অসম

মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু

মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু

ৰাজপথত ট্ৰাক আৰু কেইবাখনো বাহনৰ মাজৰ ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ বিভীষিকা। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত বুধবাৰে নিশা সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ ১১ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় ট্ৰাকৰ চালকজন। ড্ৰামণ্ডগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বৰকা ঘূমান ছেক্সনৰ সমীপত দুখন দ্ৰুতবেগী ট্ৰাক আৰু দুখন চাৰিচকীয়া বাহনৰ মাজত হোৱা এই খুন্দাৰ ফলত মুহূৰ্তৰ ভিতৰতে দাউ দাউকৈ জ্বলি উঠে বাহনসমূহ। আৰক্ষী অধীক্ষক অপৰ্ণা ৰজত কৌশিকে জনোৱা মতে, ড্ৰামণ্ডগঞ্জ ভেলীৰ পৰা নামি অহা এখন ট্ৰাকৰ ব্ৰেক বিকল হোৱাৰ বাবেই এই শৃংখলাবদ্ধ দুৰ্ঘটনাটো সংঘটিত হয়। নিয়ন্ত্ৰণহীন ট্ৰাকখনে সন্মুখত থকা আন এখন ট্ৰাক আৰু মাজত সোমাই পৰা এখন বলেৰ’ তথা চুইফট…
Read More
জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক তথ্য; আদালতত শ্যামকানু মহন্তৰ মিথ্যাচাৰ প্ৰমাণ চৰকাৰী অধিবক্তাৰ

জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক তথ্য; আদালতত শ্যামকানু মহন্তৰ মিথ্যাচাৰ প্ৰমাণ চৰকাৰী অধিবক্তাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ফাষ্টট্ৰেক আদালতত চলি থকা শুনানিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বুধবাৰে গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়তে এক বিশেষ সাক্ষ্যই সমগ্ৰ বিষয়টোক নতুন মোৰ প্ৰদান কৰে। ছিংগাপুৰত থকাৰ সময়ত অভিযুক্ত শ্যামকানুৱে জুবিনক সুৰা যোগান নধৰিবলৈ হোটেল কৰ্তৃপক্ষক ই-মেইল দিয়াৰ যি দাবী কৰিছিল, সেয়া এতিয়া আদালতত এক মিথ্যাচাৰ বুলি অভিহিত কৰিছে চৰকাৰী অধিবক্তাই। চৰকাৰী অধিবক্তা জিয়াউৰ ৰহমানে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ ভাষ্য অনুসৰি, শ্যামকানুৱে এফালে হোটেল কৰ্তৃপক্ষক সুৰা নিদিবলৈ মেইল কৰিছিল যদিও আনফালে অভিমন্যু নামৰ এজন প্ৰবাসী ভাৰতীয়ৰ জৰিয়তে…
Read More
নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক

নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক

ৰেলযোগে চলি থকা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰে’ল আৰক্ষীয়ে। নিউ বঙাইগাঁও ৰেল ষ্টেচনত মঙলবাৰে চলোৱা এক বিশেষ তালাচীত আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ সোণসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি ৰেল আৰক্ষীয়ে চলোৱা এই আকস্মিক অভিযানে এতিয়া আন্তঃৰাজ্যিক সোণ সৰবৰাহকাৰী চক্ৰৰ এক গভীৰ নেটৱৰ্কৰ তথ্য পোহৰলৈ আনিছে। অভিযানৰ কালছোৱাত আৰক্ষীয়ে অমৰ আলী নামৰ এজন ব্যক্তিক আটক কৰি তেওঁৰ জিম্মাৰ পৰা প্ৰায় ৫৮২ গ্ৰাম সোণ উদ্ধাৰ কৰে। জানিব পৰা মতে, ডাউন নৰ্থ ইষ্ট এক্সপ্ৰেছযোগে বৰপেটাৰ পৰা বিহাৰলৈ এই সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই। জব্দ কৰা এই…
Read More
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰি বছৰীয়া কণমানিৰ

সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰি বছৰীয়া কণমানিৰ

ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি চাৰি বছৰীয়া দেৱশিশুৱে। চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে নিশা সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ এটা ভাড়াঘৰত হঠাত্‍ সূত্ৰপাত হোৱা এই জুইৰ বিভীষিকাই চকুৰ পলকতে নিঃশেষ কৰি পেলায় এটি নিস্পাপ জীৱন। প্ৰাথমিক তথ্য অনুসৰি, ৰন্ধনৰ বাবে পৰিয়ালৰ এগৰাকী সদস্যই পানী আনিবলৈ বাহিৰলৈ ওলাই যোৱাৰ সময়তে এই ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ঘৰৰ ভিতৰত অকলশৰে থকা চাৰি বছৰীয়া ৰাজ সেনা নামৰ শিশুটোৱে কোনো ধৰণৰ প্ৰতিৰক্ষাৰ সুযোগ পোৱাৰ পূৰ্বেই সমগ্ৰ বাসগৃহটো লেলিহান শিখাই আৱৰি ধৰে। ঘৰৰ সকলো আচবাব আৰু সা-সম্পত্তিৰ লগতে শিশুটিৰ…
Read More
মৰ্মান্তিক! মাত্ৰ ৩০ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মৰ্মান্তিক! মাত্ৰ ৩০ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

লাখ লাখ অনুৰাগীক চকুলোৰে ওপচাই বিনোদন জগতৰ পৰা চিৰবিদায় ল’লে হাৰিয়ানভী গীত আৰু নৃত্যৰ অন্যতম পৰিচিত মুখ দিব্যাংকা চিৰোহীয়ে। মঙলবাৰে নিশা গাজিয়াবাদৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে সময় কটাই থকা অৱস্থাতে হঠাত্‍ স্তব্ধ হৈ পৰে এইগৰাকী ৩০ বছৰীয়া অভিনেত্ৰীৰ হৃদস্পন্দন। মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দিব্যাংকাক মৃত ঘোষণা কৰে। মাত্ৰ ৩০ বছৰ বয়সতে এইগৰাকী সম্ভাৱনাপূৰ্ণ শিল্পীৰ অকাল বিয়োগে এতিয়া সমগ্ৰ উদ্যোগটোতে শোকৰ ছাঁ পেলাইছে। বুলন্দচহৰৰ পৰা আহি গাজিয়াবাদত থিতাপি লোৱা দিব্যাংকাই শিক্ষাৰ ক্ষেত্ৰতো নিজৰ মেধাৰ পৰিচয় দিছিল। ছিক্কিমৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰা এইগৰাকী অভিনেত্ৰীৰ শৈশৱৰে পৰা আছিল অভিনয় আৰু নৃত্যৰ…
Read More
পহৰাদাৰীৰ চকুত ধূলি দি দেৱাল পাৰ হৈ পলায়ন হত্যাকাৰী কয়দীৰ; ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ

পহৰাদাৰীৰ চকুত ধূলি দি দেৱাল পাৰ হৈ পলায়ন হত্যাকাৰী কয়দীৰ; ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ

কাৰাগাৰৰ অভেদ্য সুৰক্ষা বেষ্টনীক বৃদ্ধাংগুষ্ঠ দেখুৱাই এটা দুৰ্ধৰ্ষ অপৰাধীয়ে মুকলি আকাশৰ তললৈ ওলাই অহা ঘটনাই সমগ্ৰ কুৰুং কুমে জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলৰিয়াং উপ-কাৰাগাৰৰ পৰা নিশাৰ সুযোগ লৈ কৌশলেৰে পলায়ন কৰা এই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হত্যাকাৰীৰ সন্ধানত আৰক্ষীয়ে তৎক্ষণাত আৰম্ভ কৰে এক ব্যাপক অভিযান। পলাতক কয়দীটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ অপৰাধীটোক। কাৰাগাৰ অধীক্ষক ডেভিদ কয়ুৱে জানিবলৈ দিয়া মতে, বিৰজু ভূমিজ নামৰ ৪৫ বছৰীয়া কয়দীটোৱে মঙলবাৰে নিশা অসুস্থতাৰ ভাও ধৰি জে’লৰ পৰা পলায়ন কৰে। নিশা প্ৰায় ৭ বজাত বিৰজুৱে তাৰ জ্বৰ উঠিছে বুলি পহৰাদাৰীক অভিযোগ কৰি গৰম পানী বিচাৰে।…
Read More
পেহেলগামৰ বৈছাৰণত তেজৰ চেকুৰাৰ এবছৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত দিশহাৰা কাশ্মীৰৰ পৰ্যটন খণ্ড

পেহেলগামৰ বৈছাৰণত তেজৰ চেকুৰাৰ এবছৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত দিশহাৰা কাশ্মীৰৰ পৰ্যটন খণ্ড

প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ পেহেলগামৰ বুকুৰে বৈ যোৱা তেজৰ ধাৰাই আজিও স্তব্ধ কৰি ৰাখিছে উপত্যকাটোৰ পৰ্যটন উদ্যোগ। যোৱা বছৰৰ ২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৈছাৰণ উপত্যকাত চলোৱা নাৰকীয় হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশবাসীয়ে চকুলোৰে সোঁৱৰণ কৰিছে সেই ক’লা দিনটো। ২৫ গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালী পৰ্যটকক ধৰ্মৰ পৰিচয় সুধি নৃশংসভাৱে গুলীয়াই হত্যা কৰা সেই ঘটনাই এতিয়াও পৰ্যটকৰ মনত আতংকৰ সৃষ্টি কৰি ৰাখিছে। পেহেলগামৰ পৰ্যটন খণ্ডত এই আক্ৰমণৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে এসময়ত পৰ্যটকেৰে ভৰি থকা অতিথিশালাসমূহ এতিয়া মৰিশালীৰ দৰে নিস্তব্ধ হৈ পৰিছে। বৈছাৰণৰ সমীপৱৰ্তী এক অতিথিশালাৰ গৰাকী জুবেইৰ আহমেদে কয়, "এসময়ত কৰ্মচাৰীসকলে কোঠা চাফা কৰাৰ আগতেই পৰ্যটকৰ ভিৰ লাগিছিল, কিন্তু…
Read More
ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী! গুৱাহাটীত ভংগ হ’ল ২২ বছৰীয়া বৃষ্টিপাতৰ অভিলেখ

ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী! গুৱাহাটীত ভংগ হ’ল ২২ বছৰীয়া বৃষ্টিপাতৰ অভিলেখ

দেশৰ আন প্ৰান্তত উৎকট গৰমে জনসাধাৰণক জ্বলা-ক'লা খুৱাই থকাৰ বিপৰীতে অসমত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিছে এক ভিন্ন পৰিস্থিতি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ ৰাজ্যতে আগন্তুক দুদিনৰ বাবে জাৰি কৰে বিশেষ সতৰ্কবাণী। বিগত ২৪ ঘণ্টাত ৰাজ্যৰ প্ৰায় সকলো ঠাইতে বৰষুণ হোৱাৰ লগতে গুৱাহাটী মহানগৰীত দেওবাৰে গড়ে ১১৭ মিলিমিটাৰ বৃষ্টিপাত নথিভুক্ত কৰা হয়। মহানগৰীত বৰষুণৰ এই পৰিমাণে ২০০৪ চনৰ ১১৬.৫ মিলিমিটাৰৰ অভিলেখ ভংগ কৰি বিগত ২২ বছৰৰ ভিতৰত সৰ্বাধিক হিচাপে পৰিগণিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, বুধবাৰৰ পুৱা পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তত বিজুলী-ঢেৰেকণিৰ সৈতে বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। এই সময়ছোৱাত ঘণ্টাত ৫০-৬০ কিলোমিটাৰ বেগত ধুমুহা…
Read More
সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা

সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা

অসমৰ সংগীত জগতৰ মহীৰূপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ গোচৰত এতিয়া সৃষ্টি হৈছে এক নতুন পৰিস্থিতিৰ। এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সোমবাৰে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতত দাখিল কৰে নিজৰ জামিনৰ আবেদন। অভিযুক্তগৰাকীৰ এই আবেদনৰ ওপৰত আদালতে অতি শীঘ্ৰেই শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ৰাজ্য কঁপোৱা এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াই গতি লাভ কৰাৰ সময়তে অভিযুক্তই আইনী সকাহ বিচাৰি আদালতৰ দ্বাৰস্থ হোৱা কাৰ্যই সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, এই গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তই ইতিপূৰ্বে জামিনৰ বাবে আবেদন জনাইছিল। অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ ঠিক এদিন পাছতেই মহন্তই আদালতত এই আবেদন দাখিল কৰিছিল। আদালতৰ সূচী…
Read More
চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ

নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত সোমবাৰে নিৰ্বাচন আয়োগত দাখিল দেশৰ বিশিষ্ট নাগৰিকে দাখিল কৰে এক এক যুটীয়া অভিযোগপত্ৰ। যোৱা ১৮ এপ্ৰিলত চৰকাৰী মাধ্যমৰ জৰিয়তে প্ৰচাৰিত ভাষণক লৈ প্ৰাক্তন আমোলা, সমাজকৰ্মী আৰু শিক্ষাবিদসকলে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া শাসকীয় পক্ষৰ লগতে আয়োগকো অস্বস্তিত পেলাইছে। প্ৰাক্তন আমোলা আৰু শিক্ষাবিদসহ ৭০০ বিশিষ্ট নাগৰিকে মোদীৰ এই কাৰ্যক চৰকাৰী যন্ত্ৰৰ চৰম অপব্যৱহাৰ বুলি অভিহিত কৰে। নিৰ্বাচন আয়োগক দিয়া পত্ৰখনত তেওঁলোকে কয়, "প্ৰধানমন্ত্ৰীৰ ভাষণ দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দৰে…
Read More