উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ। জিলাখনৰ নীতি উপত্যকাৰ যোশীমঠ-মলৰী পথত অৱস্থিত তমাক নালা অঞ্চলত এই ডাৱৰ বিস্ফোৰণৰ ফলত এক প্ৰচণ্ড পানীৰ ঢল নামি আহে। পানীৰ ঢলে চমলীত ব্যাপক তাণ্ডৱ চলাই বৃহৎ ক্ষয়-ক্ষতি সাধন কৰে। ইপিনে সীমান্ত পথ সংগঠনৰ এগৰাকী কৰ্মীও পানীৰ সোঁতত পৰি সন্ধানহীন হৈ আছে। এই দলংখন উটুৱাই নিয়াৰ ফলত নীতি উপত্যকাৰ প্ৰায় ১৫-১৬ খন সীমান্তৱৰ্তী গাঁৱৰ সৈতে মূল পথৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। উল্লেখ্য যে, অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ মাজত বৰ্তমান অনুসন্ধান অভিযান অব্যাহত আছে। এনডিআৰএফ ,এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ দলসমূহ ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন লোকসকলৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বৰ্তমান সীমান্ত অঞ্চলৰ বিচ্ছিন কৰা গাঁওসমূহলৈ অত্যাৱশ্যকীয় খাদ্য, ঔষধ তথা অন্যান্য সামগ্ৰী যোগান ধৰাৰ লগতে যোগাযোগ পুনৰ সংস্থাপিত কৰিবলৈ সীমান্ত পথ সংগঠনে বিকল্প পথ নিৰ্মাণৰ কাম হাতত লৈছে।
উত্তৰাখণ্ডৰ চামোলি জিলাত ডাৱৰ বিস্ফোৰণ
