অসম

অবৈধ বিদেশীৰ কৰিড’ৰ বন্ধ কৰিবলৈ ষষ্ঠ অনুসূচীৰ প্ৰয়োজনঃ মতিলাল ৰাভা

অবৈধ বিদেশীৰ কৰিড’ৰ বন্ধ কৰিবলৈ ষষ্ঠ অনুসূচীৰ প্ৰয়োজনঃ মতিলাল ৰাভা

নিখিল ৰাভা মহিলা পৰিষদৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ৮ আগষ্টত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু ৰাণী আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাণী আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত উক্ত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। উক্ত প্ৰতিষ্ঠা দিৱসৰ ১০ জুলাইত  লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে  অনুষ্ঠিত মাংগলিক অনুষ্ঠানটিৰ আঁত ধৰে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভাই। পুৱাৰ ভাগত ৰাভা জনগোষ্ঠী লোকসকলৰ পৰম্পৰা আৰু নীতি–নিয়ম অনুসৰি লাঙা দেৱতালৈ নৈবদ্য আগবঢ়োৱা হয়। পুজাৰীৰ মাংগলিক পৰ্ব সমাপ্ত হোৱাৰ পাছত আয়তীসকলৰ উৰুলি–ধ্বনিৰে প্ৰতিষ্ঠা…
Read More
চিমলুগুৰি আৰু মেৰবংচুবাত ১৫ দিনীয়া তাঁত প্ৰশিক্ষণ সম্পন্ন, পৰম্পৰাৰ সৈতে উদ্ভাৱনৰ মিলন

চিমলুগুৰি আৰু মেৰবংচুবাত ১৫ দিনীয়া তাঁত প্ৰশিক্ষণ সম্পন্ন, পৰম্পৰাৰ সৈতে উদ্ভাৱনৰ মিলন

THREAD প্ৰকল্পৰ অধীনত চতুৰ্থ উৎপাদন উন্নয়ন প্ৰশিক্ষণ কাৰ্যসূচী (PDTP) সফলতাৰে সম্পন্ন হ’ল। এই ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ২০২৬ চনৰ ১৭ জুনৰ পৰা ৩ জুলাইলৈ অসমৰ উদালগুৰি জিলাৰ চিমলুগুৰি আৰু মেৰবংচুবা গাঁৱত অনুষ্ঠিত হৈছিল। মুঠ ৬২ গৰাকী তাঁতশিল্পীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। ইয়াৰে চিমলুগুৰি আৰু মেৰবংচুবা গাঁৱৰ পৰা প্ৰত্যেকৰে পৰা ৩১ গৰাকীকৈ শিল্পী আছিল। পৰম্পৰাগত তাঁতশিল্পৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখি এই উদ্যোগে শিল্পীসকলক জেকাৰ্ড মেচিন চলোৱা, ডিজাইন উন্নয়ন, পেটাৰ্ণ সৃষ্টি আৰু উৎপাদনৰ বৈচিত্ৰ্যকৰণৰ ক্ষেত্ৰত হাতে-কামে অভিজ্ঞতা প্ৰদান কৰে। ১৫ দিনীয়া এই কাৰ্যসূচীৰ লক্ষ্য আছিল - উন্নত জেকাৰ্ড তাঁত প্ৰযুক্তিৰ জৰিয়তে স্থানীয় শিল্পীসকলৰ কাৰিকৰী দক্ষতা বৃদ্ধি কৰা পৰম্পৰাগত হস্ততাঁত সামগ্ৰীত উদ্ভাৱনক উৎসাহিত…
Read More
অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ

অব্যাহত বান-ভূমিস্খলনৰ সংহাৰ; অৰুণাচলত পুনৰ ধ্বস, ব্যাহত সীমান্তমুখী ৰাষ্ট্ৰীয় ঘাইপথ

অৰুণাচল প্ৰদেশত এতিয়াও ঘূৰি অহা নাই স্বস্তি। অব্যাহত বৰষুণৰ মাজতে এইবাৰ পুনৰ ভূমিস্খলনে জোকাৰি গ'ল পশ্চিম কামেং জিলা। ধ্বংসৰ ফলত ব্যাহত হৈছে সীমান্ত সংযোগী গুৰুত্বপূৰ্ণ বালিপাৰা-চাৰদুৱাৰ-তাৱাং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত, আনহাতে আগন্তুক কেইদিনো ৰাজ্যখনত প্ৰবল বৰষুণ অব্যাহত থকাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। অবিৰত বৰষুণৰ ফলত পাহাৰৰ ঢাল পানীৰে সংপৃক্ত হৈ পৰাত পশ্চিম কামেং জিলাৰ একাধিক স্থানত ভূমিস্খলন আৰু বালি-মাটিৰ সোঁত বয়। ইয়াৰ ফলত সীমান্ত অঞ্চলৰ সৈতে সংযোগ ৰক্ষা কৰা বালিপাৰা-চাৰদুৱাৰ-তাৱাং ঘাইপথৰ কেইবাটাও অংশত যাতায়াত ব্যাহত হৈ পৰে। দেওবাৰে সন্ধিয়ালৈকে পশ্চিম কামেং জিলাত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই। কিন্তু আগন্তুক কেইদিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ধুমুহাসহ প্ৰবলৰ পৰা অতি প্ৰবল…
Read More
কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

কাছাৰত ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সফলতা; জব্দ ৩ হাজাৰ য়াবা টেবলেট, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

মাদক সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযানত পুনৰ লাভ হৈছে এক উল্লেখযোগ্য সফলতা। এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিল এজন অভিযুক্ত। নিশাৰ অভিযানত জব্দ কৰা হ'ল বজাৰত লাখ লাখ টকাৰ মূল্যৰ ৩ হাজাৰ নিষিদ্ধ য়াবা টেবলেট। বিশেষ সূত্ৰৰ ভিত্তিত কাটিগড়া আৰু কালাইন আৰক্ষী থানাৰ যৌথ দলে কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত কে এইচ পথৰ লাটিমাৰা এলেকাত এই অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ৩ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰাৰ লগতে হাছান আহমেদ নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজন কাটিগড়া আৰক্ষী থানাৰ অন্তৰ্গত লাহমালি গাঁৱৰ আব্দুল মতিনৰ পুত্ৰ। জব্দ কৰা য়াবা টেবলেটখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাৰ সন্দৰ্ভত মাদক…
Read More
মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়তে দেৱাল খহি মৃত্যু চৰকাৰী চিকিৎসকৰ

মেৰামতিৰ কাম পৰিদৰ্শনৰ সময়তে দেৱাল খহি মৃত্যু চৰকাৰী চিকিৎসকৰ

কৰ্তব্য পালন কৰোঁতেই প্ৰাণ গ'ল এগৰাকী চৰকাৰী চিকিৎসকৰ। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি থকা সময়তে দেৱাল খহি পৰাত মৃত্যু হয় চিকিৎসকজনৰ। শনিবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হয় এই শোকাৱহ ঘটনা। নিহত চিকিৎসকজন হৈছে নাৰায়ণবাগাদ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ নবীন ডিমৰি। ৪৫ বছৰীয়া চিকিৎসকজন চামোলি জিলাৰ গোপেশ্বৰ সমষ্টিৰ দেৱলধাৰ গাঁৱৰ বাসিন্দা। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যোৱা ২৮ জুনত ভূমিস্খলন আৰু হঠাৎ হোৱা বানত স্বাস্থ্যকেন্দ্ৰটোৰ ক্ষতিগ্ৰস্ত অংশৰ মেৰামতি চলি আছিল। শনিবাৰে দুপৰীয়া সেই কাম পৰিদৰ্শন কৰি থকা সময়তে হঠাতে এটা দেৱাল খহি চিকিৎসকজনৰ ওপৰত পৰে। ফলত ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ডাঃ ডিমৰি। ঘটনাস্থলত উপস্থিত কৰ্মচাৰীসকলে তৎক্ষণাত উদ্ধাৰ অভিযান…
Read More
বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি

বহু প্ৰত্যাশিত ডুৰাণ্ড কাপৰ বাবে সাজু উত্তৰ-পূব; মেঘালয়ত প্ৰতিযোগিতাৰ তিনিটা ট্ৰফীক আদৰণি

বহু প্ৰত্যাশিত ফুটবলৰ মহাৰণ ডুৰাণ্ড কাপক লৈ এতিয়া উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে উচ্ছ্বাস। অহা ২৫ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া এছিয়াৰ সৰ্বপ্ৰাচীন এই ফুটবল প্ৰতিযোগিতাক কেন্দ্ৰ কৰি আয়োজক ৰাজ্যসমূহত ব্যস্ততা তুংগত থকাৰ সময়তে শনিবাৰে মেঘালয়ে উষ্ম আদৰণি জনালে প্ৰতিযোগিতাখনৰ তিনিটা ঐতিহ্যমণ্ডিত ট্ৰফীক। ট্ৰফীকেইটা শ্বিলঙত উপস্থিত হোৱাৰ লগে লগে মেঘালয়ত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ডুৰাণ্ড কাপৰ ট্ৰফী পৰিভ্ৰমণ কাৰ্যসূচী। অহা কেইদিনত শ্বিলঙৰ লগতে জোৱাই আৰু তুৰালৈও ট্ৰফীকেইটা লৈ যোৱা হ'ব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে সাধাৰণ ৰাইজে ট্ৰফীকেইটা ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিব। ৰাজ্যিক সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ট্ৰফী প্ৰদৰ্শনী আৰু শুভাৰম্ভ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বিল্লা, ১০১ এৰিয়াৰ জিঅ'চি লেফটেনেণ্ট জেনেৰেল…
Read More
কৈলাসপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ মাহিলী বৈঠকত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

কৈলাসপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ মাহিলী বৈঠকত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ কৈলাসপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ জুলাই মাহৰ মাহিলী বৈঠকখন  কৈলাসপুৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। বৈঠকত ২০২৫ - ২০২৬ বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ  মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।  চিৰ চেনেহী ভাষা জননী গীতেৰে শুভাৰম্ভ  হোৱা বৈঠকত  কৃতি  শিক্ষাৰ্থীসকলক  ফুলাম গামোচা ,  মানপত্ৰ ,  কিতাপৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জনোৱা হয় ৷ আনহাতে সমিতিৰ সম্পাদিকা  নিভা ৰাণী বৰাই আঁত ধৰা বৈঠকখন পৰিচালনা কৰে সমিতিৰ সভানেত্ৰী ৰীণা শৰ্মাই । বৈঠকত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে পল্টন বজাৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ডঃ নৱনীতা বৰদলৈয়ে ।…
Read More
গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ

গুৱাহাটীত মহিলা ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ; জব্দ ৭৮ গ্ৰাম হেৰ’ইন, উদ্ধাৰ চুৰি হোৱা মোবাইল-লেপটপ

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায়ৰ আঁৰত সক্ৰিয় আছিল চুৰি হোৱা সামগ্ৰীৰো কাৰবাৰ। মহানগৰীত এই অভিযোগতে আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইনৰ লগতে একাধিক চুৰি হোৱা ইলেক্ট্ৰনিক সামগ্ৰী আৰু নগদ ধন। পূব গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্গত বশিষ্ঠ আৰক্ষী থানাৰ দলে বৰ্ণিহাটৰ আমতলা বস্তিত চলোৱা এক অভিযানত ৩০ বছৰীয়া নেহাৰ বেগমক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সন্দেহ, ড্ৰাগছ সৰবৰাহৰ সমান্তৰালভাৱে চুৰি হোৱা সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ সৈতেও জড়িত আছিল অভিযুক্তগৰাকী। অভিযানত অভিযুক্তগৰাকীৰ কবলৰ পৰা ৭৮ গ্ৰাম ওজনৰ ৬৭টা হেৰ'ইনভৰ্তি ভায়েল, ২১৪টা খালী ভায়েল, চুৰি হোৱা ৯টা মোবাইল ফোন, এটা টেবলেট, এটা লেপটপ আৰু ১ লাখ ৩৬ হাজাৰ ৮০ টকা নগদ…
Read More
আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। এই সময়ছোৱাত দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল দুয়োফালৰ পৰা নিষিদ্ধ কৰা হৈছে।পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। মেৰামতিৰ কাম সুচাৰুৰূপে চলাই নিবলৈ আৰু যান-জঁটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনে ৩১ জুলাইলৈকে গধূৰ যান-বাহনৰ গতিপথ সলনি কৰি দিছে।এই নতুন নিয়ম কেৱল গধূৰ মালবাহী বাহনসমূহৰ বাবেহে প্ৰযোজ্য হ’ব। যাত্ৰীবাহী বাছ আৰু সৰু ব্যক্তিগত বাহনসমূহ এই নিষেধাজ্ঞাৰ আওতাৰ পৰা মুক্ত থাকিব।
Read More
ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ

শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু আদিত্য ৰাভাক মুকলি কৰি দিয়াৰ দাবীত বিধানসভা চৌহদত প্ৰতিবাদ ।অখিল গগৈ আৰু ধিঙৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মুখতাৰে সোমবাৰে ক'লা পোচাক পৰিধান কৰি আৰু মুখত ক'লা কাপোৰ বান্ধি বিধানসভালৈ আহিল ।শেহতীয়াকৈ মানৱ অধিকাৰ কৰ্মী প্ৰণৱ দলে আৰু কৃষক নেতা আদিত্য ৰাভাক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ৰাইজৰ দলৰ বিধায়ক দুজনে এনেদৰে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিলে । প্ৰতিবাদৰ জৰিয়তে অখিল গগৈয়ে দুয়োগৰাকী নেতাক শীঘ্ৰে মুকলি দিয়াৰ দাবী জনায় ।অখিল গগৈয়ে সংবাদ মাধ্যমক ক'লে, "কালি আপোনালোকে দেখিছে যে অসমৰ এগৰাকী কৃষক নেতাক গ্ৰেপ্তাৰ কৰিলে । এদিন পূৰ্বে জনজাতীয় নেতা আদিত্য ৰাভাকো গ্ৰেপ্তাৰ কৰিছিল ।…
Read More