যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ

অনাধিকাৰভাৱে এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই অহা এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ যোগীঘোপাত বুধবাৰে আৰক্ষীৰ জালত পৰে ভুৱা চিকিৎসকজন। ধৃত ভুৱা চিকিৎসকজনক যোগীঘোপাৰ ছোট বৰজানা গাঁৱৰ বাসিন্দা নজৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

এই সন্দৰ্ভত যোগীঘোপা আৰক্ষী থানাত ১০০/২৬ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে অভিযুক্তক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, নজৰুল ইছলামে ‘বেচেলৰ অব নেচাৰোপেথি এণ্ড যোগিক ছায়েন্সেছ’ ডিগ্ৰী লাভ কৰি দীৰ্ঘদিন ধৰি ভুৱাকৈ এলোপেথিক চিকিৎসা প্ৰদান কৰি আহিছিল। বৰপেটা জিলাৰ টাবাকান্দিত থকা ‘ফেমিলী কেয়াৰ ডায়েগ্নোষ্টিক চেণ্টাৰ’ত তেওঁ বিভিন্ন ৰোগীক অবৈধভাৱে এই চিকিৎসা সেৱা আগবঢ়াই আছিল।

অসম চিকিৎসা পঞ্জীয়ন পৰিষদৰ অভিজিৎ নেওগে দাখিল কৰা এক এজাহাৰৰ ভিত্তিতেই যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই ভুৱা চিকিৎসকজনক।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *