উত্তৰ-পূৱ

ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে

ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে

অসমৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে ৷ ১৬৯ কিলোমিটাৰ দৈৰ্ঘৰ দুৰ্গম পাহাৰীয়া লামডিং-বদৰপুৰ অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে এই ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰে ।কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিশা সামাজিক মাধ্যমত এই কথা ঘোষণা কৰে ।ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যম এক্সত এই কথা ঘোষণা কৰি কয়, "অসমৰ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত । কঠিন বুলি বিবেচিত ১৬৯ কিলোমিটাৰ দৈৰ্ঘৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশৰ বৈদ্যুতিকৰণৰ লগে লগে ৰাজ্যখনে ৰে’ল বিদ্যুৎকৰণ যাত্ৰা সম্পূৰ্ণ কৰিছে ।"
Read More
গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান

গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান

গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান। ACS বিষয়া দেৱেশ্বৰ বৰাৰ ওলাইছে গোলাঘাট লিংক। গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডৰ চন্দন নগৰত চলিছে অভিযান।এটা নিৰ্মীয়মাণ পাঁচ মহলীয়া অট্টালিকাত চলিছে অভিযান।দেবেশ্বৰ বৰাৰ পত্নীৰ নামত আছে এই অট্টালিকাটো।৭ ছেপ্টেম্বৰত গ্রেপ্তাৰ হৈছিল ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেবেশ্বৰ বৰা।
Read More
নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অৰুণাচলী লোকসকলৰ

নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অৰুণাচলী লোকসকলৰ

অৰুণাচল প্ৰদেশত এন এইচ পি চিয়ে নিৰ্মান কৰিব খোজা প্ৰস্তাৱিত ১১ হেজাৰ মেগাৱাটৰ বহুমুখী নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰিছে অৰুণাচলী লোকসকলে ৷ প্ৰস্তাৱিত প্ৰকল্প থলীৰ সমীপৰ আপাৰ চিয়াং জিলাৰ কমকাৰ গাঁৱৰ উগেং ত বান্ধ নিৰ্মানৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে। আৰক্ষী আৰু চি আৰ পি এফে প্ৰতিবাদকাৰী সকলক ছত্ৰভঙ্গ দিয়াবলৈ কন্দুৱা গেছও নিক্ষেপ কৰিছে ৷ফলত আৰক্ষী,চিআৰ পি এফ আৰু অৰুণাচলীসকলৰ লোকসকলৰ মাজত হতাহতি হৈছে ৷গাঁওবাসীয়ে সুৰক্ষাবাহিনী নিয়োগৰ তীব্ৰ বিৰোধিতা কৰি কয় যে প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হ’বলগীয়া সম্প্ৰদায়সমূহে প্ৰস্তাৱিত বান্ধ প্ৰকল্পটোৰ বাবে কোনো সন্মতি প্ৰদান কৰা নাই বুলিও তেওঁলোকে সকিয়াই দিয়ে ৷
Read More
১৫টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

১৫টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাটত দুদিনীয়া জিলা আয়ুক্তৰ সন্মিলনৰ সফল সামৰণি। ১৫টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আলোচনাত ৮৫খনতকৈও অধিক ফাইলত স্বাক্ষৰেৰে জনালে অনুমোদন। লগতে বিশিষ্ট ব্যক্তিসকললৈ প্ৰেৰণ কৰিবলগীয়া ৩৪ টোকা আৰু পত্ৰৰ কামো সম্পন্ন মুখ্যমন্ত্ৰীৰ। প্ৰতিগৰাকী জিলা আয়ুক্তই নিজৰ জিলাৰ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বৈঠক কৰি সুনিশ্চিত কৰিব লাগিব যে, প্ৰতিটো নিৰ্দেশনা কোনো পলম নোহোৱাকৈ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকললৈ গৈ পায় আৰু কাৰ্যক্ষেত্ৰত বাস্তৱায়িত হয় সেই নিৰ্দেশনাসমূহ। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।
Read More
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু । আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱাৰ ফলত ৰামানুজৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে ।GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ সময়তে নৰকাসুৰ পাহাৰৰ মাজত পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে । পত্নীক হত্যা কৰাৰ গোচৰত ৰামানুজ হাতীগাঁও আৰক্ষীৰ জিম্মাত আছিল । সোমবাৰে ৰামানুজক আদালতত হাজিৰ কৰোৱাৰ কথা আছিল । এই সন্দৰ্ভত খুব সোনকালেই আৰক্ষীয়ে সবিশেষ প্ৰকাশ কৰিব ৷গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত ৬ ছেপ্তেম্বৰৰ নিশা ৰিয়া তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল । ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছিল । ৬ ছেপ্তেম্বৰৰ নিশাই লোমহৰ্ষক…
Read More
উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

মণিপুৰৰ টামেংলং আৰু ন’নী জিলাত দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী মহিলাসহ প্ৰায় চাৰিজন লোক নিহত হয় ৷ মুখ্যমন্ত্রী ৱাই খেমচাঁদ সিঙে এই হত্যাকাণ্ডক লৈ গভীৰ শোক প্রকাশ কৰাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰে ৷আৰক্ষীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৪ বজাত টামেংলঙত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১২ ঘণ্টাৰ পিছত আন এটা আক্ৰমণত আন দুজন লোকৰ মৃত্যু হয় ।আৰক্ষীয়ে জনোৱা মতে, ইম্ফলৰ পৰা জিৰিবাম সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত টোলেন কুকি গাঁৱৰ এটা ঘৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ চলায় । এই আক্ৰমণত লিংগাংগাই চিংছিট নিহত হোৱাৰ বিপৰীতে তেওঁৰ স্বামী ছেইনাই চিংছিট আৰু কনিষ্ঠ পুত্ৰ আহত হয়…
Read More
নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

হঠাৎ হোৱা বানৰ বাবে নেপালৰ ভিন্ন স্থান ধ্বংসস্তুপত পৰিণত হৈছিল ৷ যাৰ বাবে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ৷ জানিব পৰা মতে, নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে ৷ য’ত ছয়জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷সুৰংগটোত থকা মাটি-শিল আদি আঁতৰাৱলৈ এক্সকেভেটৰ লগতে অন্যান কাৰিকৰি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৷ দলটোৱে বৰ্তমানলৈকে প্ৰায় ৭০ মিটাৰ গভীৰতালৈ বোকা-পানী আঁতৰাবলৈ সক্ষম হৈছে ৷উল্লেখ্য যে, সুৰংগটোৰ ভিতৰত প্ৰায় ১০০ জন শ্ৰমিক আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে ৷ ইফালে সুৰংগৰ ভিতৰত উদ্ধাৰকাৰী দলে ছয়জন শ্ৰমিকৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি ওলোৱা বাতৰিৰ কোনো নিশ্চিত…
Read More
মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অষ্টমবাৰলৈ মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।ডুবাইত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ।খেলখনত শ্বেফালী বাৰ্মা আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাই উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে । ইয়াৰ পাছতে শ্ৰীচৰণী আৰু দীপ্তি শৰ্মাই চমৎকাৰী বলিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।
Read More
আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ ২০'ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক 'আংকল' বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত…
Read More
ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন আত্মসাৎ। স্বপন বিশ্বাস নামৰ লোকজনৰ পৰা কেইবা হাজাৰ টকা আত্মসাৎ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত প্ৰৱঞ্চক ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ।
Read More