গড়লত মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা, এস্পায়াৰ কেৰিয়াৰ ক্লাছেজৰ সপ্তম বাৰ্ষিক অধিৱেশন সম্পন্ন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানা এলেকাৰ গড়ল খেলিয়াপাৰাস্থিত ‘এস্পায়াৰ কেৰিয়াৰ ক্লাছেজ’ৰ সপ্তম বাৰ্ষিক অধিৱেশনখন আজি গড়ল দৌল মন্দিৰ চৌহদত অনুষ্ঠিত হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত হাইস্কুল শিক্ষা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ লগতে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীত শৈক্ষিক প্ৰতিষ্ঠানখনত অধ্যয়ন কৰি সুনাম অর্জন কৰা মেধাৱী শিক্ষাৰ্থীসকলক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন শিক্ষানুৰাগী ব্যক্তি আৰু প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহণ কৰে।অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ইনষ্টিটিউট অফ ফাৰ্মাচী বিভাগৰ মূৰব্বী ডঃ মহুৱা ভৌমিক সিনহা আৰু ডন বস্ক বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক-অভিযান্ত্ৰিক বিভাগৰ মূৰব্বী অধ্যাপক তথা কেৰিয়াৰ পৰামৰ্শ দাতা ডঃ বুলজিৎ বুঢ়াগোহাঁই , বিশিষ্ট সংগীত শিল্পী চন্দমিতা ঠাকুৰীয়াকে ধৰি কেইবাজনো বক্তাই অনুপ্ৰেৰণামুলক ভাষণ প্ৰদান কৰে ।

By Barnali Ghosh

Leave a Reply

Your email address will not be published. Required fields are marked *