই তেওঁৰ অটল দৃঢ়তা, অনুশাসন আৰু অধ্যৱসায়ৰ প্ৰশংসা কৰে। তেওঁ কয় যে মীৰাবাইৰ সফলতা দেশৰ কোটি কোটি যুৱ খেলুৱৈ, বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস। আলাপৰ সময়ত মীৰাবাই চানুৱে নিজৰ সংগ্ৰাম আৰু প্ৰত্যাহ্বানৰ কাহিনী ভাগ-বতৰা কৰি দেশৰ অন্যতম সফল খেলুৱৈ হৈ উঠাৰ যাত্ৰাৰ কথা কয়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে প্ৰশিক্ষণৰ ৰুটিন, পুষ্টি, পুনৰুদ্ধাৰ চক্ৰ আৰু শীৰ্ষ প্ৰদৰ্শনৰ…
Read More
১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে

দেওবাৰে ১১ দিনীয়া কমনৱেলথ গেমছ ২০২৬ৰ সামৰণি পৰে ৷ ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে ৩৯টা পদকৰে প্ৰতিয়োগিতাখনত চতুৰ্থ স্থান দখল কৰে ৷ বক্সিং চেম্পিয়ন জেচমিন লেম্ব’ৰিয়াক সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হিচাপে নিৰ্বাচিত কৰা হয় ৷গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত চাৰি বছৰ পূৰ্বৰ বাৰ্মিংহামৰ ২১০ জন খেলুৱৈৰ তুলনাত মাত্ৰ ১২২ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ পাছতো ভাৰতে চতুৰ্থ স্থান অক্ষুণ্ণ ৰাখি পদক জয়ৰ হাৰ উন্নত কৰিলে ৷ পদক লৈ ঘৰলৈ উভতি আহিল ৩৯ গৰাকী খেলুৱৈ । দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলৱীৰ সিং আছিল একমাত্ৰ ভাৰতীয় যিয়ে দুটা পদক লাভ কৰিছিল ।২০৩০ চনৰ কমনৱেলথ গেমছ হ’ব শতবাৰ্ষিকী সংস্কৰণ আৰু ভাৰতক…
Read More
উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ বানপীড়িত প্ৰায় ৬২ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ ১৫ হাজাৰকৈ টকা মুকলি

উজনিৰ ভয়াৱহ বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিবলৈ অসম চৰকাৰ তৎপৰ হৈ পৰিছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত ৰাইজলৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ১৫ হাজাৰ ঘোষণা কৰিছিল । সোমবাৰে পুৱাৰ ভাগতে এই ধন বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ।এই আৰ্থিক সাহায্য চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৬২,৬৯৬ হাজাৰ বানাক্ৰান্ত পৰিয়াললৈ চৰকাৰে আগবঢ়াইছে । শিৱসাগৰ জিলাৰ ৩৫ হাজাৰ ২৯৮টা পৰিয়াল, চৰাইদেউৰ ১৯ হাজাৰ ৮৮৩টা পৰিয়াল, গোলাঘাটৰ ২ হাজাৰ ৫৯৩টা পৰিয়াল আৰু যোৰহাটৰ ৪ হাজাৰ ৯২২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা আগবঢ়াইছে ।দ্বিতীয় পৰ্যায়ত বানত ক্ষতিগ্ৰস্ত ৰাইজে ১০ হাজাৰ টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ।…
Read More
কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে

ধাৰাসাৰ বৰষুণৰ ফলত কেৰালাৰ বহু অঞ্চল বানত আক্ৰান্ত হৈছে । আই এম ডিয়ে সোমবাৰে ৰাজ্যখনত ‘ইয়ে’ল্ল এলাৰ্ট’ জাৰি কৰিছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলত জৰুৰীকালীন সাৱধানতা অৱলম্বন কৰাৰ লগতে দ্ৰুতগতিত সাহায্য অভিযান চলোৱা হৈছে ।বৰষুণ আৰু ধুমুহাৰ ফলত মুঠ ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ জন নিৰুদ্দেশ হৈছে । ইয়াৰ উপৰিও ১৩ জন লোক আহত হৈ চিকিৎসাধীন হৈ আছে । ২৭টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে ১৯৬টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰিও ৫,৭৯২ জন লোকক ২০৯টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে ।
Read More
মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড

ইণ্ডোনেছিয়াৰ মাদুৰা দ্বীপৰ সমীপত এখন যাত্ৰীবাহী ফেৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাত এই পৰ্যন্ত ৫ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ৪১ জন যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো পোহৰলৈ অহাৰ পাছতে আঞ্চলিক উদ্ধাৰকাৰী দলে ব্যাপক ৰূপত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।তথ্য অনুসৰি, ফেৰীখনত কৰ্মচাৰীসহ মুঠ ২৭১ জন যাত্ৰী আছিল। অগ্নিকাণ্ডৰ পাছতে চলোৱা ক্ষিপ্ৰ অভিযানৰ জৰিয়তে এই পৰ্যন্ত ২২৫ জন যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে। লগতে সন্ধানহীন হৈ থকা ৪১ জন যাত্ৰীৰ সন্ধানত সাগৰত উদ্ধাৰকাৰী নাও আৰু হেলিকপ্টাৰৰ সহায়ত নিৰৱচ্ছিন্ন অভিযান চলাই থকা হৈছে।
Read More
বানপীড়িতৰ কাষত দীপলিনা ডেকা

বানপীড়িতৰ কাষত দীপলিনা ডেকা

জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ তৰফৰ পৰা এক বিশেষ যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা হৈছে । চলিত বানপানীৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা দুৰ্ভগীয়া পৰিয়ালৰ বাবে ফাউণ্ডেশ্বনে ১০০ টা নতুন ঘৰ নিৰ্মাণ কৰি দিবলৈ সিদ্ধান্ত লৈছে ।এই বৃহৎ আৰু মহান কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিবলৈ ফাউণ্ডেশ্বনে জনসাধাৰণৰ সহায়-সহযোগিতা আৰু দান-বৰঙণি বিচাৰিছে । আপোনাৰ এক ক্ষুদ্ৰ সহায়েও বিপদে গৰকা এটা পৰিয়ালক নতুন জীৱন দিব পাৰে ।পানী কমিছে যদিও বানপীড়িত লোকসকল এতিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ সংকটত ভুগিছে । বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ দল-সংগঠন, সাংবাদিক, সমাজকৰ্মী আৰু অসমৰ লগতে বহিঃৰাজ্যৰ বহু লোক আগবাঢ়ি আহিছে । জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকায়ো বানাক্ৰান্ত অঞ্চল ভ্ৰমণ…
Read More
স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে’ই ইতিহাস ৰচনা

গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰি অস্মিতা দে'ই ইতিহাস ৰচনা কৰে ৷ অস্মিতাই শুকুৰবাৰে কানাডাৰ হাইডি কোৱাচক ৰোমাঞ্চকৰ ‘গোল্ডেন স্ক’ৰ’ মেচত পৰাস্ত কৰি মহিলাৰ-৪৮ কেজি শাখাৰ খিতাপ দখল কৰে ৷ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ ইভা ইউইঙক পৰাস্ত কৰাৰ পিছত ছেমি ফাইনেলত ঘৰুৱা প্ৰতিযোগী সমৰ শ্ব’ক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
Read More
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি

ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে ৷ বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে ৷ শুকুৰবাৰে পুনৰ শিৱসাগৰ জিলাৰ নাজিৰাত আৰু চৰাইদেউ জিলাৰ সোণাৰিত বানত মৃত্যু হোৱা ২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে ৷ ইফালে শিৱসাগৰ, গোলাঘাট, যোৰহাট, নগাঁও আৰু চৰাইদেউ জিলাৰ ১৭ টা ৰাজহ চক্ৰৰ ৩৭৯ খন গাঁৱৰ ১,৯২,৭৯৯ লাখ লোক বৰ্তমানো বানৰ কৱলত আছে ।ইফালে ১৫,৪৩০ হেক্টৰ কৃষি ভূমি বৰ্তমানো পানীৰ তলত আছে আৰু ১০,৮৫৫ টা পশুধন বানত আক্ৰান্ত হৈছে ।
Read More
স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা

স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা

স্বৰ্ণ জয়ৰ লক্ষ্যৰে আজি কমনৱেলথ গেমছৰ ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণ্টিৰ মুখা-মুখী হ’ব।ভাৰতীয় সময় অনুসৰি নিশা ১০.১৫ বজাত এই ফাইনেল মেছখন অনুষ্ঠিত হ’ব। ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ৰূপৰ পদক নিশ্চিত হৈ পৰিল লাভলীনাৰ।
Read More
পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট । এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰ পানী । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই গেট তিনিখন খুলি দিয়া হৈছে ।বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি প্রতি ছেকেণ্ডত ৯৪ হাজাৰ লিটাৰকৈ পানী এৰিছে নীপকোৱে । উল্লেখযোগ্য যে উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই নীপকোৱে প্ৰথম অৱস্থাত ৪ খনকৈ গেটেৰে পানী এৰিছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কমাৰ ফলত বন্ধ কৰিছিল এই গেটসমূহ ।কিন্তু বুধবাৰে অসমৰ লগতে নাগালেণ্ডতো অতিপাত বৰষুণ হোৱাৰ ফলত পুনৰ তিনিখনকৈ গেটেৰে নীপকোৱে পানী এৰি দিয়ে । ইয়াৰ ফলত পুনৰ উজনি অসমত বানৰ আশংকা কৰা হৈছে । কিয়নো নীপকোৱে পানী এৰি…
Read More