যৌন নিৰ্যাতনৰ এক গোচৰত দোষী সাব্যস্ত হোৱা ড’নাল্ড ট্ৰাম্পক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিলে আদালতে। লেখিকা তথা প্ৰাক্তন সাংবাদিক ই জিন কেৰ’লে ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰিছিল এই অসামৰিক গোচৰ। ১৯৯৬ চনত তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল লেখিকাগৰাকীয়ে। নিউয়ৰ্কৰ এখন জুৰীয়ে সুদীৰ্ঘ শুনানিৰ অন্তত ২০২৩ চনত দোষী সাব্যস্ত কৰে ড’নাল্ড ট্ৰাম্পক। এই কাণ্ডৰ বাবে ক্ষতিপূৰণ বাবদ ভুক্তভোগী মহিলাগৰাকীক ৫ মিলিয়ন ডলাৰ আদায় দিবলৈ নিৰ্দেশ দিয়ে আদালতে।
শেহতীয়াকৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্পৰ আপীল শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এতিয়া সেই ৰায় চূড়ান্তভাৱে বলৱৎ হৈছে।
বুধবাৰে আমেৰিকাৰ ন্যায়াধীশ লুইছ কেপলানে আদালতত জমা থকা ৫০ লাখ আমেৰিকান ডলাৰ ই জিন কেৰ’লক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে। লগতে এই ধনৰ ওপৰত প্ৰযোজ্য সুদো আদায় দিবলৈ কয়। অৱশ্যে সুদৰ সঠিক পৰিমাণ আদালতে উল্লেখ কৰা নাই।
আদালতৰ তথ্য অনুসৰি, ২০২৩ চনৰ ৰায়ত যৌন নিৰ্যাতনৰ অভিযোগত ২০ লাখ আমেৰিকান ডলাৰ আৰু মানহানিৰ অভিযোগত ৩০ লাখ আমেৰিকান ডলাৰ ক্ষতিপূৰণ আদায় দিবলৈ ট্ৰাম্পক নিৰ্দেশ দিয়া হৈছিল।
বৰ্তমান ৮২ বছৰীয়া ই জিন কেৰ’ল পেছাত এগৰাকী সাংবাদিক আৰু স্তম্ভলেখিকা। তেওঁৰ অভিযোগ অনুসৰি, ১৯৯৬ চনত নিউয়ৰ্কৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ পোছাক সলনি কোঠাত ট্ৰাম্পে তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল। ২০১৯ চনত প্ৰকাশিত নিজৰ গ্ৰন্থত এই ঘটনাৰ কথা ৰাজহুৱাভাৱে উল্লেখ কৰাৰ পিছত ট্ৰাম্পে অভিযোগ সম্পূৰ্ণ অস্বীকাৰ কৰি সেই দাবীক মনেসজা বুলি মন্তব্য কৰিছিল।
ইফালে, ট্ৰাম্প আৰু কেৰ’লৰ মাজত আন এটা মানহানিৰ গোচৰতো আদালতে ট্ৰাম্পক ৮ কোটি ৩৩ লাখ আমেৰিকান ডলাৰ ক্ষতিপূৰণ আদায় দিবলৈ পূৰ্বে নিৰ্দেশ দিছে। আপীলৰ পিছতো সেই ৰায় বাহাল আছে যদিও বৰ্তমানলৈকে ইয়াৰ কাৰ্যকৰীকৰণ স্থগিত হৈ আছে।
আনহাতে, আমেৰিকাৰ সংবাদমাধ্যমসমূহৰ খবৰ অনুসৰি, কেৰ’লৰ বিৰুদ্ধেও পৃথক এক তদন্ত চলি আছে। ট্ৰাম্পৰ বিৰুদ্ধে চলা গোচৰসমূহত শপত লৈ দিয়া বক্তব্যত ভুল তথ্য প্ৰদান কৰা হৈছিল নেকি, সেই দিশটো আমেৰিকাৰ ন্যায় বিভাগে পৰীক্ষা কৰি আছে। অৱশ্যে এই তদন্তত এতিয়ালৈ কোনো আনুষ্ঠানিক অভিযোগ দাখিল কৰা হোৱা নাই।
