উত্তৰ-পূৱ

জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই

৫ অক্টোবৰত পুনৰ শ্যামকানু মহন্তৰ জামিনৰ শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে।উক্ত দিনা বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি পুনৰ পৰ্যালোচনা কৰি জামিনৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব।আজি জামিন লাভ নকৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তই।ৰাজ্য চৰকাৰে আদালতক অৱগত কৰাই যে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। ১৪ আগষ্টলৈকে মুঠ ৩৯৪ গৰাকী সাক্ষীৰ ভিতৰত ৯৪ গৰাকীৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আবেদনকাৰী পক্ষৰ অধিবক্তাই যুক্তি দৰ্শাই যে, ছিংগাপুৰৰ পৰা আহিবলগীয়া মূল তথা গুৰুত্বপূৰ্ণ সাক্ষীসকলৰ সাক্ষ্য এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই।
Read More
উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

উজনিৰ বন্যাৰ্তই আজমলৰ ভৰিত ধৰা প্ৰসংগক লৈ সোমবাৰৰ সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, দৃশ্যটো দেখি বৰ বেয়া লাগে।মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টোক গুৰুত্ব সহকাৰে লোৱা বুলি উল্লেখ কৰি কয় যে, কেতিয়াবা মোৰ ভৰিতো বয়োজ্যেষ্ঠ বহুজনে আহি ধৰি দিয়েহি। তেতিয়া মোৰো বেয়া লাগে। মই ভৰিৰ পৰা উঠাবলৈ চেষ্টা কৰো। কিন্তু তেতিয়ালৈ ভৰিত ধৰিয়েই দিয়ে। মোৰো এনে ভিডিঅ' যদি কেতিয়াবা ভাইৰেল হৈ যায়,তেতিয়াও সকলোৱে কিবা-কিবি ক'ব।কিন্তু পৰিৱেশ-পৰিস্থিতি সেই সময়ত কি আছিল সেয়া মই নাজানো। এনে দৃশ্যই স্বাভাৱিকতে সকলোকে দুখী কৰিব।
Read More
কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে চলাব নোৱাৰিব গাড়ী!

কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে চলাব নোৱাৰিব গাড়ী!

শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ এটা বিশেষ সিদ্ধান্তত পুনৰ স্পষ্ট হ’ল মাৰাঠীসকলৰ জাতীয়তাবাদ। মহাৰাষ্ট্ৰৰ পৰিবহণ বিভাগে অটো আৰু টেক্সি চালকসকলৰ বাবে ব্যৱহাৰিক (কথোপকথনৰ) মাৰাঠী ভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক কৰিছে। যাতে স্থানীয় যাত্ৰীসকলৰ সৈতে ভাবৰ আদান-প্ৰদান সহজ হৈ পৰে। চৰকাৰে চালকসকলক মাৰাঠী শিকিবলৈ ১৫ আগষ্ট পৰ্যন্ত সময় নিৰ্ধাৰণ কৰি দিছে। যদিহে কোনো চালকে মাৰাঠী ভাষা নাজানে, তেন্তে তেওঁলোকৰ অনুজ্ঞাপত্ৰও বাতিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই নিয়মৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন অটো-টেক্সি চালক সংগঠনে চৰকাৰৰ ওচৰত অতিৰিক্ত ১০০ দিনৰ সময়সীমা দাবী কৰিছে।
Read More
এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন

বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ এটা নিৰ্মীয়মান জলবিদ্যুৎ‍ প্রকল্পত অঘটন। প্রকল্পটোৰ সুৰংগ পথত বোকা আৰু পানীৰ ঢলে প্রাণ ল’লে ৭গৰাকী শ্রমিকৰ। চামোলিৰ মায়াপুৰত নিৰ্মাণ কাৰ্য চলি আছে এই সুৰংগটোৰ ।ঘটনাত আন ১৪গৰাকী শ্রমিক গুৰুতৰভাৱে আহত।এতিয়াও সন্ধানহীন আন এগৰাকী শ্রমিক।
Read More
আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ

লংভিত আছাম ৰাইফলছৰ শিবিৰত ধাৰাসাৰ গুলীবৰ্ষণ । প্ৰায় ১৫ মিনিট ধৰি চলিল গুলীয়াগুলী ৷দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰাকক্ষণত অৰুণাচল প্ৰদেশত এক চাঞ্চল্যকৰ কূটাঘাতমূলক ঘটনা সংঘটিত হৈছে । চাংলাং জিলাৰ নামপুং আৰক্ষী থানাৰ অন্তৰ্গত লংভিত অৱস্থিত আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সন্দেহযুক্ত বিদ্ৰোহী সংগঠনৰ এটা দলে নিশা আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩:১৫ বজাত আছাম ৰাইফলছৰ শিবিৰটোক লক্ষ্য কৰি প্ৰথমে কেইবাটাও বিস্ফোৰণ সংঘটিত কৰাৰ পাছতে বিদ্ৰোহী দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত প্ৰায় ১৫ মিনিট ধৰি গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।এই পৰ্যন্ত সংঘৰ্ষৰ ফলত কোনো লোক হতাহত…
Read More
তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

তামিলনাডুৰ পৰা ৯ ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ ৷ শ্ৰীলংকাৰ নৌসেনাই এই ভাৰতীয় মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখি বিষয়টোত কেন্দ্ৰৰ তাৎক্ষণিক কূটনৈতিক হস্তক্ষেপ দাবী কৰিছে ৷যোৱা ১২ আগষ্টৰ মাজনিশা ৰামনাথপুৰম জিলাৰ মাছমৰীয়াসকলক আটক কৰি ৰখা হৈছিল । আগষ্ট মাহত সংঘটিত এয়া দ্বিতীয়টো ঘটনা । বৰ্তমানলৈকে ৪৯ জন ভাৰতীয় মাছমৰীয়া শ্ৰীলংকাৰ জিম্মাত আছে ।
Read More
৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰ পাইছেগৈনে নাই, চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব। সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহৃত হৈছে নে নাই, সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব যাতে বানৰ অচিলা লৈ কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰে যে, চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন চলোৱা নহয়। যিসকল ইউটিউবাৰে সঁচাকৈয়ে নিষ্ঠাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা…
Read More
উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ। জিলাখনৰ নীতি উপত্যকাৰ যোশীমঠ-মলৰী পথত অৱস্থিত তমাক নালা অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ফলত এক প্ৰচণ্ড পানীৰ ঢল নামি আহে। পানীৰ ঢলে চমলীত ব্যাপক তাণ্ডৱ চলাই বৃহৎ ক্ষয়-ক্ষতি সাধন কৰে। ইপিনে সীমান্ত পথ সংগঠনৰ এগৰাকী কৰ্মীও পানীৰ সোঁতত পৰি সন্ধানহীন হৈ আছে। এই দলংখন উটুৱাই নিয়াৰ ফলত নীতি উপত্যকাৰ প্ৰায় ১৫-১৬ খন সীমান্তৱৰ্তী গাঁৱৰ সৈতে মূল পথৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। উল্লেখ্য যে, অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত আছে। এনডিআৰএফ ,এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন লোকসকলৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমান সীমান্ত অঞ্চলৰ বিচ্ছিন কৰা গাঁওসমূহলৈ অত্যাৱশ্যকীয়…
Read More
অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা

ছামছুদ্দিন আহমেদলৈ আজান পীৰ বঁটা, মাণিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণু ৰাভা বঁটা আৰু গীতা উপাধ্যায়লৈ সতী সাধনী বঁটা আগবঢ়োৱা হ’ব ৷অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক বঁটা প্ৰাপকৰ নাম ঘোষণা৷ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু প্ৰাচ্যভিত্তিক কাৰ্য নীতি বিভাগৰ মন্ত্রী বিমল বড়াই বুধবাৰে জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰে আগবঢ়োৱা কেইটামান বঁটাৰ প্ৰাপকসকলৰ নাম ঘোষণা কৰে ।এই বঁটাসমূহ হৈছে ক্ৰমে - প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা আজান পীৰ ৰাষ্ট্ৰীয় বঁটা, একে সময়ৰ ব্যৱধানত প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ৰ সতী সাধনী বঁটা আৰু বাৰ্ষিক বিষ্ণু ৰাভা বঁটা ।
Read More
অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ। সংগীতৰ বাবে বিশ্বৰ ভিতৰতে বিখ্যাত শিক্ষানুষ্ঠান লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা বিৰল আৰু ঐতিহাসিক সন্মান লাভেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এগৰাকী অসম সন্তানে। তেওঁ হৈছে সংগীত আৰু শৈক্ষক ক্ষেত্ৰৰে জড়িত প্ৰতিষ্ঠিত ব্যক্তিত্ব সাত্যকি ডি’কম ভূঞাৰ পুত্ৰ জ্ঞান ভূঞা। তেওঁ লণ্ডনৰ ৰয়েল কলেজ অৱ মিউজিকৰ পৰা স্নাতক মহলাৰ চাৰিওটা শৈক্ষিক বছৰতে ধাৰাবাহিকভাৱে ডিষ্ট্ৰিংচন লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে, এই সফলতাৰে জ্ঞান ভূঞাই ১৬০ বছৰৰ ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় ছাত্ৰ হিচাপে খ্যাতি লাভ কৰিছে। লগতে তেওঁ এই শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় গায়ক হিচাপেও কৃতিত্ব অৰ্জন কৰে। জ্ঞানৰ এই অভূতপূৰ্ব সাফল্যই অসমৰ লগতে…
Read More