অসম

অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক

অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক

অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত পৰা লোকৰ সংখ্যা বৃদ্ধি পাই ৯৪ হাজাৰৰো অধিক হৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জনোৱা মতে, যোৱা ২৪ ঘণ্টাত কেয়ি পানিঅৰ, আপাৰ ছিয়াং, তিৰাপ, চাংলাং, পাপুম পাৰে আৰু আপাৰ সুৱনশিৰি জিলাৰ বিভিন্ন অঞ্চলত বান আৰু ভূমিস্খলনৰ নতুন ঘটনা সংঘটিত হৈছে। বহু গাঁৱত ঘৰ-বাৰী, কৃষিভূমি, পথ-দলং আৰু চৰকাৰী সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। এই নতুন ঘটনাসমূহৰ ফলত দুৰ্যোগৰ প্ৰভাৱ আৰু অধিক বিস্তাৰ লাভ কৰিছে। চৰকাৰী হিচাপ অনুসৰি, ২৬খন জিলাৰ ২৩৭টা মণ্ডলৰ অন্তৰ্গত ৩৩৩খন…
Read More
বানপানীত উটি গ’ল প্ৰায় ৩ হাজাৰ গেছ চিলিণ্ডাৰ; নদীত উদ্ধাৰৰ অভিযান অব্যাহত

বানপানীত উটি গ’ল প্ৰায় ৩ হাজাৰ গেছ চিলিণ্ডাৰ; নদীত উদ্ধাৰৰ অভিযান অব্যাহত

বানপানীত উটি গ'ল প্ৰায় তিনি হাজাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ! মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত অবিৰত বৰষুণৰ ফলত সংঘটিত এই অস্বাভাৱিক ঘটনাই প্ৰশাসনক জৰুৰী তৎপৰতা আৰম্ভ কৰিবলৈ বাধ্য কৰিছে। ৰায়গড় জিলাৰ ৰাছায়নী ঔদ্যোগিক এলেকাত থকা এটা ৰন্ধন গেছ ভৰ্তি কেন্দ্ৰত বুধবাৰে এই ঘটনা সংঘটিত হয়। অবিৰত বৰষুণৰ ফলত উপচি পৰা এটা জলপথৰ বানপানীয়ে ভৰ্তি আৰু খালী মিলাই প্ৰায় তিনি হাজাৰ গেছ চিলিণ্ডাৰ পাতালগংগা নদীলৈ উটুৱাই নিয়ে। সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ'সমূহত শতাধিক গেছ চিলিণ্ডাৰ প্ৰবল পানীৰ সোঁতে নদীৰে বৈ যোৱা দৃশ্য দেখা গৈছে। ঘটনাটোৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। জিলা প্ৰশাসনৰ তথ্য অনুসৰি, বৰ্তমানলৈ প্ৰায় এক হাজাৰ চিলিণ্ডাৰ উদ্ধাৰ কৰা হৈছে। নদীত বৈ…
Read More
মৰ্মান্তিক! এজনক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ

মৰ্মান্তিক! এজনক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ

বিদ্যুৎস্পৃষ্ট হৈ ইজনৰ পিছত সিজনকৈ মৃত্যুক সাৱটিবলগীয়া হ'ল একেটা পৰিয়ালৰ চাৰি সদস্যই। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ এজন সদস্যক বচাবলৈ চেষ্টা চলাই প্ৰাণ হেৰুৱাবলগীয়া হয় একেটা পৰিয়ালৰ চাৰিওজনে। ছাতাৰা জিলাৰ ফল্টন তালুকাৰ খামগাঁও গাঁৱত পুৱা প্ৰায় চাৰে ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়। আৰক্ষীৰ তথ্য অনুসৰি, ব্যক্তিগত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ওচৰত থকা নিজ বাসগৃহৰ সন্মুখত প্ৰথমে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে ৪৫ বছৰীয়া সতীশ ওৰফে পিছুৰাদ্যা কিষাণ শিণ্ডে। সতীশ বিদ্যুৎস্পৃষ্ট হোৱা দেখি তেওঁক বচাবলৈ আগবাঢ়ি আহে পত্নী গংগুবাই শিণ্ডে, ২৬ বছৰীয়া পুত্ৰ শচীন শিণ্ডে…
Read More
যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ

যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ

অনাধিকাৰভাৱে এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই অহা এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ যোগীঘোপাত বুধবাৰে আৰক্ষীৰ জালত পৰে ভুৱা চিকিৎসকজন। ধৃত ভুৱা চিকিৎসকজনক যোগীঘোপাৰ ছোট বৰজানা গাঁৱৰ বাসিন্দা নজৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত যোগীঘোপা আৰক্ষী থানাত ১০০/২৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে অভিযুক্তক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, নজৰুল ইছলামে 'বেচেলৰ অব নেচাৰোপেথি এণ্ড যোগিক ছায়েন্সেছ' ডিগ্ৰী লাভ কৰি দীৰ্ঘদিন ধৰি ভুৱাকৈ এলোপেথিক চিকিৎসা প্ৰদান কৰি আহিছিল। বৰপেটা জিলাৰ টাবাকান্দিত থকা 'ফেমিলী কেয়াৰ ডায়েগ্নোষ্টিক চেণ্টাৰ'ত তেওঁ বিভিন্ন ৰোগীক অবৈধভাৱে এই…
Read More
ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ! স্বস্তি হাস্পতালৰ মুখ্যদ্বাৰত ৰাইজে লগালে তলা

ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ! স্বস্তি হাস্পতালৰ মুখ্যদ্বাৰত ৰাইজে লগালে তলা

চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ অকাল মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগেৰে আজি উত্তপ্ত হৈ পৰিল ৰঙিয়া। চহৰখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ‘স্বস্তি হাস্পতাল’ত এই ঘটনা সংঘটিত হয়। মৃত মহিলাগৰাকী ৰঙিয়াৰ ২ নং নকুলগাঁও নিবাসী সুভান কলিতাৰ পত্নী ভৱানী কলিতা (৪৮) বুলি চিনাক্ত কৰা হৈছে। এই মৃত্যুক কেন্দ্ৰ কৰি ক্ষুব্ধ স্থানীয় ৰাইজে চিকিৎসালয়খনৰ মুখ্যদ্বাৰত তলা লগাই অভিযুক্ত চিকিৎসকজনক বিচাৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ২৬ জুনত ভৱানী কলিতাৰ জৰায়ুৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। তিনি দিনৰ চিকিৎসাৰ অন্তত তেওঁ কিছু সুস্থ হোৱাত ঘৰলৈ যাবলে দিয়া হয়। কিন্তু যোৱা ৪ জুলাইত মহিলাগৰাকী পুনৰ অসুস্থ হোৱাত তেওঁক দ্বিতীয়বাৰৰ বাবে স্বস্তি…
Read More
সাংবাদিকক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, ভুক্তভোগীক ৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ

সাংবাদিকক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, ভুক্তভোগীক ৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ

যৌন নিৰ্যাতনৰ এক গোচৰত দোষী সাব্যস্ত হোৱা ড’নাল্ড ট্ৰাম্পক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিলে আদালতে। লেখিকা তথা প্ৰাক্তন সাংবাদিক ই জিন কেৰ’লে ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰিছিল এই অসামৰিক গোচৰ। ১৯৯৬ চনত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল লেখিকাগৰাকীয়ে। নিউয়ৰ্কৰ এখন জুৰীয়ে সুদীৰ্ঘ শুনানিৰ অন্তত ২০২৩ চনত দোষী সাব্যস্ত কৰে ড’নাল্ড ট্ৰাম্পক। এই কাণ্ডৰ বাবে ক্ষতিপূৰণ বাবদ ভুক্তভোগী মহিলাগৰাকীক ৫ মিলিয়ন ডলাৰ আদায় দিবলৈ নিৰ্দেশ দিয়ে আদালতে। শেহতীয়াকৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ আপীল শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এতিয়া সেই ৰায় চূড়ান্তভাৱে বলৱৎ হৈছে। বুধবাৰে আমেৰিকাৰ ন্যায়াধীশ লুইছ কেপলানে আদালতত জমা থকা ৫০ লাখ…
Read More
ফুৰিবলৈ গৈ স্বামীৰ সৈতে কথা পাতি থকাৰ মাজতেই লুইতত জাপ মহিলাৰ, নিমাতিঘাটত তীব্ৰ চাঞ্চল্য

ফুৰিবলৈ গৈ স্বামীৰ সৈতে কথা পাতি থকাৰ মাজতেই লুইতত জাপ মহিলাৰ, নিমাতিঘাটত তীব্ৰ চাঞ্চল্য

স্বামীৰ সৈতে নদীৰ পাৰত বহি কথা পাতি থকাৰ মাজতে হঠাতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই। যোৰহাটৰ নিমাতিঘাটত সংঘটিত হয় এই শোকাবহ তথা ৰহস্যজনক ঘটনা। নিখোজ মহিলাগৰাকী নাওবৈচা পটীয়াগাঁৱৰ দিহিঙীয়াকুৰিৰ বাসিন্দা মুনু দত্ত (৬৯) বুলি জানিব পৰা গৈছে। এই চাঞ্চল্য্যকৰ কাণ্ডৰ পিছৰে পৰা এছ ডি আৰ এফৰ দলে নদীত ব্যাপক উদ্ধাৰ অভিযান চলায়। পৰিয়ালৰ লোকে জনোৱা মতে, বুধবাৰে পুৱা চিকিৎসকৰ ওচৰলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল মুনু দত্ত আৰু তেওঁৰ স্বামী অকন দত্ত। কিন্তু দুপৰীয়া সময়ত দম্পতীহাল ফুৰিবলৈ যায় নিমাতিঘাটলৈ। তাত এখন হোটেলত দুয়ো একেলগে চাহ খোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজ কাঢ়ি গৈছিল। নিমাতিঘাটৰ ২ নং বুলহেডৰ দিশে গৈছিল…
Read More
ড্ৰাগছ আসক্তৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ বুজন পৰিমাণৰ চুৰি সামগ্ৰী, দুজনক আটক

ড্ৰাগছ আসক্তৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ বুজন পৰিমাণৰ চুৰি সামগ্ৰী, দুজনক আটক

শিলচৰৰ পাছত এইবাৰ চুৰি সামগ্ৰীৰ‌ বিৰুদ্ধে কালাইন আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ আসক্ত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কালাইন থানাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালাইন থানাৰ এগৰাকী উপ পৰিদৰ্শকৰ কোৱাৰ্টাৰত সংঘটিত চুৰিকাণ্ডৰ তদন্ত কৰি আৰক্ষীয়ে এই সফলতা লাভ কৰে। এই চুৰিকাণ্ডৰে জড়িত আলিম উদ্দিন আৰু চেলিম উদ্দিন নামৰ দুজন ড্ৰাগছ আসক্ত যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দুয়োজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে নাতানপুৰৰ মুহিম উদ্দিন নামৰ এজন ভঙা-চিঙা ব্যৱসায়ীৰ ঘৰত অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ব্যৱসায়ীজনৰ ঘৰৰ পৰা ৩০টা বেটাৰী, ৬টা বৈদ্যুতিক মটৰ, এখন ইলেক্ট্ৰনিক ওজন পাল্লা, বিভিন্ন ধৰণৰ বাচন-বৰ্তন, বৈদ্যুতিক তাঁৰ, মন্দিৰ-মছজিদৰ সামগ্ৰী, বিভিন্ন বাহনৰ যন্ত্ৰাংশ আৰু দুখন…
Read More
গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত

গুৱাহাটী ৰে’ল ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; অবৈধ অনুপ্ৰৱেশ চক্ৰৰ সন্ধানত তদন্ত

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহত ১১ জন বাংলাদেশী নাগৰিকক আটক কৰে ৰে'ল সুৰক্ষা বাহিনীয়ে। গুৱাহাটী ৰে'ল ষ্টেচনত চেন্নাইৰ টাম্বৰাম অভিমুখী যাত্ৰাৰ পূৰ্বে চলোৱা অভিযানত আটক কৰা হয় আটাইকেইজনকে। ৰে'ল সুৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি, আটাইকেইজনেই পুৰুষ। প্ৰাথমিক তদন্তত মেঘালয়ৰ তুৰা সীমান্তেৰে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ পাইছে। বাংলাদেশৰ এজন দালালৰ সহায়ত সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল বুলিও তদন্তকাৰী দলটোৱে সন্দেহ প্ৰকাশ কৰিছে। আটক ব্যক্তিসকলৰ পৰিচয়, যাত্ৰাপথ আৰু ভাৰতত প্ৰৱেশৰ সম্পূৰ্ণ তথ্য এতিয়াও পৰীক্ষা কৰি আছে তদন্তকাৰীসকলে। তেওঁলোকৰ নথি-পত্ৰৰ সত্যাসত্যও খতিয়ান কৰি চোৱা হৈছে। অবৈধ অনুপ্ৰৱেশৰ সৈতে জড়িত দালাল চক্ৰৰ সন্ধানত আটক ব্যক্তিসকলক জেৰা অব্যাহত ৰাখিছে ৰে'ল সুৰক্ষা বাহিনীয়ে। এই…
Read More
মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা

মধ্য আকাশৰ পৰা সন্ধানহীন মালবাহী বিমান! আৰব সাগৰত দুৰ্ঘটনাৰ আশংকা

মধ্য আকাশৰ পৰাই সন্ধানহীন হৈ পৰিল এখন মালবাহী বিমান। সংযুক্ত আৰব আমিৰশ্বাহীৰ ছাৰজাহৰ পৰা পাকিস্তানৰ কৰাচীলৈ আহি থকা কে–টু এয়াৰৱেজৰ ব'য়িং ৭৩৭ বিমানখনৰ সৈতে মঙলবাৰে নিশা হঠাতে বিচ্ছিন্ন হয় বিমান নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ। পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, পাঁচজন কৰ্মীদলৰ সদস্যক লৈ কৰাচীৰ দিশে আহি থকা বিমানখনত নিশা ৯ বাজি ১৮ মিনিটত নেভিগেচন ব্যৱস্থাৰ ত্ৰুটি ধৰা পৰে। এই তথ্য পোৱাৰ পিছতে বিমান নিয়ন্ত্ৰণ কক্ষই বিমানখনক দিশ নিৰ্দেশনা দিয়াৰ চেষ্টা কৰে। কিন্তু মাত্ৰ তিনি মিনিটৰ ভিতৰতে ৰাডাৰত বিমানখন দ্ৰুতগতিত তললৈ নামি থকা দেখা যায় আৰু তাৰ পিছতে সকলো যোগাযোগ বিচ্ছিন্ন হয়। ঘটনাৰ সময়ত কৰাচীৰ প্ৰায় ২৮৭ কিলোমিটাৰ পশ্চিমে অৱস্থান কৰিছিল বিমানখন।…
Read More