28
Aug
ভাৰত-পাকিস্তান সংঘাতৰ সময়ত চলোৱা ‘অপাৰেচন সেন্দূৰ’ সম্পৰ্কে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথা অজ্ঞাত তথ্য পোহৰলৈ আনিছে ভাৰতৰ প্ৰাক্তন চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল অনিল চৌহানে। নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি তেওঁ সদৰী কৰে যে চাৰগোধাত ভাৰতীয় বায়ুসেনাই আক্ৰমণৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানে পুৱা প্ৰায় ১০ বজাত ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল। কিন্তু বায়ুসেনা প্ৰধানে আক্ৰমণ চলাই যোৱা সম্পৰ্কে সোধাত তেওঁ কোনো দ্বিধাবোধ নকৰি ‘আক্ৰমণ চলাই যোৱা’ৰ নিৰ্দেশ দিছিল। প্ৰাক্তন সেনা প্ৰধানগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি স্কাৰ্দুক বিকল্প লক্ষ্য হিচাপে লোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে পৰিকল্পনা সলনি কৰি ভোলৰীক লক্ষ্য কৰা হয়। আটাইতকৈ চাঞ্চল্যকৰ বিষয় আছিল পাকিস্তানৰ…
