অসম

‘মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো

‘মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো

''মই আচৰিত হৈছো। মই এছ এফ আই কেনেকৈ হৈ গ’লো !মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, ৫০ হাজাৰ মানুহৰ চাকৰি খাইছো বুলি কৈছে। এচাম মানুহে ইমান উঠি- পৰি লাগিছে মোক বদনাম কৰিবলৈ। মই তেনেই সাধাৰণ ল’ৰা, ছবি আঁকি ভালপাওঁ'' - এই মন্তব্য চিত্ৰশিল্পী মাৰ্শ্বাল বৰুৱাৰ।উল্লেখযোগ্য যে, গণেশগুৰিৰ উৰণ সেতুৰ জুবিন গাৰ্গৰ ছবি মচা ঘটনাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে কৰা বক্তব্যৰ পাছতে সামাজিক মাধ্যমযোগে চিত্ৰশিল্পী বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয়- কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালো গণেশগুৰিৰ ফ্লাই অভাৰৰ ছবিখনক লৈ। তেওঁ চাগৈ ভুল বুজি আছে, সেয়ে মই কিছুমান কথা ক’ব খুজিছো। ছবিখন জুবিনদাৰ দৰে হৈছেনে…
Read More
নিজৰ মাটিতে মই মৰিব খোজো ৷’’

নিজৰ মাটিতে মই মৰিব খোজো ৷’’

‘‘নিজৰ মাটিতে মই মৰিব খোজো ৷’’ দেশ এৰি পলায়ন কৰি থকা শ্বেখ হাছিনাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ বাবে যো-জা চলাইছে বুলি ANI-ত প্ৰকাশ পাইছে ৷অৱশ্যে তেওঁ নিজৰ দেশলৈ উভতি অহাৰ পৰিকল্পনা সন্দৰ্ভত ঢাকাৰ বৰ্তমানৰ কৰ্তৃপক্ষৰ সৈতে কোনো আলোচনা হোৱা নাই । শ্বেখ হাছিনাই কয়, "মই উভতি আহিলে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, আনকি মোক হত্যা কৰিব পাৰে । তথাপিও মই ঘৰৰ মাটিলৈ উভতি যাব লাগিব ।"তেওঁ কয়, "মোৰ দলৰ নেতা-কৰ্মীসকলৰ ওপৰত অত্যধিক হেঁচা পৰিছে । যদি মৃত্যু আহে তেন্তে মই বিচাৰো যে সেয়া মোৰ মাতৃভূমিতেই হওক, য ঠাইত মোৰ পিতৃ-মাতৃক সমাধিস্থ কৰা হৈছিল আৰু যিঠাইত তেওঁলোকৰ তেজ বৈছিল ।"
Read More
জুবীন মিউৰেলৰ পিছত কঠোৰ সিদ্ধান্ত: অনুমতি নোহোৱাকৈ আঁকিলে গ্ৰেপ্তাৰ

জুবীন মিউৰেলৰ পিছত কঠোৰ সিদ্ধান্ত: অনুমতি নোহোৱাকৈ আঁকিলে গ্ৰেপ্তাৰ

শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অনুমতি অবিহনে ফ্লাইঅ'ভাৰত মিউৰেল আঁকা লোকক গ্ৰেপ্তাৰ কৰা হ'ব। তেওঁ অভিযোগ কৰে যে Students' Federation of India (SFI)ৰ সদস্যসকলে ৰাজনৈতিক প্ৰচাৰ বাবে ৰাজহুৱা আন্তঃগাঁথনি ব্যৱহাৰ কৰিছে। সংবাদমেলত ভাষণ দি শৰ্মাই দাবী কৰে যে ফ্লাইঅ'ভাৰত মিউৰেল আঁকা গোটটো SFIৰ সৈতে জড়িত। তেওঁ অভিযোগ কৰে যে সংগঠনটোৱে প্ৰথমে ফ্লাইঅ'ভাৰ নিৰ্মাণৰ বিৰোধিতা কৰে আৰু পিছত ৰাজহুৱা দৃষ্টি আকৰ্ষণৰ বাবে তাত মিউৰেল আঁকে। “যি গোটে ফ্লাইঅ'ভাৰ নিৰ্মাণৰ বিৰোধিতা কৰে, সেই একেই গোটে পিছত গৈ তাত ছবি আঁকে। তেওঁলোকে প্ৰতিবাদো কৰিব বিচাৰে আৰু একে সময়তে বিনামূলীয়া প্ৰচাৰো বিচাৰে। এনে কৰিবলৈ দিয়া নহ'ব,” মুখ্যমন্ত্ৰীয়ে কয়। শৰ্মাই কয়…
Read More
বাজেটত উজনি অসম, বৰাক, চাহ বাগিচাৰ বাবে কোনো পৰিকল্পনা নাই: AJP

বাজেটত উজনি অসম, বৰাক, চাহ বাগিচাৰ বাবে কোনো পৰিকল্পনা নাই: AJP

বিৰোধী দল অসম জাতীয় পৰিষদে (AJP) কৈছে যে ২০২৬-২৭ বৰ্ষৰ বাবে ৰাজ্য চৰকাৰৰ বাজেটে “জনতাৰ আশা আৰু আকাংক্ষা প্ৰতিফলিত কৰিবলৈ ব্যৰ্থ হৈছে।” “ইয়াৰ বিপৰীতে বাজেটখনে মাত্ৰ এখন কল্পিত অসমৰ দৃষ্টিভংগীৰ নথি হিচাপেহে আছে, য'ত ৰূপায়ণৰ কোনো বাস্তৱিক ৰোডমেপ নাই। এনে পৰিস্থিত বাজেটখনক কেৱল অৱাস্তৱ সপোনৰ সংকলন বুলিহে ক'ব পাৰি,” AJPৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শুকুৰবাৰে এক যুটীয়া বিবৃতিত কয়। বাজেটখনক “সংখ্যাৰ খেলা আৰু অৱাস্তৱ পৰিসংখ্যাৰ প্ৰদৰ্শন” বুলি অভিহিত কৰি তেওঁলোকে কয় যে ই অসমৰ জনতাই সন্মুখীন হোৱা প্ৰকৃত সমস্যাসমূহ সমাধানৰ বাবে কোনো ব্যৱহাৰিক ৰোডমেপ আগবঢ়োৱা নাই। “চৰকাৰে গৌৰৱেৰে কয় যে বিগত এটা দশকত ৰাজ্যৰ বাজেটৰ আকাৰ…
Read More
অসমক সৰু নদী খনন আৰু জলাশয় পুনৰুদ্ধাৰৰ পৰামৰ্শ দিলে কেন্দ্ৰীয় দলে

অসমক সৰু নদী খনন আৰু জলাশয় পুনৰুদ্ধাৰৰ পৰামৰ্শ দিলে কেন্দ্ৰীয় দলে

ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ ছয়গৰাকী সদস্যৰে গঠিত আন্তঃ-মন্ত্ৰণালয় কেন্দ্ৰীয় দল (IMCT)য়ে শুকুৰবাৰে ২০২৫ আৰু ২০২৬ বৰ্ষৰ বাবে অসমৰ বানপানীৰ ক্ষতিৰ স্থানীয় মূল্যায়ন ভ্ৰমণ সামৰণি পেলালে। জনতা ভৱন, দিছপুৰত অসমৰ মুখ্য সচিব ৰবি কোটাৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ-পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় দলটোৱে ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে। কেন্দ্ৰীয় দলটোৱে ভ্ৰমণ কৰা জিলাসমূহৰ জীৱিকা আৰু সম্পত্তিৰ ক্ষতি আৰু লোকচানৰ বিষয়ে আলোচনা কৰে। অসম চৰকাৰে কেন্দ্ৰীয় দলটোক অৱগত কৰে যে ৰাজ্যত এতিয়াও বৰ্ষাৰ ঋতু চলি থকাৰ বাবে আৰু ক্ষতিৰ মূল্যায়ন চলি থকাৰ বাবে বানপানীৰ মৌচুম শেষ হোৱাৰ পিছতহে ৰাজ্যৰ চূড়ান্ত বানপানীৰ স্মাৰকলিপি ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হ'ব। কেন্দ্ৰীয় দলটোৱে ৰাজ্য…
Read More
সদনত ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ বাজেট উপস্থাপন

সদনত ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ বাজেট উপস্থাপন

ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনৰ মজিয়াত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেট দাখিলৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে এইবাৰৰ বাজেটৰ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ হৈছে ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকা। অৰ্থাৎ এইবাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে ডেৰ লাখ কোটি টকাৰ সংখ্যা অতিক্ৰম কৰিলে আৰু অনুমান কৰিব পাৰোঁ যে মাৰ্চৰ ভিতৰত আৰু দুখন বিধানসভা অধিবেশন হ'ব আৰু দুয়োবাৰে বাজেটৰ ধন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সেয়ে বাজেটৰ ধন ১ লাখ ৫৬ হাজাৰ কোটিতকৈ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকি যাব। সকলো দিশৰ পৰা আৰু ৰাজ্যৰ বিকাশৰ বাবে…
Read More
অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

অহা বছৰৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰে স্কুটি! ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব নিযুত মাইনা আৰু নিযুত বাবু আঁচনি। একে সময়তে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এইবাৰ প্ৰায় ১৮ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটি। অৱশ্যে অহাবাৰৰ এই আঁচনি বন্ধ কৰি সেই ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনি অধিক সম্প্ৰসাৰণত ব্যয় কৰাৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তেওঁ জনায় যে, এতিয়ালৈকে নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে ৫ লাখ ৪৪ হাজাৰ ৪৭৯ গৰাকী ছাত্ৰী উপকৃত হৈছে। এই আঁচনিৰ অধীনত ইতিমধ্যে ৩৭৪ কোটি টকাৰ আৰ্থিক সাহায্য বিতৰণ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত…
Read More
হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল; চাকৰি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু কল্যাণ আঁচনিত বিশেষ গুৰুত্ব

হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল; চাকৰি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু কল্যাণ আঁচনিত বিশেষ গুৰুত্ব

বিধানসভাত দাখিল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২.০ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট। প্ৰথমবাৰৰ বাবে বিধানসভাত বাজেট দাখিল কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চৰকাৰী নিযুক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, কৃষি, শিক্ষা, উদ্যোগ, শক্তি আৰু সমাজ কল্যাণ খণ্ডক কেন্দ্ৰ কৰি একাধিক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। 'ওম গণেশায় নমঃ' উচ্চাৰণেৰে বাজেট ভাষণ আৰম্ভ কৰে জয়ন্ত মল্ল বৰুৱাই। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলিও নিবেদন কৰে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে ৪১৯.২৬ কোটি টকাৰ ৰাজকোষীয় ঘাটিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বাজেটৰ নথি অনুসৰি, ৰাজ্যৰ সংহত পুঁজিলৈ মুঠ ১,৫১,৮৪৩.২৩ কোটি টকা ৰাজহ…
Read More
জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত

জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত

পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হ'ল দুই জাল নোট সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ ঢলাহাটৰ নাহৰবাৰী অঞ্চলত বুধবাৰে নিশা জাল নোট উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ পিছতে গুলীচালনা কৰে আৰক্ষীয়ে। গুলীবিদ্ধ দুয়োজনক মাতিবুৰ ৰহমান আৰু মুকছাবুল আলম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ গুলীত দুয়োৰে ভৰিত আঘাত লাগে। তাৰ পিছতে অভিযুক্তদুজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হয়। কঠোৰ নিৰাপত্তাৰ মাজতে চলি আছে দুয়োৰে চিকিৎসা। আৰক্ষীয়ে জনোৱা মতে, জাল নোটৰ এটা চক্ৰৰ তদন্তৰ সন্দৰ্ভত পূৰ্বেই আটক কৰা হৈছিল দুয়োজনক। সেই তদন্তৰ সূত্ৰ ধৰি জাল নোট উদ্ধাৰৰ উদ্দেশ্যে আৰক্ষীৰ এটা দলে দুয়োকে…
Read More
ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ

ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ কীৰ্তিকমল দেৱ গোস্বামীক। ভুক্তভোগী ১৯ বছৰীয়া যুৱকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত প্ৰায় সাত ঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত এই গ্ৰেপ্তাৰ কাৰ্য সম্পন্ন কৰে শিৱসাগৰ আৰক্ষীয়ে। সত্ৰাধিকাৰ শচীন্দ্ৰদেৱ গোস্বামীৰ পুত্ৰ কীৰ্তিকমল দেৱ গোস্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে। এজাহাৰত ভুক্তভোগীজনে অভিযোগ কৰা অনুসৰি, তেওঁৰ বয়স ১৫ বছৰ হোৱাৰ পৰাই অভিযুক্তই একাধিকবাৰ যৌন নিৰ্যাতন, শাৰীৰিক নিৰ্যাতন আৰু মানসিক অত্যাচাৰ চলাই আহিছিল। ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা তেওঁক ঘটনাৰ বিষয়ে…
Read More