15
Jul
এতিয়াও শেষ হোৱা নাই এগৰাকী মাতৃৰ সংগ্ৰাম! পুত্ৰৰ মৃত্যুৰ পিছতো ন্যায়ৰ আশাত প্ৰতিদিনে তেওঁৰ ফটোৰ সন্মুখত থিয় হৈ কথা পাতি আছে মাতৃয়ে। এইবাৰ সেই ন্যায়ৰ দাবীকে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন আৱেগিক পত্ৰ প্ৰেৰণ কৰিলে কেতন আগৰৱালৰ মাতৃ ৰাখী আগৰৱালে। পত্ৰখনত ৰাখী আগৰৱালে লিখে যে, "প্ৰতিগৰাকী মাতৃৰ দৰেই মইও সপোন দেখিছিলোঁ, কেতনে সুন্দৰ জীৱন গঢ়িব, বিয়া কৰাব আৰু আমাৰ সৈতে বুঢ়া হ'ব। কিন্তু তাৰ সলনি নিজৰ সন্তানৰ শেষকৃত্য সম্পন্ন কৰিবলগীয়া হ'ল। এগৰাকী মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ যন্ত্ৰণা আৰু একোৱেই হ'ব নোৱাৰে।" তেওঁ কয় যে, আজিও ঘৰৰ প্ৰতিটো কোণে কেতনৰ স্মৃতি সজীৱ কৰি ৰাখিছে। তেওঁৰ কোঠা, কাপোৰ, ফটো আৰু তেওঁৰ হাঁহিৰ…
