উত্তৰ-পূৱ

উত্তৰ গুৱাহাটীত শোকাবহ দুৰ্ঘটনা; ট্ৰাকৰ সৈতে মুখামুখি খুন্দাত নিহত ৩ জন

উত্তৰ গুৱাহাটীত শোকাবহ দুৰ্ঘটনা; ট্ৰাকৰ সৈতে মুখামুখি খুন্দাত নিহত ৩ জন

বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকৰ সৈতে হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল তিনিগৰাকীকৈ লোকে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী বিলাসী এছ ইউ ভি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনত খুন্দা মৰাৰ ফলতেই এই কৰুণ পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ভুল দিশেৰে ট্ৰাকখন আহি থকাৰ বিপৰীতে বিলাসী বাহনখন অত্যন্ত তীব্ৰবেগেৰে গৈ আছিল। দুয়োখন বাহনৰ মাজত হোৱা এই সংঘৰ্ষ ইমান ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্ত সৰু বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। বাহনখনত থকা আটাইকেইজন আৰোহীৰ থিতাতে মৃত্যু ঘটে। মৃত লোককেইজনক পাৰ্থ…
Read More
১৯ বৰ্ষীয় ইশাৰ সাহসিকতাই বচালে মাতৃৰ জীৱন, পিছু হটিল তিনিটা ভালুক

১৯ বৰ্ষীয় ইশাৰ সাহসিকতাই বচালে মাতৃৰ জীৱন, পিছু হটিল তিনিটা ভালুক

হাবিৰ মাজত হঠাতে জঁপিয়াই পৰা তিনিটাকৈ হিংস্ৰ ভালুকৰ মুখৰ পৰা নিজৰ জন্মদাত্ৰী মাকক উদ্ধাৰ কৰিবলৈ ঢাল স্বৰূপ হৈ থিয় দিলে এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে। নিজৰ দেহ ক্ষত-বিক্ষত হোৱাৰ পিছতো কেৱল মাতৃৰ প্ৰাণ ৰক্ষাৰ বাবে বন্য জন্তুৰ সৈতে সাহসেৰে যুঁজি গ’ল সাহসী জীয়ৰীগৰাকীয়ে। মধ্যপ্ৰদেশৰ পন্না জিলাৰ দেৱেন্দ্ৰনগৰ বন সংমণ্ডলৰ অন্তৰ্গত ডুংগৰা পাহাৰৰ জংঘলত শেহতীয়াকৈ সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। ভালুকৰ নখ-দাঁতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মাতৃ-পুত্ৰী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বন বিভাগ আৰু চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, হাটুপুৰ গাঁৱৰ বাসিন্দা বিন্দা ৰায় নামৰ মহিলাগৰাকীয়ে নিজৰ ১৯ বছৰীয়া জীয়ৰী ইশা ৰায় আৰু আন কেইগৰাকীমান মহিলাৰ সৈতে জংঘললৈ কেন্দ্ৰীয় অংশত…
Read More
ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড

ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড

ঈদৰ দিনাই আমেৰিকাৰ লজ্জাজনক কাণ্ড। ইৰানত ভয়ংকৰ আক্ৰমণ কৰি বিশ্বক লজ্জানত কৰিলে ট্ৰাম্পে। নিশা ইৰানৰ বন্দৰ আব্বাছ চহৰত ভয়ংকৰ এয়াৰষ্ট্ৰাইক। আমেৰিকাৰ বাণিজ্যিক জাহাজৰ বাবে ভাবুকিপূর্ণ ইৰানৰ সেনাৰ ঘাটিত আক্রমণ। আমেৰিকাই ধ্বংস কৰিলে ইৰানৰ কেইবাখনো ড্রোণ। ঈদৰ দিনাই ইৰানত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ভংগ হ'ল ইৰান-আমেৰিকাৰ অস্থায়ী যুদ্ধবিৰতি।
Read More
বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে সোণাৰি আৰক্ষীৰ অভিযান।বিধানসভাত UCC গৃহীত হোৱাৰ পাছতেই সোণাৰিত আটক এজন।বাল্যবিবাহৰ অভিযোগত আটকাধীন যুৱকজনৰ নাম বিপ্লৱ খাকলাৰী।সোণাৰিৰ জুটুলনীৰ পৰা আটক কৰা হৈছে যুৱকজনক ।
Read More
গাজাত পুনৰ আক্ৰমণ

গাজাত পুনৰ আক্ৰমণ

পশ্চিম এছিয়াত অব্যাহত যুদ্ধৰ মাজতে ইজৰাইলে গাজাত আক্ৰমণ চলাই দুটা কুখ্যাত সন্ত্ৰাসবাদীক ধৰাশায়ী কৰে। কুখ্যাত সন্ত্ৰাসবাদী দুটাক এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে হত্যা কৰা বুলি দাবী কৰিছে ইজৰাইলে। ইজৰাইল সেনাই কয় যে- উত্তৰ গাজাত চলোৱা এয়াৰ ষ্ট্ৰাইকত সন্ত্ৰাসবাদী দুটাৰ মৃত্যু হোৱাৰ লগতে সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে।ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, ইজৰাইলৰ সেনা বাহিনীয়ে দাবী কৰে যে- তেওঁলোকে হমাছৰ নতুন মিলিটাৰী মুৰব্বী মহম্মদ ওদেহক ধৰাশায়ী কৰিছে। ২০২৩ৰ ৭ অক্টোবৰত সংঘটিত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল ওদেহ।
Read More
মিঠা আলুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মিঠা আলুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মিঠা আলু হৈছে প্ৰাকৃতিক পুষ্টিৰ ভঁৰাল। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন (A, C, E), ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই হজমশক্তি বঢ়ায়, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, চকুৰ দৃষ্টিশক্তি উন্নত কৰে আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।মিঠা আলুৰ স্বাস্থ্যগত উপকাৰিতাৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: ভিটামিন A আৰু C ৰ উপস্থিতিৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি বঢ়ায়।হজম শক্তি উন্নত কৰে: মিঠা আলুত প্ৰচুৰ পৰিমাণে আঁহ বা ফাইবাৰ থাকে যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে আৰু পাচন তন্ত্ৰ সুস্থ ৰাখে।দৃষ্টিশক্তি উন্নত কৰে: বিটা-কেৰটিন (Beta-carotene) যুক্ত এই আলুটো চকুৰ বাবে অত্যন্ত উপকাৰী।মগজুৰ স্বাস্থ্য: ইয়াত থকা এণ্টিঅক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা…
Read More
অসমত অভিন্ন দেৱানী বিধি গৃহীতক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য নিতিন নবীনৰ

অসমত অভিন্ন দেৱানী বিধি গৃহীতক ঐতিহাসিক পদক্ষেপ বুলি মন্তব্য নিতিন নবীনৰ

অসম বিধানসভাত অভিন্ন দেৱানী বিধি বিধেয়ক গৃহীত হোৱাৰ পাছতে দেশজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অসম চৰকাৰৰ এই পদক্ষেপক পূৰ্ণ সমৰ্থন কৰি বিধেয়কখনক উষ্ম আদৰণি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নেতা নিতিন নবীনে। সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দি কয় যে দেশত সমান অধিকাৰ আৰু এক সুস্থিৰ দেৱানী ব্যৱস্থা নিশ্চিত কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ খোজ। দলৰ নীতি সদায় সকলোৰে বাবে ন্যায় আৰু কাকো তোষামোদ নকৰা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। ধৰ্ম নিৰপেক্ষভাৱে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰী আৰু লিভ-ইন সম্পৰ্ক পৰিচালনাৰ বাবে এক উমৈহতীয়া আইনী নিয়ম প্ৰস্তুত কৰাই হৈছে এই নতুন…
Read More
নাবালিকা ধৰ্ষণ মামলাত আশাৰাম বাপুৰ দোষ সাব্যস্ততা আৰু কাৰাদণ্ড অক্ষুণ্ণ

নাবালিকা ধৰ্ষণ মামলাত আশাৰাম বাপুৰ দোষ সাব্যস্ততা আৰু কাৰাদণ্ড অক্ষুণ্ণ

স্বয়ম্ভূ ধৰ্মগুৰু আশাৰাম বাপুৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি অপৰিৱৰ্তিত ৰাখিলে ৰাজস্থান উচ্চ ন্যায়ালয়ে। শেহতীয়া তথ্য অনুসৰি, ন্যায়াধীশ অৰুণ মোংগা আৰু ন্যায়াধীশ যোগেন্দ্ৰ কুমাৰ পুৰোহিতৰ বিচাৰপীঠে সোমবাৰে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আদালতে আশাৰামক দলবদ্ধ ধৰ্ষণ আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগৰ পৰা মুক্ত কৰে যদিও এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ মূল অপৰাধত নিম্ন আদালতে বিহা যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে। বৰ্তমান চিকিৎসাজনিত কাৰণত অন্তৱৰ্তীকালীন জামিনত থকা ৮৬ বছৰীয়া আশাৰামৰ জামিন বাতিল কৰে উচ্চ ন্যায়ালয়ে। একেদৰে তেওঁক অবিলম্বে আত্মসমৰ্পণ কৰিবলৈকো ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে। ৰায়দানৰ সময়ত আদালতে মন্তব্য কৰে যে আশাৰামৰ বৃদ্ধ বয়স বা শাৰীৰিক দুৰ্বলতাৰ দোহাই দি ভুক্তভোগী নাবালিকা গৰাকীৰ সৰৱ কণ্ঠক আওকাণ কৰিব…
Read More
ভাৰত-বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণ প্ৰায় সমাপ্ত বুলি ঘোষণা কনৰাড চাংমাৰ

ভাৰত-বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণ প্ৰায় সমাপ্ত বুলি ঘোষণা কনৰাড চাংমাৰ

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মেঘালয়ৰ সৈতে থকা ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰৰ বেৰ নিৰ্মাণৰ কাম। সোমবাৰে এই বিষয়ে জানিবলৈ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। সীমান্তৰ আন্তঃগাঁথনি উন্নয়নৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, মুঠ সীমান্তৰ ভিতৰত ইতিমধ্যে প্ৰায় ৪০০ কিলোমিটাৰ অংশত বেৰ নিৰ্মাণৰ কাম সফলতাৰে শেষ হৈছে। বৰ্তমান মাত্ৰ ৪০ ৰ পৰা ৪৫ কিলোমিটাৰমান সীমাৰ কামহে বাকী আছে। স্থানীয় কিছু সমস্যাৰ বাবেই এই শেষৰ ১০ শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী চাংমাই। বাকী থকা অংশখিনিত বসবাস কৰা সীমান্তবাসী ৰাইজৰ প্ৰকৃত অসুবিধা আৰু জটসমূহ সমাধান কৰাৰ বাবে চৰকাৰে স্থানীয় লোকসকলৰ সৈতে নিৰন্তৰ আলোচনা চলাই থকা বুলি তেওঁ স্পষ্ট…
Read More
মণিপুৰ আৰক্ষীৰ নেতৃত্বত ডাঙৰ সিদ্ধান্ত, বহিঃৰাজ্যৰ কেডাৰৰ ডি জি পি নিযুক্তিত অনুমতি

মণিপুৰ আৰক্ষীৰ নেতৃত্বত ডাঙৰ সিদ্ধান্ত, বহিঃৰাজ্যৰ কেডাৰৰ ডি জি পি নিযুক্তিত অনুমতি

গোষ্ঠীগত সংঘৰ্ষ জৰ্জৰ মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ বাহিৰৰ কেডাৰৰ কোনো আই পি এছ বিষয়াক আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়াৰ বাবে সোমবাৰে অনুমতি প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চালীক লৈ গঠিত এখন সংমণ্ডল বিচাৰপীঠে মণিপুৰ চৰকাৰৰ এই আবেদন মঞ্জুৰ কৰে। উল্লেখ্য যে, ত্ৰিপুৰা কেডাৰৰ আই পি এছ বিষয়া তথা মণিপুৰৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰ কাৰ্যকাল অহা ৩১ মে’ত সমাপ্ত হ’ব। ৰাজ্যখনৰ বৰ্তমানৰ বিশেষ পৰিস্থিতি আৰু আইন-শৃংখলাজনিত প্ৰত্যাহ্বানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক অৱগত…
Read More