অসম

নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত নিৰাপত্তাৰক্ষীৰ পৃথক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) আৰু এন এচ চি এন (আইএম)ৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে নিশা নাগালেণ্ডৰ মন জিলাত চলি থকা এক যৌথ অভিযানৰ সময়ত তিনিজন সক্ৰিয় আলফা কেডাৰক আটক কৰে নিৰাপত্তাবাহিনীয়ে। আনহাতে, শনিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এন এচ চি এন (আইএম)ৰ এজন শীৰ্ষ নেতাই নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, নাগালেণ্ডৰ ফমচিং অঞ্চলত সক্ৰিয় হৈ থকা আলফা (স্বা)ৰ গোটটোৱে চাংনিউ গাঁৱৰ দিশে আগবাঢ়ি থকাৰ সময়তে নিৰাপত্তাৰক্ষীৰ জালত পৰে। ধৃত কেডাৰকেইজনক তেজপুৰৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন্দ্ৰ অসম, যোৰহাটৰ স্বয়ম্ভূ লেন্স কৰ্পোৰেল ব্ৰজেন অসম আৰু…
Read More
ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ডিটেনচন চেণ্টাৰত বঙালী হিন্দুসকলক আৱদ্ধ কৰি ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ কোনো এটা শিবিৰতে এজনো বঙালী হিন্দু লোক নাই বুলি দাবী কৰি তেওঁ বিৰোধীৰ সকলো অভিযোগ নস্যাৎ কৰে। বিশেষকৈ তৃণমূল কংগ্ৰেছৰ দৰে দলসমূহে উত্থাপন কৰা এই বিষয়টোক লৈ চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ গৈ তেওঁ ৰাজহুৱা প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "অসমৰ ডিটেনচন কেম্পত এজনো বঙালী হিন্দু নাই। যদি এজনো তেনে ব্যক্তি ওলায়, তেন্তে মই আজিৰ দিনটোতে পদত্যাগ কৰিবলৈ সাজু আছোঁ। উচ্চতম ন্যায়ালয়ে ১৯৫০ চনৰ আইনখনৰ অধীনত অসম চৰকাৰক যথেষ্ট ক্ষমতা প্ৰদান…
Read More
পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব বুলি ঘোষণা কৰিছে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন নাকচ কৰে। এই গোচৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত। খেড়াই অভিযোগ কৰিছিল যে শৰ্মাৰ পত্নীৰ হাতত একাধিক পাছপ’ৰ্ট আছে আৰু বিদেশত অঘোষিত সম্পত্তি আছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত লিখিছে-সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছে তেঁওলোকৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেড়াৰ সৈতে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। তেওঁ লগতে কয়-উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে।
Read More
কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ

কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ

জামিন লাভ কৰিলে কাৰাবন্দী সাংসদ অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা তেওঁৰ কোঠাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হোৱাৰ গোচৰত শুকুৰবাৰে ডিব্ৰুগড় আদালতে সাংসদগৰাকীক জামিন প্ৰদান কৰে। জিলাখনৰ ২১/২০২৪ নম্বৰৰ এই গোচৰটোৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত উপস্থিত হৈ ভাৰ্চুৱেলী আদালতত হাজিৰ হয় অমৃতপাল। কাৰাগাৰ অধীক্ষক নিপেন দাসে দাখিল কৰা এক অভিযোগৰ ভিত্তিত ৰুজু হোৱা এই গোচৰটোত তেওঁৰ সৈতে বন্দী হৈ থকা আন কেইবাগৰাকীও লোকক অভিযুক্ত কৰা হৈছিল। অমৃতপাল সিঙৰ অধিবক্তা যশবীৰ কৌৰে জনোৱা মতে ইতিমধ্যে এই গোচৰৰ অভিযোগনামা দাখিল কৰা হয়। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়াৰ আদালতত জামিন আবেদন দাখিল কৰাত ন্যায়ালয়ে সেই আবেদন মঞ্জুৰ কৰে। অৱশ্যে…
Read More
বিজেপিত যোগদান ৰাঘৱ চাড্ডা সহ ৭ সাংসদৰ; আম আদমি পাৰ্টিত ভয়ংকৰ

বিজেপিত যোগদান ৰাঘৱ চাড্ডা সহ ৭ সাংসদৰ; আম আদমি পাৰ্টিত ভয়ংকৰ

আম আদমি পাৰ্টি ত্যাগ কৰিলে সাংসদ ৰাঘৱ চাড্ডাই। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ পাছত শুকুৰবাৰে ৰাজ্যসভাৰ সাতগৰাকী সাংসদৰ সৈতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৰাঘৱ চাড্ডাৰ উপৰি এই দলটোত আছে সন্দীপ পাঠক, অশোক মিট্টাল, স্বাতী মালিৱাল আৰু হৰভজন সিঙৰ দৰে প্ৰভাৱশালী নেতা। দলটোৰ মূল আদৰ্শৰ পৰা বিচ্যুত হোৱাৰ অভিযোগ তুলি শুকুৰবাৰে নতুন দিল্লীত এক সংবাদমেলযোগে তেওঁলোকে গেৰুৱা শিবিৰত যোগ দিয়াৰ কথা ঘোষণা কৰে। আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ দুই-তৃতীয়াংশ সাংসদ একত্ৰিত হৈ সাংবিধানিক ব্যৱস্থাৰ অধীনত বিজেপিৰ সৈতে বিলীন হোৱাৰ সিদ্ধান্ত লয়। সংবাদমেলত চাড্ডাই কয়, "যিটো দলক মই তেজ-ঘামেৰে গঢ়ি তুলিছিলোঁ, সেই দলটোৱে এতিয়া ব্যক্তিগত স্বাৰ্থৰ বাবে কাম…
Read More
যিকোনো মূহুৰ্তত খানা নৈত জাহ যাব পাৰে খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথ

যিকোনো মূহুৰ্তত খানা নৈত জাহ যাব পাৰে খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ পূব দিশৰ পৰা দীপ নগৰ হৈ দীপৰ বিল সংযোগী পথটো বিগত কেইটামান দিন ধৰি হৈ নেৰানেপেৰা বৰষুণৰ বাবে কেবা ঠাইতো ফাট মেলিছে। আনকি ১৯ এপ্ৰিলৰ দিনা গোটেই নিশা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত দীপ নগৰত পথচোৱাৰ দাঁতিত থকা কমল দাস নামৰ লোকজনৰ এটা শৌচাগাৰ খানা নৈৰ গৰা খহনীয়াৰ কবলত পৰি খহি পৰাৰ লগতে সমাজকৰ্মী মুকুণ্ড মহন্তৰ ঘৰৰ সন্মুখৰ পৰা খানামুখ ৰাজহুৱা  ৰাজহুৱা শ্মশানৰ সমীপলৈ প্ৰায় ৩০০ মিটাৰ পথৰ অংশৰ আধামান খানা নৈত বহি গৈ খহি যোৱাৰ ফলত পথচোৱা সংকুচিত হৈ পৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন লোকসকলে ব্যক্ত কৰা অনুসৰি তৎকালে যদি খহনীয়া…
Read More
বিজে মছলা উদ্যোগৰ বাটকটীয়া, ‘বিকাজী’ৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

বিজে মছলা উদ্যোগৰ বাটকটীয়া, ‘বিকাজী’ৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

ভাৰতীয় মছলা উদ্যোগৰ অন্যতম বলিষ্ঠ কাণ্ডাৰী তথা বিকাজী ফুডছ ইন্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰতিষ্ঠাকালৰে পৰা বিকাজীক পথ প্ৰদৰ্শন কৰি অহা আগৰৱালাৰ এই প্ৰস্থানে দেশৰ বাণিজ্যিক মহলত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে। প্ৰণিধানযোগ্য যে বিখ্যাত হালদিৰাম পৰিয়ালৰ উত্তৰাধিকাৰী শিৱ ৰতন আগৰৱালাই আশীৰ দশকৰ শেষৰ ফালে নিজাকৈ বিকাজী ব্ৰেণ্ডটো গঢ়ি তুলিছিল। ১৯১৮ চনত বিকানেৰত জন্ম লাভ কৰা তেওঁৰ পিতামহ গঙ্গাবিষাণ 'হালদিৰাম' আগৰৱালাই আৰম্ভ কৰা পৰম্পৰাক আগুৱাই নি ১৯৮৭ চনত তেওঁ বিকাজীৰ ভেটি স্থাপন কৰিছিল। পৰম্পৰাগত ভুজিয়াক বিশ্বজনীন মান প্ৰদান কৰিবলৈ তেওঁ প্ৰথমবাৰৰ বাবে উচ্চপৰ্যায়ৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছিল। বৰ্তমান বিশ্বৰ ২০ খনতকৈও অধিক দেশলৈ বিকাজীৰ সামগ্ৰী ৰপ্তানি…
Read More
পৱন খেড়াৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

পৱন খেড়াৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

কংগ্ৰেছ নেতা পৱন খেড়াৰ বিপদ ঘনীভূত হৈছে। খেড়াৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰত খেড়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন দাখিল কৰিছিল।কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতাৰ জামিন আবেদন নাকচ কৰে। কংগ্ৰেছ নেতাগৰাকী এতিয়া গ্ৰেপ্তাৰৰ ভাবুকিৰ সন্মুখীন হৈছে। ২১ এপ্ৰিলত এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত উচ্চ ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষণ ৰাখিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অসম আৰক্ষীৰ অপৰাধ শাখাত দাখিল কৰা এফআইআৰ সন্দৰ্ভত পৱন খেড়াই আগতীয়া জামিন বিচাৰিছিল। খেড়াই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰত একাধিক পাছপ’ৰ্ট আৰু সম্পত্তি থকাৰ অভিযোগ…
Read More
অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি

অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি

নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ বজাৰত পুনৰ কণীৰ দৰ বৃদ্ধি পোৱা ঘটনাই জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। গুৱাহাটীৰ জু-ৰোডৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, পূৰ্বে ১৭০ টকাত বিক্ৰী হোৱা প্ৰতিখন কণীৰ ক্ৰেটৰ মূল্য এতিয়া ২০০ টকালৈ বৃদ্ধি পাইছে। অতি কম সময়ৰ ভিতৰতে প্ৰতিখন ক্ৰেটত ৩০ টকাকৈ বৃদ্ধি পাই মধ্যবিত্তৰ পাকঘৰত এতিয়া মাধমাৰ শোধাইছে এই মূল্যবৃদ্ধিয়ে। কেৱল খুচুৰা বজাৰতে নহয়, পাইকাৰী বজাৰতো এক নতুন অভিলেখ গঢ়িছে কণীৰ মূল্যই। বৰ্তমান প্ৰতি কাৰ্টন কণীৰ মূল্য পূৰ্বৰ ১১৫০ টকাৰ পৰা ১২০০ টকালৈ বৃদ্ধি পাইছে। পুষ্টিকৰ খাদ্যৰ এক সুলভ উৎস হিচাপে পৰিচিত কণীৰ এই দ্ৰুত বৃদ্ধিয়ে এতিয়া বিপাঙত পেলাইছে নিম্নবিত্ত পৰিয়ালসমূহক। বজাৰত যোগানৰ নাটনি আৰু পৰিবহণ…
Read More
অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান

অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান

অসমৰ বৌদ্ধিক জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি ইহসংসাৰৰ পৰা চিৰবিদায় ল’লে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নিত্য বৰাই। যোৱা প্ৰায় ছমাহ ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা ৮৩ বছৰীয়া বৰাই বুধবাৰে যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। গুৱাহাটী আৰু পৰৱৰ্তী সময়ত যোৰহাটত চিকিৎসাধীন হৈ থকা অৱস্থাতে বুধবাৰে বিয়লি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে ২.৩০ বজাত তেওঁক মৃত ঘোষণা কৰে। অসমৰ সাংবাদিকতা আৰু সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী প্ৰবীণ সম্পাদকৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। যোৰহাটৰ এ জি নাৰ্চিং হোমৰ আই চি ইউত চিকিৎসাধীন হৈ থকা বৰাৰ বিয়োগৰ সন্দৰ্ভত তেওঁৰ জোঁৱায়েক কয়, "যোৱা তিনিদিন…
Read More