৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বানপীড়িত লোকসকলৰ সহায়ৰ নামত নিজাববীয়াকৈ ধন আৰু অনুদান সংগ্ৰহ কৰা ৭২ জন ইউটিউবাৰৰ কাৰ্যকলাপৰ ওপৰত চৰকাৰে তীক্ষ্ণ নজৰ ৰাখিছে। এই ইউটিউবাৰসকলে সঘনে অনলাইন আৰু ৰাজহুৱাভাৱে যি পুঁজি সংগ্ৰহ কৰিছে, সেই ধন প্ৰকৃততে দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত লোকসকলৰ ওচৰ পাইছেগৈনে নাই, চৰকাৰে তাৰ সঠিক পৰ্যবেক্ষণ কৰিব। সংগৃহীত অনুদান বানাক্ৰান্ত অঞ্চলসমূহত সঠিকভাৱে ব্যৱহৃত হৈছে নে নাই, সেই বিষয়টো চৰকাৰে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিব যাতে বানৰ অচিলা লৈ কোনো ধৰণৰ বিত্তীয় অনিয়ম নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে স্পষ্ট কৰে যে, চৰকাৰৰ উদ্দেশ্য কাৰোবাক নিৰ্যাতন চলোৱা নহয়। যিসকল ইউটিউবাৰে সঁচাকৈয়ে নিষ্ঠাৰে কাম কৰিছে আৰু সংগৃহীত পুঁজি প্ৰকৃত আৰ্তজনৰ ওচৰলৈ প্ৰেৰণ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *