ভিয়েটনামত স্পীডবোট দুৰ্ঘটনা; ১৫ জনৰ মৃত্যুৰ আশংকা, আছিল ৩২ ভাৰতীয় পৰ্যটক

ভিয়েটনামত সংঘটিত এক স্পীডবোট দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ভাৰতীয়সহ ডজনৰো অধিক পৰ্যটকে। শনিবাৰে দেশখনৰ ফুকুৱক দ্বীপৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

ভিএন এক্সপ্ৰেছ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি, হন মে ৰুটৰ পৰা আন থই বন্দৰলৈ যোৱা স্পীডবোটখনত ৩২ জন ভাৰতীয় পৰ্যটক আৰু চাৰিজন কৰ্মচাৰী আছিল। হন মে ৰুট ঙোৱাই উপকূলৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত নাওখন উলটি যোৱাত সকলো যাত্ৰী সাগৰত পৰি যায়।

স্থানীয় প্ৰশাসনে জনোৱা মতে, ওচৰত থকা পৰ্যটকবাহী নাওসমূহে প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত সীমান্তৰক্ষী বাহিনী, নৌসেনা, উপকূলৰক্ষী বাহিনী আৰু আন জৰুৰীকালীন সেৱাৰ দল ঘটনাস্থলীত উপস্থিত হয়।

স্থানীয় সংবাদমাধ্যমে এই দুৰ্ঘটনাত ১৫ জনৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে যদিও ভাৰতীয় দূতাবাসে এতিয়াও নিহতসকলৰ পৰিচয় বা ভাৰতীয় নাগৰিকৰ মৃত্যুৰ তথ্য আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই।

ইফালে, হানয়স্থিত ভাৰতীয় দূতাবাসে জনোৱা মতে, ঘটনাৰ পিছতে হানয়স্থিত দূতাবাস আৰু হ’ চি মিন চহৰত থকা ভাৰতীয় কনছুলেটত নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে ভুক্তভোগীসকলৰ বিষয়ে তথ্য সংগ্ৰহৰ কামো চলি আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *